GYANJYOTI ADARSHA JATIYA BIDYALAYA - BILASIPARA
ঢেঅসম জাতীয় বিদ্যালয় চতুৰ্থ শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ
পাঠ-১
আমাৰ গাওঁ
ক্ৰিয়া-কলাপ
অৰ্থ সৈতে চিনাকি হওঁ আহা:
মুদৈ = দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক
হাট = বজাৰ
মুৰুলী = বাঁহী
তান = সংগীতত সুৰৰ বিস্তাৰ
চহা = হাল-কোৰ বাই খোৱা লোক
তল-সৰা = নিজে সৰি (মানুহে নপৰাকৈ) গছৰ তলত পৰি থকা
চেনেহা-চেনেহী = দুটা ভিতৰত এটাৰ আনটোলৈ মৰম
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) শুৱনি গাওঁখন কি গছেৰে ভৰা?
উত্তৰঃ শুৱন গাওঁখন শুৱনি গছেৰে ভৰা।
খ) পুখুৰীত কি থাকে?
উত্তৰঃ পুখুৰীত মাছ থাকে।
গ) মুদৈয়ে ক’ত বেপাৰ কৰে?
উত্তৰঃ শুৱনি নদীৰ পানী-ভৰা ঘাটত মুদৈয়ে বেপাৰ কৰে।
ঘ) গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায়?
উত্তৰঃ গছৰ ডালত শুৱনি চৰায় শুৱলা সংগীত গায়।
ঙ) ৰং-ধেমালিৰ হাট মালে কি বুজোৱা হৈছে?
উত্তৰঃ ৰং-ধেমালিৰ হাট মানে ঘৰে ঘৰে হাঁহি-মুখ, ভাল চেনাহা-চেনেহি আদিক বুজোৱা হৈছে।
চ) গাঁৱত পোৱা বস্তবোৰৰ নামৰ এখন তালিকা কৰাঁ।
উত্তৰঃ
[২] কবিতাটিত প্ৰকাশ পোৱা গাওঁখনৰ পৰিৱেশৰ বিষয়ে
নিজৰ ভাষাৰে লিখা।
উত্তৰঃ ভাল লগা আমাৰ গাওঁখন ভাল ভাল গছেৰে ভৰা, বহুত ফুল লাগে কত পাওঁ গছৰ তলত সৰি থকা।
ভাল লগা আমাৰ ধাননি পথাৰ ধানেৰে ভৰপূৰ, ভাল লগা নদীৰ পানী-ভৰা ঘাটত মুদৈয়ে বেপৈৰ কৰে।
চালত লাগিছে কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত আছে জহাধান, গোহালিত গৰু আছে পিখুৰিত মাছ আছে, বাৰীত আছে তৈমোল-পাণ।
গছৰ ডালত চৰায় ধুনিয়া গীত গায়, শাকনিত শাক, ফুলনিত ফুল, দেখাপালে শান্তি লাগে।
[৩] খালী ঠাই পূৰ কৰা:
খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল
ক) মুদৈয়ে বেপাৰ কৰে।
খ) খেতিয়কে খেতি কৰে।
গ) খেলুৱৈয়ে খেল খেলে।
ঘ) মাছুৱৈয়ে মাছ ধৰে।
ঙ) অভিনেতাই অভিনয় কৰে।
চ) নাৱৰীয়াই নাও বায়।
ছ) হালোৱাই হাল বায়।
[৪] তলত শব্দবোৰৰ মাজত থকা অমিল শব্দটোত চিন দিয়া:
ক) কোমোৰা, লাও, জিকা, কঁহুৱা, ভোল।
উত্তৰঃ কঁহুৱা।
খ) গৰু, ছাগলী, মাছ, হাতী, সিংহ।
উত্তৰঃ মাছ।
গ) গীত, নৃত্য, অভিনয়, খেল, ভাওনা।
উত্তৰঃ খেল।
ঘ) গামোচা, চুৰীয়া, পায়জামা, কুৰ্তা, গামখাৰু।
উত্তৰঃ গামখাৰু।
[৫] বাক্য ৰচনা কৰা:
তল-সৰা- ৰতিপুঁৱা ওঠি কত পাওঁ তল-সৰা ফুলবোৰ।
পানী- ভৰা- ভাল লগা পানী-ভৰা দেখিয়ে ভাল লাগে।
ভাওনা-সবাহ- আমাৰ গাঁৱত কাইলৈ ভাওনা-সবাহ হ'ব।
শুৱলা-সংগীত- ৰাতিপুঁৱাই ওঠি চৰাই শুৱলা-সংগীত গায়।
[৬] পঢ়া আৰু মিলাই লিখা :
বাৰিষা ---- চঞ্চল বাৰিষা ---- খৰালি
ৰ’দ ------- নীৰৱ ৰ’দ ------- বৰষুণ
সৰৱ ------ খৰালি সৰৱ ------ নীৰৱ
স্থিৰ ------- বৰষুণ স্থিৰ ------- চঞ্চল
[৭] পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা :
ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উত্তৰঃ মানুহৰ নখৰ আগত অতি কম পৰিমাণৰ পানী হে উঠে পিচে অগণণ মানুহৰ নখৰ আগত উঠা পানিৰে নৈ সৃষ্টি হ'ব পাৰে।
খ) কথাত কটা যায়, কথাত বটাঁ পায়।
উত্তৰঃ কথাৰে মনুহে মানুহৰ মৰম-চেনেহ আদায় কৰিব পাৰে, ঠিক সেইদৰে কথাৰ বাবে মানুহে আপুনাক ঘৃণ কৰিবও পাৰে।
[৮] পঢ়া, চোৱা আৰু লিখা :
তলত সৰা = তল-সৰা
পানীৰে ভৰা = পানী-ভৰা
হাতেৰে বোৱা = হাতে-বোৱা
গুৰুক সেৱা = গুৰুক সেৱা
[৯] অৰ্থৰ পাৰ্থক্য স্পষ্ঠ হোৱাকৈ বাক্য ৰচনা কৰা (অভিধানৰ সহায় ল’বা।):
ক) হাত ----- মানুহৰ হাতেৰে বহুত কাম কৰিব পাৰে।
হাট ----- শুক্ৰবাৰে আমাৰ ইয়াত হাট বহে।
খ) চাল ----- কাইলৈ আমাৰ ঘৰৰ ণুধৰ চাল লগাব।
ছাল ----- যোৱা কালি মই পৰিল, আৰু মোৰ ছাল গল।
গ) তান ---- গানত তান লগোৱা।
টান ---- কোনো এটা বস্তু নিজৰ শৰিৰৰ পিনে টানা।
ঘ) ঘাত ----
ঘাট ----
[১০] ভাবা আৰু উওৰ উলিওৱা:
ক) ঘন ঘন গাঠিৰে ডিঙিত পিন্ধি মণি,
ওপৰলৈ চাই আছে কোনে চুলি মেলি?
খ) খেতিয়কে খেতি কৰে,
গুটি নাই, ফুল নাই
গ) ঐ ঐ ঐ, ক’লৈ যাৱগৈ,
গছ শুকান গুটি কেচা
ব’ল আনোগৈ।
পাঠ-দুই
হাতী গা ধুওৱাৰ কথা
ক্ৰিয়া-কলাপ
⚪ অৰ্থ সৈতে চিনাকী হওঁ আহা:
ঈৰ্ষাপৰায়ণ = পৰশ্ৰীকাতৰ
মুকুট = ৰজা বা দেৱ-দেৱীৰ মূৰৰ অলশ্কাৰ বা ভূষণ; কিৰীটি
হুকুম = আজ্ঞা; আদেশ; অনুমতি
বকছিছ = পুৰস্কাৰ
অনুচৰ = লগুৱা; আলধৰা
হুল = সৰু কাঁইট বা জোঙা বস্ত
[১] প্ৰথমে কোৱা, তাৰ পাছত লিথা:
ক) ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?
উত্তৰঃ ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল।
খ) ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?
উত্তৰঃ ৰামধনে নিচেই পুৱাতে উঠি নদীৰ ঘাটলৈ গৈ কোপোৰ ধোৱে সেইদৰে কাম কৰি পৰিয়ালটো পোহপাল দিছিল।
গ) ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?
উত্তৰঃ ৰজাই ৰামধনক হাতী ধুৱলৈ কৈছিল।
ঘ) ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল?
উত্তৰঃ ৰামধনক ভিমবৰে ঈৰ্ষা কৰাৰ কাৰণে অপকাৰ কৰাৰ কথা ভাবিছিল।
ঙ) ৰজাই ভিমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়?
