১) কবিতাটি মুখস্থ লিখা্ঁ
২) কবিগৰাকীৰ আন কবিতা সংগ্ৰহ কৰি পঢ়া্ঁ।
৩) উওৰ লিখা্ঁঃ
ক) সুখ বিচাৰো্ঁতে মানুহে সংসাৰত কি পায় ?
উত্তৰঃসুখ বিচাৰোঁতে মানুহে সংসাৰত দুখৰ উপৰি দুখ পায়।
খ) কাৰ পাছে পাছে সুখ ফুৰে?
উত্তৰঃযিয়ে স্বাৰ্থ বলিদান দিব পাৰে , তেওঁৰ পাছে পাছে সুখ ফুৰে।
গ) সংসাৰত কেনেকৈ সুখৰ ঠাই হৈ পৰিব ?
উত্তৰঃপৰৰ কাৰণে খাটিব পাৰিলে সংসাৰত সুখৰ ঠাই হৈ পৰিব।
ঘ) সংসাৰত কেতিয়া দুখ নোহোৱা হয়?
উত্তৰঃপৰক আপোন কৰিব পাৰিলে দুখ নোহোৱা হয়।
ঙ) কবিয়ে মানুহৰ সেৱা, মানুহৰ পূজা কিয় কৰিবলৈ কৈছে ?
উত্তৰঃকিয়নো মানুহক সেৱা, পূজা কৰিলে বিপদত ৰক্ষা পাব পাৰি। সেয়ে কবিয়ে মানুহক সেৱা , মানুহৰ পূজা কৰিবলৈ কৈছে।
চ) কবিৰ মতে কিহত পৰম সন্তোষ লভিব পাৰি ?
উত্তৰঃকবিৰ মতে ত্যাগত পৰম সন্তোস লভিব পাৰি।
ছ) স্বৰ্থৰ বাট আৰু নিঃস্থৰ্থৰ বাট কবিয়ে কেনেকুৱা বুলি কৈছে?
উত্তৰঃস্বাৰ্থৰ বাটত দুখৰ কাঁইট , খোজে পতি হুলে বিন্ধে, আৰু নিঃস্বাৰ্থৰ বট, সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে।
৪) কবিতাটিৰ মূলকথাখিনি তোমাৰ নিজৰ কথাৰে লিখা্ঁ।
উত্তৰঃকবি আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰা এই কবিতাটোৱে মানুহৰ আচৰণ অলপ হলেও সলনি কৰে । মানুহে কেৱল সুখ আৰু শান্তি বিচাৰি সংসাৰত হাবাথুৰি খাই ফুৰে আৰু মানুহে দুখৰ উপৰি দুখহে পায়। আমাৰ হাতত সুখ হাততে আছে , যদি আমি পৰৰ কাৰণে স্বাৰ্থ বলিদান দিব পৰা যায় তাতেই সুখ আছে। পৰৰ কাৰণে খাটিব পাৰিলে মানুহৰ সুখ হয়। পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই , পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। কবিয়ে কৈছে পৃথিৱীত আমাৰ সকলো আপোন পৰমপিতাৰেই আমি সকলো সন্তান। আমি সকলোৱে মানুহৰ পূজা , সেৱা কৰিব লাগে 'মই' ভাব মনলৈ আনিব দিয়া নাই , নহলে ৰক্ষা নাপাম। সুখ দুখৰ পৰম কাৰণ মনটো , মনটো আমি একাগ্ৰ কৰিব নাগে , ত্যাগত আমি পৰম সন্তোষ লাভ কৰিব পাৰি । স্বাৰ্থৰ বাটত কাইতে বিন্ধে, নিঃস্বাৰ্থৰ বাট সেন্দুৰীয়া ,সুগন্ধি কুসুম ফুলে। আমি নিঃ স্বাৰ্থ জীৱন ধাৰণ কৰিব লাগে। আৰু তেতিয়া সুখৰ ওৰ নপৰে।
৫) তুমি আজিলৈকে কৰা কামৰ ভিতৰত কি কি কৰি সন্তোষ লভিছা?
