১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ
ক) বিদ্যালয়খনলৈ অহা ওখ-পাখ,শকত-আৱত মানুহজন কোন আছিল?
উত্তৰঃ সেই বিদ্যালয়খনৰ শিক্ষক আছিল।
খ)সীতানাথ ব্ৰক্ষচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ কি কৰিছিল?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ভাইচ চেয়াৰমেনৰ দায়িত্ব লৈ এখন বিদ্যালয়ৰ বাহিৰে ধুবুৰী মহকোমাৰ সকলোবোৰ বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম অসমীয়া কৰালে। ইয়াৰোপৰি সেই সময়ত বড়ো অধ্যুষিত অঞ্চলসমূহৰ বহুতো লোক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছিল তেখেতৰ প্ৰচেষ্টাত এই অঞ্চলসমূহত বিদ্যালয় স্থাপন হ'ল। ৰাস্তা-ঘাটৰ নিৰ্মাণৰ কামো কৰিছিল।
গ) ব্ৰক্ষচৌধুৰীয়ে ৰচনা কৰা যুক্তাক্ষৰবিহীন কিতাপখনৰ নাম কি ?
উত্তৰঃ 'গাওঁ সংগঠন'।
ঘ) ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰক্ষচৌধুৰীয়ে কোন সমষ্টিৰপৰা আৰু কি সভাৰ সদস্যৰুপে নিৰ্বাচিত হৈছিল?
উত্তৰঃ ১৯৫২ চনত হোৱা অসমৰ সাধাৰণ নিৰ্বাচনত ব্ৰহ্মচৌধুৰীয়ে গোৱালপাৰা-গাৰোপাহাৰ সংসদীয় সংষ্টিৰ পৰা লোকসভাৰ সদস্য ৰূপে নিৰ্বাচিত হৈছিল।
ঙ) তেওঁকোন চনত বঙাইগা্ঁৱত কলেজ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃতেওঁ ১৯৬৪ চনত বঙাইগাঁৱত কলেজ প্ৰতিষ্ঠা কৰিছিল।
চ) তেওঁ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃতেওঁৰ কবিতা পুথিখনৰ নাম 'কদম কলি'।
ছ) ‘মিলনত কি ছদ্মনামত ব্ৰহ্মচৌধুৰীয়ে কবিতা লিখি আলোড়নৰ সৃষ্টি কৰিছিল?
উত্তৰঃ মিলনত 'তিলোত্তমা বৰুৱা' ৰ ছদ্মনামত ব্ৰহ্মচৌধুৰীয়ে কবিতা লিখি আলোড়লনৰ সৃষ্টি কৰিছিল।
জ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বিদ্যালয়খনত ইংৰাজী পঢ়োৱা শিক্ষকজনৰ নাম কি?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে পঢ়া বিদ্যালয়খনত ইংৰাজী পঢ়োৱা শিক্ষকজনৰ নাম 'হাৰান সেন'।
২) সীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্তী বুলি কওঁতে সৰুকালত কি ধাৰনা আছিল?
উত্তৰঃসীতানাথ ব্ৰহ্মচৌধুৰীৰ মনত মন্ত্ৰী বুলি কওঁতে সৰুকালত ধাৰণা আছিল যে মন্ত্ৰী মানুহজনে গাত চকা-মকা, ক'লা-বগা ফুলৰ পোছাক পিন্ধে আৰু মূৰত জিলমিলিয়া মুকুটো পিন্ধে।
৩) সীতানাথ ব্ৰহ্মচৌধুৰীৰ সমাজসেৱাৰ বিষয়ে লিখা?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে অসমৰ বিদ্যালয়ৰ যিক্ষাৰ মাধ্যম বাংলাৰ পৰা অসমীয়া কৰিলে। বহুতো অঞ্চলত বিদ্যালয় নথকাৰ বাবে লোকসকল শিক্ষাৰ পৰা বঞ্চিত আছিল তেখেতে সেই অঞ্চলত বিদ্যালয় প্ৰতিষ্ঠা কৰিলে। বহুতো অঞ্চলত ৰাস্তা-ঘাটৰ সমস্যা আছিল সেই অঞ্চলত ৰাস্তা-ঘাট বনোৱাৰ ব্যৱস্থা কৰিলে।
৪) সীতানাথ ব্ৰহ্মচৌধুৰীৰ সাহিত্যিক জীৱনৰ বিষয়ে লিখাঁ ।
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী এজন কবি, সাহিত্যিক আছিল। তেখেতে কদম কলি নামৰ এখন কবিতা পুথি ৰচনা কৰিছিল। আবেগ আৰু চকুলো নামৰ দুখন কবিতা সংকলনো প্ৰকাশ কৰে। ১৯৭৬ চনত তেখেতৰ ফুলেশ্বৰী দৈমাৰী নামৰ এখন কবিতা সংকলন ৰচনা কৰে। তেখেতে তিলোত্তমা বৰুৱা ছদ্মনামত এচি কবিতা লিখি আলোড়নৰ সৃষ্টি কৰে।
৫) অসমীয়া কোন- এই সম্পৰ্কেব্ৰহ্মচৌধুৰীয়ে কি মন্তব্য কৰিছিল?