উত্তৰঃ মাটিৰ পাত্ৰতো ভালকৈ বনাব নাৱাৰা বাবে ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল।
[২] কোনে কৈছেল, কাক কৈছিল:
ক) “তোমাৰনো মনত কিহৰ দুখ?”
উত্তৰঃ ৰজাজনে ভিমবৰক কৈছে।
খ) “লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি।”
উত্তৰঃ ৰামধনে ভিমবৰক কৈছিল।
গ) “এই হ’লেই আৰু। অলপ বাকী।
উত্তৰঃ ভিমবৰে অনুচৰক কৈছে
ঘ) “চাওক মহাৰাজ, হাতীয় ভৰি দিওঁতেই পাএটৌ ভাঙি গ’ল। মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ?”
উত্তৰঃ ৰামধনে ৰজাজনক কৈছিল।
[৩] বুজা আৰু লিখা:
হাবি - অৰণ্য
ডাঙৰ - বিশাল
খাদ্য - আহাৰ
নোগুৰ - নেজ
[৪] পঢ়া, বুজা আৰু লিখা:
ম’হ – ম’হৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল।
মহ – মহে কামুৰিলে খজুৱাই
হাতী - হাতী কাজিৰঙাত উলাই।
হাটী - আমাৰ ইয়াত হাটী বহে।
গাত - গাত লোৱা কাপোৰ বা ৰিহাৰ আগ।
গাঁত - গছ পুলিটো ৰোবৰ বাবে গাঁট এটা খান্দ।
[৫] পঢ়া আৰু বুজা:
ঘৰ - ঘৰচীয়া
গাঁও – গাঁৱলীয়া
বতৰ – বতৰীয়া
[৬] কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা:
ডাঙৰ আৰু দীঘল = ডাঙৰ-দীঘল
জীৱ আৰু জন্তু = জীৱ-জন্তু
উশাহ আৰু নিশাহ = উশাহ-নিশাহ
ভোকে আৰু পিয়াহে = ভোকে-পিয়াহে
ৰজা আৰু ৰাণী = ৰজা-ৰাণী
লঘোনে আৰু ভোকে = লঘোন-ভোক
[৭] পঢ়া, বুজা আৰু লিখা:
দুষ্ট - দুষ্টালি
বেজ - বেজালি
কৃপণ - কৃপণালি
ল’ৰা - ল'ৰালী
পুৰুষ - পুৰুষালি
চেঙৰ - চেঙৰালি
[৮] তলৰ শব্দবোৰ উপযুক্ত ঠাইৰ বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা:
খকমককৈ; দপদৰাই: সৰসৰাই; ঠকঠককৈ; ফুচফুচাই।
ক) ডাঙৰকৈ হোৱা শব্দত সি খকমককৈ সাৰ পালে।
খ) ঠাণ্ডাত ল’ৰাটো ঠকঠককৈ কপিঁছে।
গ) মানুহ দুজনে ফুচফুচাই কথা পাতি আছে।
গ) জুইকুৰা দপদৰাই জ্বলি আছে।
ঙ) সাপটো সৰসৰাই গৈছে।
[৯] অমিলটো বাচাৰি উলিওৱা:
ক) বাঘ, সিংহ, বান্দৰ, শিয়াল।
উত্তৰঃ বান্দৰ
খ) সিংহ, ভালুক, ঘঁৰিয়াল, হাতী।
উত্তৰঃ ঘঁৰিয়াল
গ) হাতী, জিৰাফ, গড়, বাঘ।
উত্তৰঃ বাঘ
ঘ) গৰু, হাতী, ম’হ, শিয়াল।
উত্তৰঃ শিয়াল
[১০] ভাবা আৰু উওৰ উলিওৱা:
শিলৰ দৰে তল পৰে
ভেলৰ দৰে ভাঁহে,
ফৰিঙৰ দৰে মাৰে জাঁপ
কুকুৰৰ দৰে বহে।
উত্তৰঃ ভেকুলী
আনন্দৰাম ঢেকিয়ল ফুকন
ক্ৰিয়া কলাপ
অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
ব্ৰক্ষপুৱা = নিচেই পুৱ
সংবাদ-পএ = বাতৰি-কাকত
দৈনন্দিত = দৈনিক; সদাই
হেৰফেৰ = অলপ লৰচৰ বা কম-বেছি হোৱা অৱস্হা
নিয়াৰিকৈ = নিমজকৈ; পোনকৈ
সুযোগ্য = অতিশয় উপযুক্ত
সাধক = সিদ্ধি কৰোঁতা; সেৱক
সহযোগ = আনৰ সৈতে কোনো কামত যোগাদান
মিছনেৰি = (মিছন হ’ল ধৰ্ম প্ৰচাৰৰ প্ৰতিষ্ঠান)মিছনৰ ধৰ্ম প্ৰচাৰকসকল
ভাতৃ প্ৰতিম = ভাইৰ নিচিনা
প্ৰসাৰ = বিস্তাৰ
নিৰ্মল = নিকা; পৰিষ্কাৰ
অনুকৰণীয়া = আনে যেনেকৈ কৰে তেনেকৈ কৰিব লগীয়া
বুজা আৰু লিখা:
খই ৰই খ্ৰ
নই ধই ৰই ন্ধ্ৰ
তই ৱই ত্ব
সই তই ৰই স্ত্ৰ
পঢ়া আৰু লিখা:
দৈনন্দিন খ্ৰীষ্ঠান প্ৰবন্ধ্ৰ প্ৰচেষ্ঠা প্ৰতিষ্ঠা
ব্যৱস্হা পএৰন্ধ্ৰ কৰ্তৃত্ব পৈতৃক নিৰস্ত্ৰ
[১] প্ৰথম কোৱা, তাৰ পাছত লিখা:
ক) আনন্দৰাম ঢেকিয়াল ফুকনৰ দৈনন্দিন কৰ্মৰাজি কিদৰে আৰম্ভ হৈছিল?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিনে পুৱা সোনকালে উঠি অলপ লিখা-পঢ়া কৰিছিল। লিখা-পঢ়া কৰি তেওঁ সদায় ফুৰিবলৈ গৈছিল ।ফুৰি থাকোঁতেও তেখেতে বাতৰিকাকত এখন পঢ়ি-পঢ়ি গৈছিল। কিবা কাৰণত তেওঁ ফুৰিবলৈ যাব নাপালে তেওঁ ঘৰৰ বাৰান্দাতে ইফালে-শিফালে ঘূৰিছিল। তেওঁ পুৱা ফুৰি আহি আকৌ আঠ বজালৈ পঢ়িছিল। লিখা-পঢ়া কৰি গৰম পানীৰে স্নান কৰিছিল এইদৰে তেওঁৰ দৈনন্দিন কৰ্মৰাজি আৰম্ভ হৈছিল।
খ) আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ অসমীয়া ভাষা প্ৰচলনৰ বাবে কিয় জোৰ দিবলগীয়া হৈছিল?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে অসম আৰু অসমীয়া ভাষাটোক বৰ ভাল পাইছিল। সেয়েহে তেওঁ অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। সেই সময়ত অসম ৰাজ্যখন ইংৰাজ সকলে শাসন কৰিছিল। তেতিয়া বহুতে ভাবিছিল যে অসমীয়া ভাষাটো বাংলা ভাষাৰ পৰাহে সৃষ্টি হৈছে। ইংৰাজ শাসকসকলেও তেনে ধাৰণা গ্ৰহণ সঁচা বুলি গ্ৰহণ কৰিছিল। গতিকে, ইংৰাজ শাসকসকলে ১৮৩৬ চনত অসমৰ আদালত, পঢ়াশালি আৰু কাৰ্যালয়ৰপৰা অসমীয়া ভাখা অঁতৰাই তাৰ ঠাইত বাংলা ভাষাৰ প্ৰচলন কৰিছিল। অসমীয়া মানুহে নিজৰ মাতৃভাষাটোকেই শিকিবলৈ নোপোৱা হৈছিল তেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে অসমৰ আদালত, পঢ়াশালি, কাৰ্যালয় আদিত অসমিয়া ভাষাটোৰ পুনৰ প্ৰচলনৰ কাৰণে বৰ জোৰ দিছিল।
গ) অসমীয়া ভাষা প্ৰচলনৰ বাবে আনন্দৰাম ঢেকিয়াল ফুকনে কি কি প্ৰচেষ্টা হাতত গৈছিল?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে অৰুনোদই নামৰ সংবাদ-পত্ৰখনত অসমীয়া ভাষাৰ সম্পৰ্কে ভালেমান প্ৰবন্ধ লিখিছিল। আনন্দৰামকে ধৰি মিছেনেৰিসকল আৰু আনকেইজনমান অসমীয়া লোকে প্ৰচেষ্টা হাতত লৈছিল।
ঘ) আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে লিখা চাৰিখন গ্ৰন্থৰ নাম হ'ল 'আইন ও ব্যৱস্থা', 'অসমীয়া ভাষা বিষয়ক গ্ৰন্থ','সদৰ আদালত নিষ্পতি' আৰু 'অসমীয়া ল'ৰাৰ মিত্ৰ'
ঙ) আনন্দৰাম ঢেকিয়াল ফুকনৰ শিক্ষা-জীৱনৰ বিষয়ে তোমাৰ পাঠৰ আলমত লিখা?
