১) একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ
ক) কাগজ আৰু কলমৰ জংক-পংক দেখি সোনতিয়ে কাক মাতিছিল?
উত্তৰঃ কাগজ আৰু কলমৰ জংক-পংক দেখি সোণতিয়ে দেউতাক আৰু আইতাকক মাতিছিল।
খ) কাগজ-কলমে সোণটিৰ পঢ়া মেজখন কি কৰি পেলাইছিল?
উত্তৰঃ কাগজ-কলমে সোণটিৰ পঢ়া মেজখন শৰাইঘাট কৰি পেলাইছিল।
গ) কাগজে কাক মহাপুৰুষ বুলি কৈছে?
উত্তৰঃ কাগজে কলমক মহাপুৰুষ বুলি কৈছিল।
ঘ) কাগজ আৰু কলমে কিহৰ ছেৱত যুদ্ধত নামিছিল?
উত্তৰঃ কাগজ আৰু কলমে ৰণচালি ধৰি যুদ্ধত নামিছিল।
ঙ) সোনটিক আইতাকে কিহৰ কাৰণে ছুটি দিছিল?
উত্তৰঃ ডাঙৰ খৰিয়ালখন মিট্মাট্ কৰা বাবে সোণটিক আইতাকে চুটি দিছিল।
২) ‘কাগজ-কলমৰ ৰণ নাটকখনিৰ কাহিনীটো তোমাৰ কথাৰে লিখা্ঁ।
উত্তৰঃ সোণটি নামৰ লৰা এটাই অংক কৰি থাকোতে তাৰ টেবুলখন শৰাইঘাটৰ ৰণৰ দৰে হ'ল।
কাগজে কলে-মোৰ বুকুত ডাঙৰ-ডাঙৰ কথা লিখা থাকে।
কলম- তই বুজি নাপায় বাবে লিখিব লাগে।
কাগজ- তই মনে মনে থাক মোক গালি পাৰি নাথাকিবি।
কলম- একেবাৰতে মই তোৰ গা ফালি দিব পাৰো।
কাগজ-তোৰ ভোক চিয়াহীয়ে গুচাব নোৱাৰিলে, তোৰ ইমান খং কিয়।
কলম- তোৰ গাত মোৰ দৰে ৰস নাই গোটেই গাটো শুকান।
কাগজ-মহাপুৰুষ তই কলা পানী খায়।
এনেদৰে দুয়োটাই কাজিয়া লাগিল।
সোণটিৰ পঢ়া সামৰণি মাৰিব লগা হ'ল।
৩) কাগজ’ৰ বিষয়ে এখনি ৰচনা লিখাঁ।(২০০ শব্দৰ ভিতৰত)
উত্তৰঃ
৪) বাক্য ৰচনা কৰাঁ ।
গপত গঙ্গাটোপ,- ৰামৰ প্ৰশংসা কৰাত সি গপত গঙ্গাটোপ হ'ল।
বুধিৰ ঢে্ঁকী-থোৰা,- ৰাম বুদ্ধিত ঢেঁকী-থোৰা।
ঠেহ-পাত,- সীতা মাকে গালি দিয়াৰ বাবে ঠেহ-পাতিছে।
বাংকৰা কথা, - ৰামৰ কাম নাই আৰু সি বাৰে বাং কৰা কথাবোৰ কয় থাকে।
মিটমাট কৰ্- ডাঙৰ খৰিয়ালখনে মিট্মাট্ কৰিছে।
৫) টাং গুটি আৰু আন কিছুমান থলুৱা অসমীয়া খেলৰ বিষয়ে লিখাঁ।
উত্তৰঃ পাৰ-পুখুৰী, হুই, গম-পিঠা, কুকুৰা যুঁজ, টেকেলী ভঙা খেল, লুকা-ভাকু, ৰছী টনা, চেংগুটি আদি।
৬) একে অৰ্থ বুজোৱা শব্দ লিখাঁ
গপ= অহংকাৰ
নিমজ= সহজ-সৰল
লেঠা= অসুবিধা
শুকান= নিৰ্জল
চিয়া্ঁহী= মহী
খৰিয়াল= এবিধ সৰু গছ ( হেমকোষ ৩৭৪)
৭) চমু টোকা লিখাঁ
বাতৰিকাকত- বাতৰি কাকত আমাৰ জীৱনৰ এক অবিচিন্ন অংগ। ৰাতিপুৱা বহুতো মানুহে বাতৰি কাকৰ পঢ়ে। বাতৰি কাকতত বহুতো নজনা কথা থাকে। দেশ- বিদেশৰ খবৰ আমি ঘৰতে বহি লব পাৰো। বাতৰি কাকতত বহুতো মানুহৰ আলোচনী কবিতা আদি দিয়ে। বাতৰি কাকতত খেল, ৰাজনৈতিক খণ্ডৰ খবৰ আদি দিয়ে।
সা্ঁচিপাত- সাঁচিপাত হৈছে "সাঁচিগছ" ৰ ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী । মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে । অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত । পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেৰাসৱৰ অনুগামীসকলৰ তত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে । এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে ।
তালপাত- তালপাত হ'ল তাল গছৰ পাত। এই পাতেৰে বহুতো সামগ্ৰী তৈয়াৰ কৰা হয়। ইয়াৰ পাতেৰে দিচ, জাপি, আদিৰ দৰে সামগ্ৰী তৈয়াৰ কৰা হয়।
৮)উদাহৰণটো চাই বাকীবিলাক কৰাঁঃ
কাগজ আৰু কলম= কাগজ-কলম
বাতৰিৰ কাকত= বাতৰিকাকত
ৰণৰ চালি =ৰণচালি
তালৰ পাত=তালপাত
মহান যি পুৰুষ= মহাপুৰুষ
ঢে্ঁকীৰ থোৰা= ঢেঁকীথোৰা