৬) প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা
ক) পৰৰ অভাৱ, পৰৰ দুখত
হিয়া যদি পমি যায়
পৰক আপোন কৰিব পৰিলে
সংসাৰত দুখ নাই।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ অৰ্ন্তগত কবি আনন্দচন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে। কবিয়ে আমাক ইয়াকে অৱগত কৰিছে যে আমি জীৱনত নিজৰ বাদে আনৰ অভাৱ , দুখ - কষ্টৰ কথা নাভাবো ,। যদি আমি আনক আপোন কৰিব পাৰো তেন্তে আমাৰ সংসাৰত দুখ নাথাকিব।
মানুহৰ জীৱন সন্তেকীয়া , আমি আনৰ কেতিয়াও অহিত চিন্তা কৰিব নালাগে , সকলোকে সহায়ৰ হাত আগবঢ়াব লাগে ,আনৰ দুখত দুখি , আনৰ সুখত সুখি হব পাৰিলে মানুহে সংসাৰত সুখ পায়।পৰৰ অভাৱ , পৰৰ দুখত অন্তৰে যদি কান্দে , পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ আৰু নাই।
খ) যথাৰ্থ নিঃস্থাৰ্থ ধৰমী জীৱন
বিশ্বপ্ৰেমে ভৰপূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ।
উত্তৰঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি আপোন পাঠৰ অৰ্ন্তগত কবি আনন্দচন্দ্ৰ আগৰৱালাৰ ৰচিত সুখ নামৰ কবিতাটোৰ পৰা উৎকলন কৰা হৈছে।
এই কবিতফাঁকিয়ে আমাক ইয়াকে অৱগত কৰিছে যে আমি নিঃস্বাৰ্থভাৱে জীৱন কটাব লাগে । আমি সকলোকে ভাই-ভনী বুলি ভাবিব লাগে।
হিংসুক মানুহৰ জীৱন কুকুৰৰ দৰে , সেয়ে আমি ভাল সৎ হ'ব লাগে , ভাল মালুহে সকলোতে সন্মান পায়। সেয়ে আমি নিঃস্বাৰ্থভাৱে জীৱন কটাব লাগে , বিশ্বৰ সকলো ভাই-ভনী যেতিয়া হ'ব তেতিয়া আমাৰ সুখৰ ওৰ নপৰে।
৭)”গাই-গোটা-পেটে-ভ্ঁৰাল”-এই জতুৱা ঠা্ঁচটোৱে কবিতাটো ত কি অৰ্থ প্ৰকাশকৰিছে? পেট শব্দ ব্যৱহাৰ কৰি আন জতুৱা ঠা্ঁচেৰে বাক্য সাজা।
উত্তৰঃগাই-গোটা-পেটে -ভঁৰাল -- এই জতুৱাটোৰ এইটে আৰ্থ প্ৰকাশ কৰিছে যে- মানুহক নিজৰ কামতেই ব্যস্তথাকিব দিয়া নাই আনৰো উপকাৰ সাধন কৰিব দিছে।
পেট পাঃতেওঁৰ আগত কোনো কথা নক'বা দেই, তেওঁ পেট পোৱা বৰ টান।
৮) বুজা আৰু লিখা্ঁ
সেন্দূৰ+ঈয়া=সেন্দুৰীয়া।
ধেমালি+ঈয়া=ধেমালীয়া।
তৰ+ঈ=তৰী।
মানৱ+ঈ=মানৱী।
ধৰম+ঈ=ধৰমী।
সুগন্ধ+ঈ=সুগন্ধী।
৯) উদাহৰণ চাই বাকীকেইটা কৰা্ঁ।
দিনত কণা=দিনকণা
পৰম যি পিতা= পৰমপিতা।
ভাই আৰু ভনী= ভাই-ভনী
বিশ্বলৈ প্ৰেম= বিশ্বপ্ৰেম।
যথা যি অৰ্থ=যথাৰ্থ।
নৰ আৰু নাৰী=নৰ-নাৰী।
১০) ভাব বহলাই লিখা্ঁঃ
ক) লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি|
উত্তৰঃহুলৰ কাম হ'ল বিন্ধা।ই আপোন পৰ নাজানে। ঈৰ্ষাপৰায়ন লোকে আনক বিন্ধক বুলি অহা যোৱা কৰা বাটত বা বাৰীৰ ঢাপত হুল পুতি থয়। কিন্তু কেতিয়াবা পাহৰাতে সেইফালে গ'লে নিজেই সেই হুলত পৰি আঘাত পাবলগা হয়। অৰ্থাৎ পৰক আঘাত দিবলৈ চিন্তৈা কৰোতে নিজেই সেই আঘাত পাব লগা হয়। সেয়েহে আনৰ অহিত চিন্তা কৰা অযুগুত।
খ) আপোন ভালেই জগত ভাল|
উত্তৰঃনিজৰ ওপৰতে সমস্ত পৃথিৱী , নিজে যদি সৎ হ'ব পাৰা আনে তোমাক একো হানি কৰিব নোৱাৰে। নিজৰ চৰিত্ৰ , সততাক লৈয়ে জীৱন। শুৱলা মিঠা মাতেহে মানুহক আপোন কৰি ল'ব পাৰি। তেতিয়াহে আনৰ আন্তৰত ঠাই ল'ব পাৰি। কাৰণ মানুহেই ভগৱান , আনক সুখি কৰিব পাৰিলে নিজেই সুখ পোৱা যায় আৰু আনক অপকাৰ নকৰিলে কোনেও একো কৰিব নোৱাৰে । সেয়ে কোৱা হয় আপোন ভালেই জগত ভাল।