উত্তৰঃ আনন্দৰাম ঢ়েকিয়া ফুকনে গুৱাহাটীত হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল। আৰু ভাল শিক্ষাৰ কাৰণে তেওঁ কলিকতালৈ গৈছিল। কিন্তু তেওঁ ভাতৃ কেইজনমানৰ কলিকতাতে মৃত্যু হোৱাৰ বাবে শিক্ষা আধৰুৱা কৰি উভতি আহে। পঢ়া শুনাত তেওঁ বৰ আগ্ৰহি আছিল।
চ) আনন্দৰাম ঢেকিয়াল ফুকনে কোন সময়ত লিখা-পঢ়া কৰিছিল?
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে পুৱাৰ সময়ত লিখা-পঢ় কৰিছিল।
ছ) প্ৰথম অসমীয়া বাতৰি- কাকত বা আলোচনীখনৰ নাম কি? এইখন কিমান চনত হৈছিল
উত্তৰঃ প্ৰথম অসমীয়া বাতৰি-কাকত বা আলোচনীখনৰ নাম হ'ল অৰুনোদই। এইখন ১৮৭২ চনত হৈছিল
[২] বুজা আৰু লিখা:
বিদ্যা + আলয় = বিদ্যালয়
হিম + আলয় = হিমালয়
কাৰ্য + আলয় = কাৰ্যালয়
দেৱ + আলয় = দেৱালয়
চিকিৎসা + আলয় = চিকিৎসালয়
[৩] বাক্য ৰচনা কৰা:
হেৰফেৰ; প্ৰচলন; সহযোগ; সংবাদ-পত্ৰ; প্ৰসাৰ।
হেৰফেৰ- সৌ মানুহজনে হেৰফেৰ কৰি আছে।
প্ৰচলন- অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল।
সহযোগ- আনন্দৰাম ঢেকিয়াল ফুকনৰ মিছেনেৰিসকলে সহযোগ কৰিছিলস।
সংবাদ-পত্ৰ- প্ৰথম অসমীয়া সংবাদ-পত্ৰখন হ'ল অৰোনোদই।
[৪] পঢ়া, বুজা আৰু লিখাঃ
বাটে বাটে : মগনীয়াজন বাটে বাটে ঘূৰি ফুৰিছে।
হাতে হাতে : আমটো হাতো হাতে দিছে।
ঘৰে ঘৰে : মানুহ বোৰ ঘৰে ঘৰে গলগৈ।
বাৰে বাৰে : সৌ মানুহ তোৱে বাৰে বাৰে একেটা কথাকে কৈ আছে।
মনে মনে ঃ ডাঙৰে কথা কই থাকিলে তুমি মনে মনে থাকিবা।
[৫] পঢ়া, বুজা আৰু লিখা:
ৰোৱনীয়ে ভুঁই ৰোৱে।
ৰান্ধনীয়ে ভাত ৰান্ধে।
শিপিনিয়ে কাপোৰ বয়।
মাছুৱৈ মাছ মাৰে।
ঢুলিয়াই ঢোল বায়।
হালোৱাই হাল বায়।
দাৱনিয়ে ধান বায়
বায়নে খোল বায়।
[৬] পঢ়া, বুজা আৰু লিখা:
কাৰ্য্যলয়ৰ লগত জড়িত ব্যক্তি = কেৰাণী, মহৰী, সঞ্চলক, বিষয়া, কৰ্মচাৰী আদি।
বিদ্যালয়ৰ লগত জড়িত ব্যক্তি = ...................................।
আৰক্ষী বিভাগত লগত জড়িত ব্যক্তি = ............................।
ৰাজনীতিৰ লগত জড়িত ব্যক্তি = ...................................।
আদালতৰ লগত জড়িত ব্যক্তি = ...................................।
গাঁও পঞ্চায়তৰ লগত জড়িত ব্যক্তি = ..............................।
কৃষিৰ লগত জড়িত ব্যক্তি = ........................................।
কাকত-আলোচনীৰ লগত জড়িত ব্যক্তি = ..........................।
মৌজাৰ লগত জড়িত ব্যক্তি = ......................................।
পুথিভঁৰালৰ লগত জড়িত ব্যক্তি = ..................................।
[৭] বিপৰীত অৰ্থবোধক শব্দ লিখা:
পুৱা; তপত; জ্যেষ্ঠ; সঁচা; উপকাৰ; স্ত্ৰী।
পুৱা ㅡ গধুলী
তপত ㅡ চেঁচা
জ্যেষ্ঠ ㅡ কনিষ্ঠ
সঁচা ㅡ মিচা
উপকাৰ ㅡ অপকাৰ
স্ত্ৰী ㅡ পুৰুষ
[৮] তলত দিয়া ব্যক্তিকেইজনৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা। তাৰ পাছত লিখা:
[৯] পঢ়া, বুজা আৰু নিজে লিখা:
কৰ্ম – কৰম ৰত্ন - ৰতন
ধৰ্ম – ধৰম স্থিৰ - সথিৰ
স্বৰ্ণ – সোণ মিত্ৰ - বন্ধু
সম্বল – সমল কম্পন - কমন
ভক্তি – ভকতি গৰ্জন - গৰজন
স্বাদ – সোৱাদ সাম্ফল - সামল
[১০] শিক্ষকক সুধি অৰ্থ বুজি লোৱা।
ক) পঢ়ায়, পঢ়ে, ৰোৱে পাণ।
এই তিনিতা নিচিন্তে আন।।
খ) অভ্যাসৰ নৰ
কৰ্ণপথে কৰে শৰ।
পাঠ-চাৰি
কাজিৰঙাত এদিন
ক্ৰিয়া কলাপ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহা
শাস্তী = যন্ত্ৰণা; দণ্ড
চঞ্চল = অস্হিৰ
আইন = প্ৰশাসনীয় নিয়ম বা কাৰ্য্য-বাধি
ব্যৱস্হা =দিহা
জয়াল = ভয়-লগা
সুৰগী পহু = ডাঙৰকৈ মাত মতা এজাতি সৰু পহু
দূৰবীণ = দুৰৰ বস্তু স্পষ্টকৈ চাব পৰা যন্ত্ৰ
নিৰ্জু = শান্ত; খং-ৰাগ নথকা
অতিথিশালা = আলহী থকা ঘৰ
⚪ পঢ়া আৰু বুজা
হই নই হ্ন ষই টই ষ্ট
চই ছই চ্ছ সই তই স
ষই টই ৰই ষ্ট্ৰ লই থই স্
ৰই জই ৰ্জ ৰই কই ৰ্
ঞই চই ঞ্চ পই ৰই প্ৰ
⚪ পঢ়া আৰু লিখা:
আহ্নিক বহ্নি অপৰাহ্ন শুভেচ্ছা চাঞ্চল্য হস্তী সুস্থ
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) বকুতহঁলে কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল।
খ) বনৰীয়া জীৱ-জন্তুবোৰ ক’ত নিৰ্ভয়ে বসবাস কৰে?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰ্ভয়েৰে বসবাস কৰে।
গ) ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয়?
উত্তৰঃ আইন অনুসৰি তেনে লোকক শাস্তি বিহা হয়।
ঘ) বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল?
উত্তৰঃ বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল।
ঙ) জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছেল?
উত্তৰঃ জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে আছেল সুগৰী পহু।
চ) কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল?
উত্তৰঃ কাজিৰঙাৰ ভিতৰত জাহ্নবীহঁতে গাহৰিয়ে বোকাত নামি খেলি থকা দেখিছিল।
ছ) জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল?
