উইলিয়াম শ্যেইকছপীয়েৰ
শ্যেইপীয়েৰে ৰচনা কৰা কৈইখনমান নাটক
কমেডী ট্ৰেজেডী
দ্য মাচেন্ট অব ভেনিচ ৰোমিঅ’ জুলিয়েট
এজ ইউ লাইক ইট হেমলেট
এ মিড চামাৰ নাইট ড্ৰিম অথেল'
মিজাৰ ফৰ মিজাৰ কিং লিয়েৰ
দ্য টেমপেষ্ট এন্টনি আৰু ক্লিঅ'পেট্ৰা
১)প্ৰথমে কোৱা তাৰ পাছত লিখা্ঁ :
ক) ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবি জনৰ নাম কি?
উত্তৰঃ ইংলেণ্ডৰ জাতীয় কবি আখ্যা পোৱা কবিজনৰ নাম উইলিয়াম শ্যেইক্ছপীয়েৰ।
খ) তেও্ঁ “ছনেট” শ্ৰেনীৰ কিমানটা কবিতা ৰছনা কৰিছিল?'ছনেট'ৰ বিষয়ে এটি টোকা লিখা?
উত্তৰঃতেওঁ 'ছনে'ট শ্ৰেণীৰ 'এশ চৌৱনটা' কবিতা ৰচনা কৰিছিল।
গ) নাট্যকাৰ হিচাপে আত্মপ্ৰকাশ কৰোঁতে শ্যেইপীয়েৰে কি অসুবিধাৰ পাইছিল আৰু কিয়?
উত্তৰঃযেতিয়া নাটক ৰচনাত হাত দি সফলকাম হৈছিল তেতিয়া সেই সময়ৰ ৰৰ্বাট গ্ৰীন নামৰ নাট্যকাৰজনে শ্যেইক্চপীয়েৰৰপ সফলতাত ঈৰ্ষান্বিত হৈন "আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী"আখ্যা দি হাঁহিছিল। কিন্তু শ্যেক্চপীয়েৰৰ এই যাত্ৰা আছিল অপ্ৰতিৰোধ্য। তেওঁ ইখনৰ পাছত সিখনকৈ সাতত্ৰিছখন নাটক ৰচনা কৰিলে। সোতৰখন কমেডী নাটক , দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটকেৰে অবিসম্বাদী নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰে।
ঘ) তেও্ঁ কিমানখন নাটক লিখিছিল আৰু সেইবোৰ কেনেধৰণৰ নাটক আছিল তেও্ঁ লিখা কেইখনমান নাটকৰ নাম লিখা্ঁ|
উত্তৰঃতেওঁ সৰ্বমুঠ সাতত্ৰিছখন নাটক লিখিছিল আৰু সেইবোৰৰ সোতৰখন কমেডী নাটক , দহখন ট্ৰেজেডী নাটক আৰু দহখন বুৰঞ্জীমূলক নাটক ৰচনা কৰে । তেওঁ লিখা নাটক কেইখনমানৰ নাম- মিজাৰ উৰ মিজাৰ, হেমলেট, অথেল', মেকবেথ আদি।
ঙ) শ্যেইপীয়েৰৰ পাৰিবাৰিক জীৱনৰ বিষয়ে এটি টোকা যুগুত কৰাঁ|
উত্তৰঃ শ্যেইক্চপীয়েৰৰ জন্ম হিছিল লণ্ডৰপৰা ১১০ মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্ট্ৰেটফৰ্ডৰ-আপন- এভনত , ১৫৬৪ চনত। দেউতাক জন শ্যেইক্ছপীয়েৰ আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়াৰী। মাক দেুতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্ট্ৰেটফ'ৰ্ড গ্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰে। স্কুলত তেওঁ লেটিন ভাষা আৰু সাহিত্য অধ্যয়ন কৰে। সেই সময়ত লেটিন এটা অতি দৰকাৰী সংযোগী ভাষা আছিল । ছাত্ৰ হিছাপে তেওঁ অধ্যয়নপিপাসু মনৰ ছাত্ৰ আছিল । উইলিয়ামৰ চৈধ্য বছৰ মান বয়সত দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়ায় । ১৫৮২ চনত তেওঁ এনি হেথাৱেৰ লগত বিবাহপাশত আৱদ্ধ হয়। চুযানা , জুদিথ আৰু হেমনেট নামৰ তিনিটা সন্তানৰ পিছতে লণ্ডনলৈ উঠি আহে। ইয়াৰ পাছতে তেওঁ সাহিত্যিক জাৱন আৰম্ভ হয়।
২) কোনে, কাক, কেতিয়া কৈছিল লিখা্ঁ :
“আমাৰ পাখিৰে নিজকে সুন্দৰকৈ সজোৱা মাটি ফুটি ওলোৱা কাউৰী |”
উত্তৰঃযেতিয়া শ্যেক্ছপীয়েৰে সাহিত্যত প্ৰসিদ্ধি লাভ কৰে তেতিয়া লণ্ডনৰ ৰবাৰ্ট গ্ৰীন নামৰ নাট্যকৰ জনে শ্যেক্চপীয়েৰক কৈছিল।
৩) চমু টোকা লিখা্ঁ |
ক) নাটকঃ য'ত এজন সাহিত্যিকে নিজৰ কল্পনাৰে এটা দীঘলীয়া মূহুৰ্ত ৰচনা কৰি আমাৰ আগত নঞ্চস্থ কৰে সেয়াই নাটক। কিছু নাটক কমেডীৰ হয় কিছু হয় ট্ৰেজেডী।
খ)কমেডীঃ যিবোৰ কবিতা , গল্প আনন্দদায়ক হয় সেইবোৰক কমেডী বুলি জনা যায়। শ্যেক্ছপীয়েৰে দঙখন কমেডী ৰচনা কৰে। তেওঁৰ এখন কমেডী নাটকৰ নাম মিজাৰ উৰ মিজাৰ।
গ) ট্ৰেজেডীঃ যিবোৰ নাট বা কবিতা , গল্প কৰুণাময় , য'ত দুক প্ৰকাশ পায় সেইবোৰ ট্ৰেজেডী বোলে। শ্যেক্ছপীয়েৰে ৰচনা কৰা ট্ৰেজেডী নাট হ'ল -হেমলেট ,অথেল' আদি।
ঘ) গ্ল’ব থিয়েটাৰঃ
৪) বাক্য ৰচনা কৰা্ঁ:
তোলপাৰঃশ্যেক্ছপীয়েৰে সাহিত্যক জীৱনত এক আপূৰ্ব তোলপাৰ লগাইছিল।
সফলকামঃ সফলকাম কৰিবলৈ অদম্য সাহস লাগীব।
মূৰ দো্ঁওৱাঃ ডাঙৰক সন্মানৰ হেতু মূৰ দোঁওৱাব লাগে।
৫) খালী ঠাই পূৰ কৰা্ঁ :
ক) কবিতা ৰচনা কৰা লোক=কবি, সাহিত্যিক।
খ) নাটক ৰচনা কৰা লোক =নাট্যকাৰ।
গ) অভিনয় কৰা লোক =অভিনেতা।
ঘ) ব্যৱসায় কৰা লোক= ব্যৱসায়ী।
ঙ) খেতি কৰি জীৱিকা নিবাহ কৰা লোক=কৃষক।