১)উত্তৰ লিখাঃ
ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে?
উত্তৰঃঅনুৰাগক অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে তাক বৰকৈ আকৰ্ষন কৰে।
খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে?
উত্তৰঃঅনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চৰকাৰী আবাসত থাকি চাকৰি কৰে।
গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল?
উত্তৰঃঅনুৰাগে গাড়ীৰ খিৰিকীৰে সোণালী ধাননীপথাৰ, তাৰ পাছত অকোৱা পকোৱা পাহাৰীয়া বাট, তাৰ পাছত পুনৰ অৰণ্যৰ বিশালতা দূৰত কাৰ্বি পাহাৰৰ ঘৰ-দূৱাৰ মেঘে কপাহৰ জোলাৰ দৰে সাৰি নিয়া ঝুমখেতিৰ পথাৰবোৰ এইবোৰ দেখি সি আত্মহাৰা হৈছিল।
ঘ) স্কুটাৰ চলাই অহা অহা অনুৰাগহ্ঁতৰ কাষ চপা ব্যক্টিজন কোন আছিল?
উত্তৰঃকাৰ্বি জনগোষ্ঠীৰ লোক । তেওঁ অনুৰাগৰ দেউতাকৰ কাৰ্যালয়ৰ কাষতে আন এটা বিভাগত কামকৰে।
ঙ) অনুৰাগহ্ঁতে ৰাতি চাৰমেন ক্ৰ’ৰ ঘৰত কিয় থাকিবলগীয়া হ’ল?
উত্তৰঃঅনুৰাগহঁত যিখন গাড়ীত আহিছিল সেইখন ডাফু পোৱাৰ আগতে বেয়া হ'ল।
চ) চাৰমেন ক্ৰ কোন?
উত্তৰঃচাৰেম ক্ৰ' এগৰাকী সুদক্ষ লোকশিল্পী।
ছ) পাঠটিত কাৰ্বি সাজপাৰৰ কেনে বৰ্ণনা পাইছা?
উত্তৰঃচাৰেমণ ক্ৰ'ৰ গাত পৰম্পৰাগত সাজ ৰিক;চই আৰু প'হ' অৰ্থাৎ চুৰীয়া, চোলা আৰু পাগুৰী।
জ) গা্ঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল?
উত্তৰঃমানুহবোৰৰ বিভিন্নজনে হাতে হাতে শাক-পাচলি, মুৰ্গী, মাছ, ঘৰতে চাউলৰ পৰা প্ৰস্তত কৰা পানীয় আদি আনিছিল।
ঝ) কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে?
উত্তৰঃৰজা অৰ্থাৎলিন্দকপ আৰু তেওঁৰ বিষয়া বৰ্গক অতীতৰ দৰে সন্মান কৰে । সমাদৰ ভিতৰুৱা সমস্য সমাধান কৰা , বিচাৰ আদিৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম অৰ্থাৎ সামাজিক প্ৰথামতে কাৰ্বি সমাজখন চলে। এনেদৰে কাৰ্বি সমাজখনত ৰাজতন্ত্ৰ বৰ্তি আছে।
ঞ) চাৰমেন ক্ৰই অনুৰাগক কি গীত গাই শুনাইছিল?
উত্তৰঃচাৰেমন ক্ৰই তেওঁলোকৰ যি ৰামায়ণ আছে তাত থকা ৰাম আৰু সীতাৰ নামেৰে এটা গীত গালে ।
ট) অনুৰাগে চাৰমেন ক্ৰৰ ঘৰত দেখা বাদ্যযন্তৰ বিষয়ে বৰ্ণনা দিয়া?
উত্তৰঃকিছুমান মুখেৰে ফুঁৱাই বজোৱা, কিছুমান চামৰাৰে চোৱা নানা সৰ্ বৰ আকৃতিৰ ঢোল, তাল, বীনাসদৃশ আৰু বাহৰ বাদ্য। বাহৰ বাদ্যৰ ভিতৰত চেমকুম্বাং, চেংলাংপাং, পাংচি। ঢোলজাতীয় বাদ্য চেমকুম্বাং।
ঠ) বাৰই মানে কি ?
উত্তৰঃ
ড) জাম্বিলী আথন মানে কি?