উত্তৰঃ জাহ্নৱীহঁতে হাতা দুটাক কল খাবলৈ দিছিল।
জ) ৰাতিটো বকুলহঁতে ক’ত কটাইছিল?
উত্তৰঃ ৰাতিটে বকুলহঁতে বন-বিভাগৰ অতিথিশালত কটাইছিল।
ঝ) সপোনত জাহ্নৱীয়ে কাৰ লগত খেলিছিল?
উত্তৰঃ সপোনত জহ্নৱীয়ে সুগৰী পহুকেইটাৰ লগত খেলিছিল।
[২] দুই-তিনিটা বাক্য উত্তৰ লিখা:
ক) বকুল আৰু জাহ্নৱীৰ মনত কিয় ৰং লাগিছিল?
উত্তৰঃ বকুল জহ্নৱীৰ মনত বৰ ৰং লাগিছিল। কাৰণ সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। মাক-দেউতাকো যাব। মোমায়েক, মামীয়েক আৰকু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগতে যাব।
খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল-জাহ্নৱীহঁতে কি কি প্ৰাণী দেখা পালে?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল-জাহ্নৱীহতে হাতী, সুগৰী পহু, গড়, গাহৰি, বনৰীয়া হাতী আৰু মহ দেখিছিল।
গ) চোৰাং চিকাৰীয়ে কি কৰে?
উত্তৰঃ চোৰাং চিকাৰীয়ে লুকাই-চুৰকৈ জীৱ-জন্তু বধ কৰে। জীৱ-জন্তুবোৰ মাৰি মঙহ আৰু অঙ্গ-প্ৰত্যঙ্গবোৰ বিক্ৰী কৰে।
[৩] তলত কথাখিনি শুদ্ধ নে অশুদ্ধ লিখা:
ক) কাজিৰঙাত জীৱ-জন্তু চিকাৰ কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ
খ) বকুলহঁত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল।
উত্তৰঃ অশুদ্ধ
গ) কাজিৰঙাত বনৰীয়া ম’হ পোৱা যায়।
উত্তৰঃ শুদ্ধ
[৪] যাতায়তৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে। বকুল, জাহ্নৱীহঁতো কাজীৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল। হাতীৰ দৰে আন কি কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে, এখনে তালিকা কৰাচোন।
নং
জীৱ-জন্তুৰ নাম
ব্যৱহাৰ
১
হাতী
কাজিৰঙা আৰু উদ্যান সমূহ হাতী ব্যৱহাৰ কৰে
২
ঘোৰা
দূৰ দূৰনিলৈ যাবৰ বাবে ঘোৰা ব্যৱহাৰ কৰে
৩
গাধ
ভাৰতৰ কিছু ঠাইত ঘোৰাৰ সলনি গাধ ব্যৱহাৰ কৰে
৪
উট
মৰোভূমি ঠাইত উট ব্যৱহাৰ কৰকা হয়
[৫] বুজা আৰু লিখা:
ৰং – আনন্দ
মৰম - চেনেহ
নিৰ্জু -
ইংগিত -
ইচ্ছা - .........
[৬] বুজা আৰু লিখা:
ওখ – চাপৰ
ইচ্ছা - অনিচ্ছা
সাহসী - ভয়াতুৰ
সময় - ........
উংসাহ - .......
ডাঙৰ - সৰু
সুবিধা - অসুবিধা
[৭] পঢ়া আৰু বুজা:
ব্ন + অৰীয়া = বনৰীয়া
লগ + অৰীয়া = লগৰীয়া
কাষ + অৰীয়া = কাষৰীয়া
ভাও + অৰীয়া = ভাৱৰীয়া
নাও + অৰীয়া =নাৱৰীয়া
[৮] পঢ়া, বুজা আৰু লিখা:
অভয় + অৰণ্য = অভয়াৰণ্য
মহা + অৰণ্য = মহাৰণ্য
লোক + অৰণ্য = লোকৰণ্য
[৯] কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গ’লে তুমি কি কি প্ৰাণী চাই বেছি ভালপাবা আৰু কিয় ভাল পাবা? এজন এজনকৈ থিয় হৈ কোৱা।
উত্তৰঃ তোমালোকে কি কি প্ৰাণী ভালপোৱা তাৰ বিষয়ে লিখি লবা।
[১০] কাজিৰঙাৰ বাহিৰেও অসমত আৰু কি কি অভয়াৰণ্য আৰু ৰাষ্টীয় উদ্যান আছেশিক্ষকক সুধি জানি লোৱা।
[১১] কাজিৰঙাৰ ভিতৰত থকা বিলত গঁড়কেইটামানে খেলি থকা বকুলহঁতে দেখিছিল।বিলত বিবিধ মাছ আৰু আন জীৱ থাকে। অসমৰত বিলৰ বাহিৰেও আন কি কি ঠাইত মাছ থাকে বাৰু? মাছ থকা ঠাইবোৰৰ এখন তালিকা কৰা।
[১২] শিক্ষকক সুধি বুজা লোৱা। তাৰ পাছত লিখা:
ক) হৰিণাৰ মাংসই বৈৰী।
খ) এশগৰু মাৰিলে বাঘৰো মৰণ।
[১৩] পঢ়া, বুজা আৰু লিখা
যা: সিহঁত কাজিৰঙালৈ যাব।
সিহঁত কাজিৰঙালৈ নাযায়।
সিহঁত কাজিৰঙালৈ যাবনে?
খা: সিহঁত ভাঁত খাব।
সিহঁত ভাঁত নাখায়।
সিহঁত ভাঁত খাবনে?
নাচ: তাই নাচিব।
তাই নানাচে।
তাই নাচিবনে?
খেল: মই খেলিম।
মই নেখেলো।
মই খএলিমনে?
[১৪] ভাবা আৰু উত্তৰ উলিওৱা
ক) গছত গুটি লাগি কি গছ মৰে?
হাতত নাক লৈ কি পহু চৰে?
খ) বুদ্ধত বৃহস্পতি গমনত খৰ,
দিনৰ দিনটো গাঁতত থাকি সন্ধিয়া কান্ধে বৰ।
পোহৰ-পখিলা
ক্ৰিয়া-কলাপ
〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহা
নোহোৱা-নোপজা = আগেয়ে কেতিয়াও নঘটা বা জন্ম নোহোৱা নাভূত-নাশ্ৰত; কাল্পনিক
চানেকি = কাপোৰত তুলিবৰ কাৰণে ফুলৰ আৰ্হি; নমুনা; আদৰ্শ
লাহী = লেহুকা, পাতল, মিহি
ন-কৈ = নতুনকৈ
শিয়ৰা = ভয় খাই বা আচৰিত হৈ গাৰ নোম থিয় হোৱা
চিৰ-সুনদৰ = সৃষ্টীকৰ্তা
[১] কবিতাটি মনত ৰাখা।
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) পখিলাজাকৰ কোন দেশৰ? আৰু কাৰ ফুলনিত নাচে?
উত্তৰঃ পখিলাজাক পোহৰ-দেশৰ আছিল আৰু কবিৰ ফুলনিত নীচিচিল।
খ) পখিলাজাকৰ পাখিবোৰ কেনেকুৱা?
উত্তৰঃ পখিলাজাকৰ পীাখিবোৰ ফুলাম আছিল।
গ) কি কাৰণে ফুলৰ পুৰণি পাহি সৰিছে বুলি কবিয়ে কৈছে?
উত্তৰঃ ন-পখিলাৰ লাহীৰ কাৰণে সৰিছে পুৰণী পাহি।
ঘ) কবিয়ে পখিলাৰ পাহিত কি লিখা থকাৰ কথা কৈছে?