উত্তৰঃ অসমীয়া কোন- এই সম্পৰ্কে ব্ৰহ্মচৌধুৰীয়ে মন্তব্য দিছিল যে- ব্ৰাহ্মণ, কলিতা, বড়ো, ৰাভা, মিচিং আদি জনগোষ্ঠীৰ লগতে আহোম, কোচ আদি সকলোৰে একতাৰ ফলতহে বলিষ্ঠ অসমীয়া জাতি গঠন হৈছে। সেয়েহে সকলোৱা এক হৈ অসমৰ সামগ্ৰীক উন্নতিৰ কাৰণে কাম কৰা উচিত।
৬) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
ক) তেওঁ সাহিত্যক জাতিক সাৰ্বিক কল্যাণৰ অংগ বুলি অনুভৱ কৰিছিল।
উত্তৰঃ প্ৰসংগ- উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত থকা সীতানাথ ব্ৰহ্মচৌধুৰী নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি- এই কথাফাকি অসমৰ সাহিত্যিকৰ ওপৰত কোৱা হৈছে।
ব্যাখ্যা- এই কথাফাকিৰ জৰিয়তে সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ক'ব বিচাৰিছে যে- অসমীয়া সাহিত্যিক সকলে কবিতা, সাধুকথা,. আদি ৰচনা কৰি আমি নজনা কথা জানিব পাৰিছো। অসমীয়া সাহিত্যিকে জাতি-জনজাতিৰ মাজত সমন্বয় সাধন কৰিব পাৰে।
খ) তেওঁ যি সমন্বয়ৰ ভেটি গঢ়ি থৈ গল সিয়ে তেওেঁক সমন্বয়ৰ প্ৰতীকৰুপে আমাৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিব ।
উত্তৰঃ প্ৰসংগ- উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত থকা সীতানাথ ব্ৰহ্মচৌধুৰী নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
সংগতি- এই কথাফাকিৰ জৰিয়তে কবিয়ে কব বিচাৰিছে যে সীতানাথ ব্ৰহ্মচৌধুৰী আমাৰ মাজত সদায় থাকিব।
ব্যাখ্যা- এই কথাফাকিৰ জৰিয়তে ইয়াকে কব বিচৰা হৈছে যে তেখেতে অসমৰ মানুহৰ বাবে যিমান ভাল কাম কৰিলে সেই কাম অসমৰ মানুহে কেতিয়াও পাহৰিব নোৱাৰে। তেখেতৰ এই মহত কামবোৰৰ কাৰণে তেখেতে আমাৰ বাবে বহুতো কবিতা পুথি ৰচনা কৰি থৈ গৈছে । তেখেতে অসমৰ মানুহৰ কাৰণে সমন্বয়ৰ ভেঁটি স্থাপন কৰিলে সেই সমন্বয়ৰ প্ৰতীক ৰূপে আমাৰ মাজত চিৰস্মৰণীয় কৰি ৰাখিব।
৭) পঢ়া আৰু লিখাঁঃ
চাকৰ+ই=চাকৰি
ডাক্তৰ+ই= ডাক্তৰি
মাষ্টৰ+ই= মাষ্টৰি
বদমাচ+ই=বদমাচি
৮) বুজা আৰু লিখাঁঃ
বিদ্যাৰ আলয় =বিদ্যালয়
দেৱৰ আলৱ = দেৱালয়
জুইৰ শাল = জুইশাল
মৌৰ চাক =মৌচাক
পুথিৰ ভ্ঁৰাল =পুথিভৰাঁল
ৰজাৰ হাউলী = ৰজাহাউলী
৯) বাক্য ৰচনা কৰাঁঃ
ঘামি-জামি= মানুহজন ৰদত কাম কৰি ঘামি-জামি আহিছে।
পিছে-পৰে= পঢ়া-শুনা নকৰিলে পৰীক্ষাত পিছ পৰে।
কও্ঁ-নকও্ঁ = কিবা কওঁ-নকওঁ মোৰ কথা।
১০) পঢ়া আৰু লিখাঁঃ
সেউজ + ঈয়া = সেউজীয়া
নগৰ + ঈয়া = নগৰীয়া
চহৰ + ঈয়া = চহৰীয়া
উজন + ঈয়া = উজনীয়া
নোমল + ঈয়া = নোমলীয়া
নিয়ম + ঈয়া = নিয়মীয়া
পাহাৰ + ঈয়া = পাহাৰীয়া
পুৰুষ + ঈয়া = পুৰুষীয়া