উত্তৰঃএডাল কাঠ বা বাহঁ চাঁছি নানা ফুল তুলি তাত কাঠৰ চৰাই কাটি বহুৱাই দি সিন্দৰভাৱে সদোৱা হয়।
ঢ) কি কথাই অুৰাগৰ দেউতাকক আচৰিত কৰিলে?
উত্তৰঃধনসিঙৰ দেউতাকে অনুৰাগৰ দেউতাকক যেতিয়া কলে যে নিশা ধনসিং আৰু দাৰে আন দুজন ল'ৰা ড্ৰাইভাৰৰ লগত বাড়ীত থাকিলগৈ। ধনসিঙে ঢলফাট দিয়াৰ পূৰ্বে স্কুটাৰ লৈ মেকাৰ এজনক আনি গাড়ীখন ভাল কৰাই থৈছে। এই কাৰ্যবোৰৰ কথা শুনি অনুৰাগৰ দেউতাক আচৰিত কৰিলে।
ণ) কাৰ্বি ৰামায়ণখনৰ নাম কি?
উত্তৰঃছাবিন আলুন ।
২) চমু টোকা লিখা
ক) চমাংকানঃ কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰত বা আগি দেৱৰূপী শিৱ বা বুঢ়াগোহাইৰ ভক্তিত মজি থকা কাৰ্বিসকলৰ চমাংকন হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তিৰ কাৰমে এই উৎসৱ পতা হয়। তিনিদিনিয়াকৈ এই উৎসৱ পতা হয়।
খ) ৰংবং তেৰাংঃঅসমৰ এজন প্ৰসিদ্ধ লেখক আৰু শিক্ষাবিদ কাৰ্বি সাবিত্য সভাৰ সম্পাদকৰ দায়িত্ব গ্ৰহন কৰা প্ৰথমজন ব্যক্তি। তেওঁ জীৱনৰ আদৰ্শ মহাত্মা গান্ধীৰ । ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
গ) ইয়াৰুঈঙ্গমঃ অমমীয়া সাহিত্য জগতৰ লেখত ল'বলগীয়া উপন্যসমূহৰ মাজত অন্যতম এখন উপন্যাস । ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাস ৰচয়িতা । এই উপন্যাসৰ বাবে তেওঁ ১৯৬১ চনত সাহিত্য আকাডেমী বটা লাভ কৰে। এই উপন্যাস প্ৰকাশিত হয় ১৯৬০ চনত।
৪) তলৰ উৎসৱকেইটি ক’ত, কেতিয়া উদযাপিত হয় লিখা্ঁঃ
ক) বাৰেৰহনীয়া ভওনা ঃঅসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত উদযাপন কৰা হয়। ৫ বছৰৰ মূৰেৰে উদযাপন কৰে ।
খ) ফাট বিহুঃছকুৱাখানাৰ চাৰিকড়ীয়া নৈৰ ম'হ ধূলি চাপৰিত অনুষ্ঠিত কৰা হয়। বহাগ মাহৰ শেষৰ তিতিদিনত।
গ) মহোহোঃ নামনি অসমত । আঘোনী পূৰ্ণিনমাত।
ঘ) মাছ মৰা উৎসৱঃ বিহু উৰুকা দিনা । অসমৰ যি অঞ্চলত বিহু উদযাপন কৰা হয়।
ঙ) বোকা ভাওনা ঃনগাৱৰ পুৰণিগুদামত। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশ দিনটোত।
চ) জোনবিল মেলাঃ মৰিগাওঁ জিলাত । মাঘ বিহুৰ দ্বিতৃয় সপ্তাহত।
ছ) ভঠেলীঃঅসমৰ বিভিন্ন ঠাইত । বহাগৰ এক নিৰ্দিষ্ট দিনত।
৫) সন্ধি ভাঙা
সংস্কৃতি=সম+কৃতি।
কাৰ্যালয়=কাৰ্য+ আলয়।
সন্মুখ =সম+মুখ।
উৎসৱ =উৎ+ সৱ।
মৰমিয়াল= মৰম+ইয়াল।
সম্ভাষণ=সম+ভাষন।
নমস্কাৰ=নমঃ+কাৰ।
মনোৰম=মনঃ+ৰম।