উত্তৰঃ একা বেকা লিখা থকাৰ কথা কৈছে।
[৩] পঢ়া, বুজা আৰু লিখা:
ওপজো - নোপজা
হোৱা - নোহোৱা
পোৱা - নোপোৱা
যোৱা - নোযোৱা
খোৱা - নোখোৱা
গোৱা - নোগোৱা
[৪] বাক্য ৰচনা কৰা:
ৰৈ ৰৈ = কুলিটিয়ে ৰৈ ৰৈ বিনাইছে।
মনে মনে = মানুবোৰে মনে মনে আছে।
পাছে পাছে = সি মোৰ পাছে পাছে আহি আছে।
ঘৰে ঘৰে = সিহত ঘৰে ঘৰে গল।
হাঁহি হাঁহি = সৌ মানুহতোৱে হাঁহি হাঁহি গৈ আছে।
গৈ গৈ = মই গৈ গৈ সিহতৰ ঘৰ পালোগৈ।
মাজে মাজে = ভাগৰ লাগিলে মাজে মাজে বহি লৱা।
কৈ কৈ = মই কৈ কৈ ভাগৰি গৈছো।
[৫] বাক্য ৰচনা কৰা:
পাই = ৰাথীয়ে হেৰোৱা কলমটো পাই ভাল পালে।
পায় = মায়ে মোক বৰ ভাল পায়।
খাই = মই ভাত খাই আছো।
খায় = কল খায় বৰ ভাল পোৱা।
গাই = ..........................................।
গায় = ..............................................।
চাই = ................................................।
চায় = ................................................।
[৬] পঢ়া, বুজা আৰু লিখা:
মিচিকীয়া – বতাহ মিচিকীয়া – হাঁহী
শুৱলা – তামোল শুৱলা - গান
সুৰীয়া – হাঁহী সুৰীয়া - মাত
থুৰীয়া – মাত থুৰীয়া - হাঁহী
ফিৰফিৰীয়া – গান ফিৰফিৰীয়া - মাত
[৭] পঢ়া, বুজা আৰু লিখা:
পখিলাটো – পখিলাজাক
গৰুটো - গৰুজাক
চৰাইটো - চৰাইজাক
মানুহবোৰ - মানুহ বোৰৰজাক
শিক্ষক - শিক্ষকসকল
[৮] পঢ়া আৰু বুজা:
ফুল – ফুলীম
জোন – জোনাক
ৰং – ৰঙীন
খং – খঙাল
[৯] একে অৰ্থ বুজাৱা শব্দ লিখা:
ফুল - পুষ্প কুসুম
নতুন - ন-ন বস্ত
পাখি - ডেউকা
পুৰণি - আগৰ
বাদলৰ বিদ্যালয়
ক্ৰিয়া-কলাপ
🌕 অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
নিৰ্মিত = যিহক সজা হৈছে
পিৰিক-পাৰাক = চকু এবাৰ মেলি এবাৰ মুদি থকা কাৰ্য
পঢ়া আৰু বুজা:
ৰই মই ৰ্ম
ৰই ভই ৰ্ভ
ণই টই ণ্ট
বই ৰই ৰ্ব
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) বাদলৰ কেনেকৈ ভৰি ভাগিল?
উত্তৰঃ বাদলে তললৈ নোচোৱাকৈ মাকৰ ওচৰলা দৌৰি গৈছিল আৰু উজুটি খালেআৰু তাৰ ভৰি ভাগিল।
খ) বাদলহঁতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন?
উত্তৰঃ বাদলহঁতৰ বিদ্যালয়খনৰ নাম হ'ল- সোণতলী অৰণ্য প্ৰাথমিক বিদ্যালয়। শিক্ষক গৰাকীৰ নাম- মহিষ ডাঙৰীয়া।
গ) বিদ্যালয়খন ক’ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে?
উত্তৰঃ সোণতলী অৰণ্যৰ মাজ অংশতে বিদ্যালয়খন অৱস্থিত আৰু ইয়াৰ সমুখত এখন মুকলি পথাৰ, সোঁহাতে আছে এটা পুখুৰী।
ঘ) বাদলহঁতৰ বিদ্যালয় শিক্ষকগৰাকীৰ বিষয় চমুকৈ লিখা।
উত্তৰঃ শিক্ষক মহিষ ডাঙৰীয়াক দেখিলেই শ্রদ্ধাত মূৰ দোঁ খাই যায়। তেওঁ ছাত্র-ছাত্রীসকলক বৰ মৰম কৰে। তেওঁ যেতিয়া নেগুৰডাল আৰু শিংযােৰ জোকাৰি জোকাৰি কথা কয়, তেতিয়া সকলােৱেই বুজি পায় যে তেওঁৰ মনত স্ফূৰ্তি। সাধাৰণতে তেওঁৰ খং নুঠে। কিন্তু যেতিয়া তেওঁৰ খং উঠে তেওঁৰ চকুযোৰ ৰঙা পৰি যায়। নাকেৰেও ফোঁচ ফোঁচ শব্দ কৰে। সেই সময়ত তেওঁক দেখিলে ভয় লাগে। সেইকাৰণে ছাত্র-ছাত্রীয়ে তেওঁক যিমান ভাল পায়, সিমান ভয়াে কৰে।
ঙ) গজানন কেনে প্ৰকৃতিৰ?
উত্তৰঃ গজানন শান্ত প্ৰকৃতিৰ আছিল। গজাননে তাৰ লগৰবোৰক আকৌ সহায় কৰে। সি তাৰ লগৰবোৰক দীঘল শুঁৰডালেৰে ওখ গছৰ পৰা ফলমূল পাৰি দিয়ে।
চ) বন্দুৱাই কেনেকুৱা আচৰণ কৰে?
উত্তৰঃ বন্দুৱাই শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু অশান্তি দিয়ে। ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ জঁপিয়াই থকাই যেন তাৰ কাম।
ছ) শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন?
উত্তৰঃ শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী লপলপী।
জ) বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়?
উত্তৰঃ ফুটুকী নামৰ হৰিণজনী আৰু চঞ্চলমতি নামৰ শহাটোক বাদলে ভাল পায়। দুয়ু ইমান মৰমলগা চকুকেইটাও বৰ ধুনীয়া।
ঝ) শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন?
উত্তৰঃ শ্ৰেণীটোৰ আটাইতকৈ শান্ত পখাৰ নামৰ জেব্ৰাটো আৰু নেলীয়া নামৰ জিৰাফটো।
ঞ) বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা।
উত্তৰঃ বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম হ'ল গজানন, বন্দুৱা, লপলপী, ফুটুকী, চঞ্চলমতি, পখাৰ, নেলীয়া আদি।
ট) ছাত্ৰ-ছাত্ৰীসকলে বাদলক কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে বাদলক ফল-মূল, ঘাহ-বন আৰু পেংডাল আনি দি সহায় কৰিলে।
ঠ) গজাননে বাদলৰ কাৰণে কি আনিলে?
উত্তৰঃ গজানন বাদলৰ কাৰণে পেং আনিলে।
ড) বাদলৰ কিয় চকুপানী ওলাল?
উত্তৰঃ সি গম পালে যে তাক বন্ধুসকলে ইমান ভাল পাই সেই কথা জানি তাৰ চকুপানী উলাল।
[২] কোনে কৈছিল, কাক কৈছিল:
(ক) “বাদল, এতিয়া কেনে পাইছা”
উত্তৰঃ মহিষ ডাঙৰিয়াই বাদলক কৈছিল।
(খ) “পাইলৈ বিষ কমি গ’ল।”
উত্তৰঃ বাদলে মহিষ ছাৰক কৈছিল
[৩] বাক্য ৰচনা কৰা:
খেলা-ধূলা; পিৰিক-পাৰাককৈ; চুচুক-চামাকৈ।
খেলা-ধুলা-বাদলৰ ভৰিখন ভঙাৰ বাবে খেলা-ধুলা কৰিব পৰা নাচিল।
পিৰিক-পাৰাককৈ- ফিটুকী আৰু চঞ্চলমতি ধুনীয় চকুৰে পিৰিক-পাৰাককৈ
[৪] ‘বালদৰ বিদ্যালয়’ নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা
আন চৰাই আৰু জন্তুৰ এখন তালিকা কৰা।
[৫] বুজা আৰু লিখা:
স্কুল = বিদ্যালয়
শিক্ষাৰ্থী = ..........
পদুম = ..........
ভেঁট = ..........
শীতল = ..........
চকুপানী = ..........
[৬] পঢ়া আৰু লিখা:
দুদিন + ঈয়া = দুদিনীয়া
লঘোন + ঈয়া = .............
ভকত + ঈয়া = .............
[৭] পঢ়া, বুজা আৰু নতুনকৈ শব্দ গঠন কৰা:
তন্ময় - তন্ময়তা
সৰল - ............
সাধু - ............
অসৎ - ............
বিশাল - .............
