১) একোটিকৈ বাক্যত উত্তৰ দিয়া
ক) মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰানীয়ে কি কৰে?
উত্তৰঃ মনত ৰং বা আনন্দ লাগিলে মানুহ বা আন প্ৰাণীয়ে সেই আনন্দক নানা ধৰনৰ দৈহিক অংগ-ভংগী বা মুখেৰে মাতি প্ৰকাশ কৰে।
খ) নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম লিখা্ঁ?
উত্তৰঃ নদীৰ পাৰত গঢ়ি উঠা এটা মানৱ সভ্যতাৰ নাম হ'ল-নীল নদীৰ সভ্যতা।
গ) লোকগীত-মাতবোৰে জাতি এটাৰ কি কি দিশৰ পৰিচয় বহন কৰে?
উত্তৰঃলোকগীত মাতবোৰে জাতি এটাৰ হাহিঁ-কান্দোন, সুখ-দুখ, প্ৰাৰ্থনা-উপাসনা, সামাজিক আচাৰ, পৰম্পৰা,নীতি-উপদেশ আদি সকলোবোৰ দিশৰ পৰিচয় বহন কৰে।
ঘ) কেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম উল্লেখ কৰাঁ?
উত্তৰঃকেইবিধমান অসমীয়া লোকগীত-মাতৰ নাম হ'ল -ধৰ্মীয় অনুষ্ঠানমূলক গীত, সামাজিক অনুষ্ঠানমূলক গীত , কাহিনী গীত, নিচুকনি গীত বা ল'ৰা-ধেমালিৰ গীত আদি।
ঙ) দোতাৰা আৰু টোকাৰী কেনেদৰে গীতত সংগত কৰা হয়?
উত্তৰঃদোতাৰা আৰু টোকাৰী লোকগীতত সংগত কৰা হয়।
চ) কাহিনী গীতবোৰ আন কি নামেৰে জনা যায়?
উত্তৰঃ কহিনী গীতবোৰ মালিতা নামেৰে জনা যায়।
ছ) বুৰঞ্জীমূলক মালিতা কাক বোলে?
উত্তৰঃবুৰঞ্জীৰ কাহিনীৰ আধাৰত ৰচিত মালিতাবোৰ বুৰঞ্জীমূলক মালিতা বোল।
২) চমুকৈ উত্তৰ দিয়া
ক) কিংবদতন্তিমূলক মালিতা কাক বোলে দুটা কিংবদন্তিমূলক মালিতা নাম লিখাঁ ।
উত্তৰঃ কিংবদন্তিৰ আধাৰত ৰচিত মালিতাবোৰক কিংবদন্তিমূলক মালিতা বোলা হয়।
দুটা কিংবদন্তিমূলক মালিতাৰ উদাহৰণ হ'ল -কমলা কুঁৱৰীৰ গীত, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত ।
খ) লোকগীত বুলিলে কি বুজা লোকগীতৰ কেইটামান ভাগ লিখা।
উত্তৰঃআমাৰ সমাজত প্ৰচলিত ধৰ্মীয় অনুষ্ঠানমূলক গীত, সামাজিক অনুষ্ঠানমূলক গীত, কাহিনী গীত, নিচুকনি গীত এই সকলোবোৰকে একেলগে লোকগীত বুলি কোৱা হয়।
এয়াৰ ভাগকেইতামান হ'ল- কাহিনী গীত, নিচুকনি গীত আদি।
গ) মহখেদা গীত কত গোৱা হয়? এইবিধ গীত সময়ত নাগালে লোকবিশ্বাস মতে কৰি হয়?
উত্তৰঃঅসমৰ গাওঁ অঞ্চলত প্ৰচলিত মহখেদা গীত গোৱা হয়। এইবিধ গীত সময়ত নাগালে মহৰ উপদ্ৰৱ নুগুচে বুলি লোকবিশ্বাস আছে।
ঘ) কি বিষয়বস্ত অৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে?
উত্তৰঃগোৱালপৰীয়া লোকগীতৰ মাজত 'মাহুত' বা হাতীৰ মাউত, 'মইষাল' বা ম'হৰ গুৱাল, 'বাইষাল' বা নাৱৰীয়া লোকৰ দুখ কষ্টবোৰ আৱলম্বন কৰি গোৱালপৰীয়া লোকগীত ৰচিত হৈছে।
৩) চমু টোকা লিখা
ক) মালিতাঃ পুৰণি দিনৰ ঘটনা বা কিংবদন্তিমূলক কাহিনী সুৰ লগাই গোৱা হয় এইবোৰেই মালিতা। মালিতা দুই প্ৰকাৰৰ বুৰঞ্জীমূলক আৰু কিংবদন্তিমূলক।
খ) বিয়ানাম (গীত)ঃ লোকগীতৰ ভাগসমূহৰ এটা এৰিব নোৱাৰা অংশ। অসমীয়া সমাজৰ বিবাহ উৎসৱত এই গীত গোৱা হয়।
গ) নিচুকনি গীত ঃ নিচুকনি গীত মাকে নিজৰ সন্তানক টোপনি নিবৰ বাবে এই গীত গোৱা হয়। ইয়ো হৈছে লোকগীতৰ এটা অংশ।
গ) নদী সভ্যতাঃপৃথিৱীৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ বছৰ ধৰি নানা জাতি-গোষ্ঠীৰ মানুহৰ সভ্যতা গঢ় লৈ উঠিছিল। তাৰে ভিতৰত নীল নদীৰ সভ্যতা, হোৱাংহো নদীৰ পাৰৰ সভ্যতা, গংগা উপত্যকাৰ সভ্যতা আদি।
৪) বাক্য ৰচনা কৰা
সুৱদীঃ কুলিৰ মাত বৰ সুৱদী।
সুৰঃ সুৰৰ অবিহনে গীত আধৰোৱা।
উকা-উকাঃ মাঘৰ বিহুত মেজি নজ্বলালে মন উকা-উকা লাগে।
মন চুই যোৱাঃভূপেন হাজৰিকাৰ গীত শুনিলে আমাৰ মন চুই যায়।
শোচনীয় অৱস্থাঃসেই দুখিয়াজনৰ জীৱন বৰ শোচনীয় অৱস্থাৰ।