১)উত্তৰ লিখাঃ
ক)পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ কি?
উত্তৰঃ জোনবিল মেলা হ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ।
খ) জোনবিল নামে ডাঙৰ বিলখন কত অৱস্থিত?
উত্তৰঃজাগীৰোড আৰু জাগীভকত গাৱঁৰ মধ্যত জোনবিল বিলখন অৱস্থিত।
গ) মনেপতা বিহু কি?
উত্তৰঃগোভা ৰাইজে আনৰ দৰে সংক্ৰান্তিৰ তিথিত বিহু নাপাতে। তাৰ পাছৰ সপ্তাহৰ শনিবাৰটোতহে পাতে। সেয়ে ইয়াক মনপেতা বিহু বোলে।
ঘ) বৰ্তমান সময়ত জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়?
উত্তৰঃবৰ্তমান সময়ত জোনবিল মেলা মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা দেওবাৰে অনুষ্ঠিত হয়।
ঙ) পাহাৰৰ পৰা অহা লোকসকলে মেলালৈ আহো্ঁতে বিনিময়ৰ বাবে লগত কি কি বস্ত লৈ আহে?
উত্তৰঃআলু ,কচু ,আদা, হালধি, তিল, ফুলবাঢ়নী, লা, ধূনা, জলকীয়া, বাঁহৰ গাজ কপাহ আৰু বাঁহ- বেতেৰে তৈয়াৰী শিল্পজাত বস্তু আনে।
২) চমু উত্তৰ দিয়া
ক) বিলখনৰ নাম জোনবিল কেনেদৰে হল?
উত্তৰঃ মানুহৰ মতে এজন তিৱাঁ ৰজাই বিহাৰ কৰি ঘূৰি আহোঁতে এই বিলৰ পানীত জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হৈছিল। আৰু তেতিয়াৰে পৰা এই বিলখনৰ নাম জোনবিল হৈছিল।
খ) গোভা ৰজাৰ আদেশ মৰ্মে অতীতত জোনবিল মেলা কেনেকৈ অনুষ্ঠিত কৰা হৈছিল?
উত্তৰঃগোভা ৰজাৰ আদেশ মতে অতীতত মাঘ বিহু হোৱাৰ ১২ দিনৰ পাছত বিহু উদ্ যাপন কৰা হৈছিল। মাঘ বিহুৰ আগতে মাছ মাৰি বিলৰ পাৰত শ'ল মাছেৰে ন-ভাত খোৱা হৈছিল। মাছুৱৈসকলে বিল মৰাৰ বাবদ ৰজাক নামনি স্বৰূপে প্ৰত্যেকেই একো একো অংশ মাছ দি যোৱাৰ প্ৰথা আছিল।
গ) জোনবিল মেলা চাবলৈ ক’ৰ ক’ৰ পৰা মানুহ আহি বিলৰ পাৰত ভিৰ কৰে? তেও্ঁলোকে সৈইকেইদিন কেনেদৰে কটায়?
উত্তৰঃ জোনবিল মেলা চাবলৈ অন্যান্য লোকৰ লগতে কাৰ্বিআংলং আৰু মেঘালয়ৰ পৰা আহি পাহাৰৰ লোকসকলেও বিলৰ পাৰত ভিৰ কৰেহি।
৩) এই মেলা পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেএ-কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা্ঁ ।
উত্তৰঃ এই মেলা পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ কাৰণ- এই মেলাত বহু দূৰ দূৰণিৰ পৰা মানুহ মেলা চাবলৈ ভিৰ কৰেহি। মেলা চাবলৈ সকলো জাতি-জনজাতিৰ লোক আহি বিলৰ পাৰত ভিৰ কৰেহি। সেইবাবে ইয়াক পৰ্বত-ভৈয়ামবাসীৰ মহামিলনৰ তীৰ্থক্ষেত্ৰ হিচাপে ধৰা হয়।
৪) তলৰ উৎসৱসমূহৰ বিষয়ে চমুকৈ লিখা্ঁ
ক) আলি-আয়ে-লৃগাং
খ) ফাৰকান্তি
গ) টুচু পূজা
ঘ) ওৱাংগালা
৫) উদাহৰণ চাই বাকীকেইটা কৰা্ঁঃ
চহকী-ধনী
পাহাৰ-পৰ্বত।
ভৈয়াম-সমতল।
বিল-নৈ।
পানী-জল।
ৰজা-সম্ৰাট।
পথাৰ-সমতল।
প্ৰথা-নিয়ম।
সন্ধ্যা-গধূলি।
প্ঁজা- কুটীৰ।
৬) বাক্য ৰচনা কৰাঁ
সম্প্ৰীতিঃ
বিনিময়ঃজোনবিল মেলাত বস্তু বিনিময় কৰা হয়।
সাজ-পাৰঃ অসমৰ মানুহৰ সাজ-পাৰ ঠাই অনুসৰি ভিন ভিন।
বয়-বস্তুঃ পাহাৰৰ জনজাতীয়ে বিনিময় কৰিবলৈ বিভিন্ন বস্তু আনে।
দান-বৰঙণিঃ জোনবিল জেলাৰ ৰাইজে ৰজাক দান বৰঙণি দিয়ে।