[৮] উপযুক্ত শব্দ বহুৱাই খালি ঠাই পূৰ কৰা:
পিৰিক- পাৰাক; চুচুক- চামাক; থুপুক- থাপাক; জুনুক- জানাক।
ক) শ্ৰেণীকোঠাত বহি ল’ৰাটোৱে __________ কৈ ইফাল-সিফাল চাই আছে।
খ) ছোৱালীজনীয়ে খোজ কাঢ়োঁতে ভৰিত পিন্ধা জুনুকাযোৰ ____________ কৌ বাজি
আছে।
গ) কণমানিটোৱে ____________ কৈ খোজ কাঢ়ি আছে।
ঘ) মইনাটোৰ ____________ কৈ মাত ওলাইছে।
ঙ) মানুহজনে মতাত ছোৱালীজনী _____________ কৈ আগ বাঢ়ি আহিছে।
[৯] পঢ়া আৰু বুজা:
ক) তজবজীয়া ল’ৰাটোৱে বল খেলিআছে।
খ) বৃহৎ গছজোপাৰ শিপাই বহু ঠাই আগুৰি আছে।
গ) ডাঙৰ পুথুৰীটোত বহুত মাছ আছে।
ঘ) হালধীয়া সৰিয়হডৰা চালে চকুৰোৱা হৈছে।
[১০] ভাবা আৰু উত্তৰ উলিওৱা:
চাৰিফালে চাৰি খুঁটা মাজত মেদেল পেটা,
দুই বিচনীয়ে বিচি থাকে লেৰেলা সাপে নাচি থাকে।
[১১] বিদ্যালয়ত হোৱা কোনো এটাঅভিজ্ঞতাৰ কথা বৰ্ণনা কৰি
তোমাৰ বন্ধু এজনলৈ এখনি চিঠি লিখা
Lesson 7
মোহন আৰু কলীয়া
ক্ৰিয়া-কলাপ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
তন্দ্ৰা = চিলমিলীয়া টোপনি
ক্ষোভ = মনৰ অশান্তি
লেঙেৰিয়াই লেঙেৰিয়াই = খোৰাই খোৰাই
নিষ্ঠুৰ = নিৰ্দয়
অত্যাচাৰ = অন্যায় আচৰণ; উংপীড়ন
পহৰা দি = চোকা দৃষ্টিৰে চাই থাক
ঢাপ = বাৰীৰ চাৰিওফালে মাটিৰে কৰা গড়
⚪ পঢ়া আৰু বুজা :
সই কই স্ক
সই থই স্হ
তই ৱই ত্ব
বই ধই ব্ধ
⚪ পঢ়া আৰু লিখা :
স্কুল ৰাস্তা তন্দ্ৰা উপলব্ধি
[১] প্ৰথম কোৱা, তাৰ পাছত লিখা:
ক) নৱাৰুণৰ কিয় নিজৰ ঘৰখনলৈ মনত পৰিছিল?
খ) ঘৰখনৰ লগতে আৰু কাৰ কথা নবাৰুণৰ মনলৈ আহিছিল?
গ) নৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল?
ঘ) মোহনে নৱাৰুণক স্কুলত থ’বলৈ যাওঁতে ৰাস্তাই ৰাস্তাই কিয় প্ৰস্ৰাৱ কৰিছিল?
ঙ) নৱাৰুণে ভাস্কৰৰ স’তে কিয় নেখেলে বুলি কৈছে?
চ) কলীয়াই ভাস্কৰহতঁৰ ঘৰৰ কি কি উপকাৰ কৰিছিল?
ছ) নৱাৰুণৰ কথাত ভাস্কৰে কি উপলব্ধি কৰিলে?
[২] তোমাৰ ঘৰত থকা পোহনীয়া জীৱ-জন্ত্তক লৈ কাহিনী লিখিবলৈ যত্ন কৰা।
[৩] কোনে কৈছিল, কাক কৈছিল:
ক) “নাই নেখেলোঁ। খেলিবলৈ মোৰ মন যোৱা নাই।”
খ) “তুমি যে কি ল’ৰা! এটা কুকুৰক মৰাৰ কাৰণে তুমি মোক নমতা হৈছে।
সি-তো আৰু মানুহ নহয়!”
ঘ) “হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ।”
[৪] বাক্য ৰচনা কৰা:
খুৱাই-বুৱাই; লেঙেৰিয়াই-লেঙেৰিয়াই।
[৫] বুজা আৰু লিখা:
ক) শাক আৰু পাচলি = শাক-পাচলি
খ) গৰু আৰু ছাগলী = ...............
গ) কুকুৰ আৰু মেকুৰী = ...............
ঘ) দিন আৰু ৰাতি = ................
ঙ) ৰাম আৰু লক্ষ্মণ = ...............
[৬] বাকচত থকা শব্দৰে খালি ঠাই পূৰোৱা:
ক) কুকুৰে .....................।
খ) গৰুৱে ......................।
গ) সিংহই ......................।
ঘ) শিয়ালে ......................।
ঙ) ছাগলীয়ে .......................।
চ) মেকুৰীয়ে .......................।
ছ) সাপে ......................।
জ) মহে ........................।
ঝ) বান্দৰে .......................।
[৭] শুনা আৰু লিখা:
ভাস্কৰৰ কথাত নৱাৰুণে উত্তৰ দিলে, “তুমি মোৰ একো অন্যায় কৰা নাই। কিন্ত্ত ৰাতিপুৱা যে তুমি তোমালোকৰ কলীয়াক ইমান পিটিলা, কিয় বাৰু? তোমাৰ অলপো বেয়া নালাগিলনে? সি এতিয়াও লেঙেৰিয়াই লেঙেৰিয়াই খোজ কাঢ়ি আছে। ইমান নিষ্ঠুৰ সেই কাৰণেই মই তোমাক বেয়া পাইছোঁ।”
Lesson 8
গ্ৰাহক আহিলে খং উঠা দোকানীজন
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতে চিনাকী হওঁ আহা:
ভ্ৰক্ষেপ = কেৰাহীকৈ চোৱা কাৰ্য্য
ভ্ৰক্ষেপ নকৰ = আওকাণ কৰ; আৱহেলা কৰ
দৃঢ়প্ৰতিজ্ঞ = প্ৰতিজ্ঞাত স্হিৰ
পানীপোতা = খেৰৰ বা টিনৰ ঘৰৰ চালৰ তলত পানী পৰা ভাগ
⚪ পঢ়া আৰু বুজা :
বই যই ব্য
সই ৱই স্ব
নই সই ন্স
[১] পঢ়া আৰু লিখা:
ব্যতিক্ৰম ব্যৱহাৰ স্বাধীন স্বাভাৱিক ফ্ৰান্স
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল?
খ) লিউৱেনহুকে কি হোৱাৰ সপোন দেখিছিল?
গ) লিউৱেনহুকে কি কাৰণ মনত বৰ ৰং পাইছিল?
ঘ) তেওঁ কেনেধৰনৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল?
ঙ) বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্এ কিমান চনত কোনে
আৱিষ্কাৰ কৰিছিল? তেওঁৰ ক’ত জন্ম হৈছিল?
চ) লিউৱেনহুকে অণুবীণক্ষণ যন্এটোৱে কি
কি পৰীক্ষা কৰিছিল?
ছ) অণুবীক্ষণ যন্এৰে পৰীক্ষা কৰি লিউৱেনহুকে কি কি নতুন কথা জানিব
পাৰিলে?
জ) জীৱাণু মানে কি?
[৩] পাঠটো পঢ়ি লিউৱেনহুকৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখা।
[৪] বুজা আৰু বাক্য সাজা:
কাটি কাটি : ভাস্কৰগৰাকীযে শিল কাটি কাটি মূৰ্তি সাজিলে।
সৰু সৰু : .....................................................।
চাই চাই : .....................................................।
ক্ষুদ্ৰ ক্ষুদ্ৰ : ......................................................।
শুই শুই : .......................................................।
ৰৈ ৰৈ : ........................................................।
[৫] বুজাই আৰু লিখা:
সমাজ – সমজুৱা
পথাৰ - ..........
বজাৰ - ..........
এঙাৰ - ..........
কল পাত - ..........
[৬] কোনে কৈছিল, কাক কৈছিল:
“কি হ’লনো? কিয় এনেদৰে মাতিলে? দেখা নাই নে, মই কাম যে কৰি আছোঁ!
মোক এতিয়া দিগদাৰ নকৰিলে।”
[৭] তুমি জনা আন আন বিজ্ঞানীসকলে এনেদৰে কি কি বস্ত্ত উদ্ভাৱন কৰি
উলিয়াইছে, তাৰ এখন তালিকা কৰা।
[৮] তলত দিয়া বিজ্ঞানী দুগৰাকীৰ বিষয়ে জানিবলৈ চেষ্ঠা কৰা:
ক) গেলিলিঅ’ গেলিলি
খ) গুগ্লিয়েম’ মাৰ্ক’নি
[৯] নতুন শব্দ গঠন কৰা:
বলিয়া – বলিয়ালি
ল’ৰা - ............
কৃপণ - ............
চতুৰ - ............
টেঙৰ - ...........
ধূৰ্ত - ............
বান্দৰ - ...........
ভনু - ............
[১০] পঢ়া বুজা আৰু লিখা:
কিলবিল – কিলবিলাই
বাক্য – পানীডোঙাত বহুতো পোকে কিলবিলাই আছে।
পিৰপিৰ - ...............
বাক্য - ..................................................।
খিলখিল - ................
বাক্য - ....................................................।
তিৰবিৰ - .................
বাক্য - .....................................................।
গিজগিজ - ..................
বাক্য - ......................................................।
চিকমিক - ..................
বাক্য - .......................................................।
[১১] বিপৰীত অৰ্থবোধক শব্দ লিখা:
ক্ষুদ্ৰ; উন্নত; সক্ষম; পৰিষ্কাৰ।
[১২] ভাবা আৰু উত্তৰ উলিওৱা:
কাণত ধৰে, নাকত বহে
বস্তুটোনো কি?
বহুতকে লাগে।
Lesson 9
তৰা
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতি চিনাকি হওঁ আহা:
তিৰবিৰ = জলমল
অমানিশা = অমাৱস্যা; আউসী
ধৰা = পৃথিৱী
নই = নদী
গৰা = নৈ, পুখুৰী আদিৰ ওখ আৰু থিয় পাৰ
পিটনি = পানীৰ ওপৰত বৰ ডাঠ হৈ গজা দল ঘাঁহ আদি থকা ঠাই
ঢৰা = ঢাৰী
হৰা = বলেৰে বা ছল কৰি নিয়া; আকৰ্ষণ কৰা
পথিক = বাটৰুৱা
বতৰা = বাতৰি; খবৰ
চিলমিল = চকুৰ আগত অলপ অলপকৈ জিলিকা
থমকি = কৰি বা গৈ থকোঁতে হঠা ৰৈ দিয়া
টিপতে = খন্তেকতে; চকুৰ পচাৰতে
চিত = মন
নিতে = সদায়; নিতৌ
[১] কবিতাটি মনত ৰাখা।
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা।
ক) তৰাৰ চকুযুৰি আৰু মুখখন কেলেকুৱা?
খ) তৰাই কি পোহৰায়?
গ) তৰাৰ হাঁহিটি ক’ত ক’ত পৰে?
ঘ) তৰাৰ হাঁহিটি পৰিলে কোনে নাচে?
ঙ) গধূলি বেলিকা কবিয়ে লগৰীয়াৰ স’তে কি কৰে?
চ) তৰাই কাক পথৰ বতৰা দিয়ে?
ছ) কবি কিয় আচৰিত হয়?
[৩] পঢ়া, বুজা্ আৰু লিখা:
ফুল - ফুলনি
বাঁহ - ..........
শাক - ..........
মাহ - ..........
কল - ..........
ধান - ..........
বন - ..........
[৪] বাক্য ৰচনা কৰা:
তিৰবিৰ; মিলি-জুলি; কাণ পাতি; আপোন-পাহৰা; চিলমিল; বিয়াকুল।
[৫] তলৰ খালী ঠাইবোৰত ‘খা’ –এই শব্দটো উপযুক্ত ৰুপত ব্যৱহাৰ কৰি বাক্যকেইটি
পুনৰ লিখা:
ক) মই ভাত খাওঁ।
খ) সীমানে এতিয়া ভাত ...........।
গ) তুমি ভাত ...........নে?
ঘ) কালি আমি বনভোজ ..............।
ঙ) যোৱা ৰবিবাৰে সি মাছৰ আন্জ্ঞাৰে ভাত ............।
চ) কাইলৈ দুপৰীয়া তোমালোকে কি .............?
ছ) অহা দেওবাৰে আমি পচলা ..............।
[৬] পঢ়া, বুজা আৰু লিখা:
আকাশ – পাতাল আকাশ - গগন
পোহৰ - .......... জেউতি - .........
আঁউসী - .......... গধূলি - .........
হাঁহি - .......... পথ - .........
ৰাতি পুৱা - .......... চকু - .........
দিন - ........... নিজৰা - ........
[৭] তোমাৰ চাৰিওফালে সদায় দেখি থকা গছ, নৈ, আকাশ, বেলি, পথাৰ, চৰাই আদিক লৈ
কল্পনা কৰি কবিতা লিখিবলৈ চেষ্টা কৰা। এনে বিষয়ৰ কবিতাবোৰো সংগ্ৰহ কৰা।
[৮] পঢ়া, বুজা আৰু লিখা (অভিধানৰ সহায় ল’বা)
য’ত = কলমটো য’ত আছিল তাতেই থোৱা।
যত = ঘৰত যত কিতাপ আছিল সকলো পঢ়িলোঁ।
ক’ত = ................................................।
কত = .................................................।
অ’ত = .................................................।
অত = ..................................................।
[৯] পঢ়া, বুজা আৰু লিখা:
জিলমিল – চিলমিল
থমকি - ............
হৰা - .............
ধৰা - ............
[১০] উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা:
চিলমিল; জিলমিল; উমিউমি।
ক) আকাশত তৰাবোৰে ............. কৰিছে।
খ) ......... টোপনিত মই এটা সপোন দেখিছিলোঁ।
গ) জুইকুৰা ............ জ্বলিছে।
Lesson 10
কাঁহৰ মেল
ক্ৰিয়া-কলাপ
অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
মেল = আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ
সম্ভাৱ্য = যিহৰ ঘটিবৰ আশা আছে, সম্ভৱনা থকা
উদ্যোক্তা = আয়োজনকাৰী
বয়োজ্যেষ্ঠ = বয়সত ডাঙৰ
ব্যাক্তি = মানুহ; লোক
থলী = স্হল; বাম ঠাই
সম্ভষণ = আদৰণি; আগ্ৰহেৰে কৰা মাত-বোল
সুকলমে = বাধা-বিঘিনি নোহোৱাকৈ
আসন = বহিবৰ বাবে যুগুত কৰা বস্তু
সমৰ্থন = সপক্ষে মত দান; হয়ভৰ
উদ্দেশ্য = লক্ষ্য; অভিপ্ৰায়
অতীজ = আগেয়ে হৈ যোৱা; পুৰণি কাল
সমাদৰ = বিশেষ আদৰ; সন্মান
সামগ্ৰী = দ্ৰব্য-সম্ভাৰ; কোনো কামৰ বাবে লগা বস্তু
লোপ = নোহোৱা হোৱা
সচেতন = সজাগ; চেতনাযুক্ত
সমাধান = নিষ্পত্তি; মীমাংসা
আয়োজন = যো-জা; যোগাৰ; সংগ্ৰহ
মঞ্চ = কাঠ, বাঁহ আদিৰে সজা চাং; বেদী
পণ = প্ৰতিজ্ঞা
প্ৰশংসা = গুণ-কীৰ্তন; শলাগ
ইতিহাস = অতীত ঘটানাৰ বিৱৰণ; পুৰণি কথা; বুৰঞ্জী
শিল্প = বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম; কাৰিকৰী কৰ্ম
হ্ৰাস = কমি যোৱা অৱস্থা
পাত্ৰ = বস্তু থোৱা সঁজুলি
যাদুঘৰ = সংগ্ৰহালয়
হুলস্থূল = গোলমাল; হৈ চৈ
আদৰ = প্ৰশংসা; শ্ৰদ্ধাৰে দেখুওৱা মৰম
প্ৰদৰ্শনী = দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পোহাৰ-মেলি দেখুওৱা মেল
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা :
ক) কঁহাৰ গাঁৱত লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি
আছিল ?
খ) খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি
আছিল ?
গ) কোনে মেলৰ কাম আৰম্ভ কৰিলে ?
ঘ) মেলৰ সভাপতি কাক পতা হৈছিল ?
ঙ) কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ?
চ) মেলখনৰ উদ্দেশ্য কি আছিল ?
ছ) কাৰদ্ধাৰা গীত পৰিৱেশন কৰা হৈছিল ?
জ) কোনে কাঁহশিল্প ইতিহাস বৰ্ণনা কৰিছিল ?
[২] পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখা :
ক) কোঁহমৰা কাঁহৰ সঁজুলি
খ) ঢলা কাঁহৰ সঁজুলি
গ) ঢলুৱা কঁহাৰ
[৩] ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা
যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে ?
[৪] অসমত প্ৰচলিত তালকেইযোৰ মান নাম লিখা ।
[৫] হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত ?
[৬] বুজা আৰু লিখা :
ক) হাত আৰু মুখ = হাত-মুখ
খ) হাত আৰু ভৰি = .................
গ) ল'ৰা আৰু ছোৱালী = .............
ঘ) হাতেৰে মৰা চাপৰি = .............
ঙ) জন্ম স্থান = ...............
[৭] পঢ়ি, বুজা আৰু লিখা :
ডাঙৰীয়া ㅡ ডাঙৰীয়ানী
শ্ৰীযুত ㅡ .....................
মাননীয় ㅡ .................
শ্ৰীমান ㅡ ..................
বুদ্ধিমান ㅡ ...............
[৮] বুজা আৰু লিখা :
মেল য'ত কৰা হয় = মেলৰ থলী
সভা য'ত কৰা হয় = .................
ৰণ য'ত কৰা হয় = .................
পূজা য'ত কৰা হয় = ................
উৎসৱ য'ত কৰা হয় = .............
[৯] বাক্য ৰচনা কৰা :
হাত-চাপৰি; সমাদৰ; বিখ্যাত; আশা ।
[১০] একে অৰ্থবোধক শব্দ লিখা :
উদাহৰণ : মেল ― সভা
গাঁও ― .........
শোভা ― ..........
মানৱ ― .........
আকাশ ― ..........
[১১] শিক্ষকক সুধি বুজি লোৱা । :
ক) এপাচি শাকত এটা জালুক ।
খ) উপকাৰীক অজগৰে খায় ।
[১২] শুনা আৰু লিখা :
''বৰ্তমান অসমত কাঁহশিল্প একেবাৰে লোৱা নাই । কিন্তু আগতকৈ ইয়াৰ প্ৰচন কমি আহিছে । আগতে অসমৰ কঁহাৰকলে তামৰ গলত ৰাং নামৰ ধাতু মিহলাই কাঁহ প্ৰস্তুত কৰি লৈছিল । এতিয়া ভঙা কাঁহ কি কি আনি তাকে গলাই নতুন কাঁহৰ সামগ্ৰী গঢ়ে । ফলত পুৰণি অসমত কাঁহৰ গুণ বহুত হ্ৰাস পাইছে । এনে হৈ থাকিলে ভৱিষ্যতে অসমত কাঁহশিল্প একেবাৰে লোপ পাব । গতিকে ইয়াৰ বাবে আমিয়েই উচিত পদক্ষেপ লোৱা উচিত । ইমানকে কৈ মই মোৰ বক্তব্যৰ সামৰিণ মাৰণি মাৰিলোঁ । '' কথাখিনি কৈ বেৰাকাঁহী ডাঙৰীয়ানী বহিল । সকলোৰে হাত-চাপৰিত মেলৰ থলী ৰজন-জনাই গ'ল ।
ঢোপ-খেলৰ আনন্দ
পাঠ ১২
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
চুবুৰি = নগৰ বা গাৱঁৰ মানুহৰ বসতি থকা এক খণ্ড
টঙালি = কঁকালত আটি লোৱা ঠেক, দীঘল কাপোৰ; কঁকালী পেটী
ৰগৰ = কৌতুক; আনন্দ; ৰং-তামাছা
কিৰীলি = ডাঙৰকৈ শব্দ কৰি মৰা হাঁহি; বৰকৈ হাঁহি হাঁহি কৰা ৰং-ধেমালী
সন্তুষ্টি = তৃপ্তি; সন্তোষ; পৰিতুষ্টি; প্ৰসন্নতা
*পঢ়া আৰু বুজাঃ
সই কই স্ক
নই তই উৱে ন্তু
পই ৰই প্ৰ
তই য়ই ত্য
নই দই ন্দ
ষই টই ষ্ট
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ
ক) চুবুৰিটোৰ ল’ৰা-ছোৱালীবোৰে তপন খুৰাক অহা দিনটোলৈ কিয় বৰ আশাৰে বাট চাই থাকে?
খ) ঢোপ মানে কি? ঢোপ-খেল কাক কয়?
গ) ঢোপ-খেল কিমান পুৰণি?
ঘ) ঢোপ-খেল খেলিবলৈ কেনেদৰে ঘৰ কৰা হয়?
ঙ) ঢোপ-খেলৰ ‘ঘাই’ৰ কাম কি?
চ) ঢোপ-খেলৰ ‘সৈয়া’ মানে কি?
ছ) ৰাখাল কেনেকৈ ‘সৈয়া’ হ’ল?
[২] ঢোপ-খেলৰ নিচিনা আন আন পুৰণি খেলৰ মান লিখা আৰু কেনেকৈ খেলা হয়, আলোচনা কৰা ।
৩] বাক্য ৰচনা কৰাঃ
টঙালি; খেল; কিৰীলি; মজা।
৪] কোনে কৈছিল, কাক কৈছিল:
ক) “তোমালোকে বোলে নতুন খেল শিকিবলৈ একেবাৰে কঁকালত টঙালি বান্ধি আছা”?
খ) “ঠিক আছে শিকাম। কিন্তু তোমালোকে খেলটো ভাল পাবানে বাৰু”?
গ) “তুমি এতিয়া ‘সৈয়া’। মণিহঁতৰ দলৰ পাছফালে থিয় দিয়াহি আহা”।
ঘ) “অঁ খুৰা, ইমান মজাৰ খেল ভাই”!
৫] পঢ়া, বুজা আৰু লিখাঃ
ল’ৰা + ছোৱালী = ল’ৰা-ছোৱালী
নিজৰ – আনৰ
পাছফাল – আগফাল
[৭] পঢ়া, বুজা আৰু লিখাঃ
ক) খেল খেলে যিয়ে = খেলুৱৈ
খ) আভিনয় কৰে যিয়ে = ..................
গ) নাটক ৰচে যিয়ে = ..................
ঘ) কবিতা ৰচে যিয়ে = .................
ঙ) গানৰ সুৰ দিয়া যিয়ে = .................
শিক্ষক + শিক্ষয়িত্ৰী = শিক্ষক-শিক্ষয়িত্ৰী
ককা + আইতা = ককা-আইতা
মা + দেউতা = মা-দেউতা
খুৰা + খুৰী = খুৰা-খুৰী
[৬] বুজা আৰু লিখাঃ
নতুন – পুৰণি
মুকলী – বন্ধপাঠ : বাৰ
পাঠ-বাৰ
পাঠঃ তেৰ
বৰপোনাৰ হাট
অৰ্থৰ সৈতে চিনাকি হওঁ আহাঃ
হাট = সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা বজাৰ
সস্তা = সুলভ; কম দামী
বজাৰ = বেচা-কিনা কৰা ঠাই; হাট
চৰু = মাটিৰ ৰন্ধা পাত্ৰ
চুচুক-চামাক = কোনো ঠাই বা লোকৰ আগলৈ যাবলৈ ভয় বা লাজ কৰি আগ-পাছ কৰা কাৰ্য
তৰ্জন-গৰ্জন = খং প্ৰকাশ কৰি গুজৰি-গুমৰি ডাবি দিয়া কাৰ্য
লেৰেলা = শুকান; মৰহা; ক্ষীণ
আঁচল = মূল; প্ৰধান; প্ৰকৃত; যথাৰ্থ
১। কবিতাটি মনত ৰাখা।
২। প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ
ক) বৰপোনাই হাটলৈ যাওঁতে হাতত কি লৈ ওলাল?
খ) বাটত ভঁৰালী খুৰাই কি কিনিলে?
গ) বৰপোনাই সস্তাত কি কিনিলে?
ঘ) বৰপোনাই ভাগৰ লগাত ক’ত জিৰালে?
ঙ) মাকৰ ভয়ত বৰপোনাৰ কেনে অৱস্থা হ’ল?
চ) মাকে খঙতে কি কি কৰিব বুলি বৰপোনাই ভাবিলে?
ছ) বৰপোনাই আচল কথাটো কৈ দিয়াত মাকৰ কেনে অৱস্থা হ’ল আৰু মাকে তাক কি ক’লে?
৩। বাঁওফালৰ লগত সোঁ-ফাল মিলাই লিখাঃ
ছাতি বাৰ ছাতি কাতি
বৰালি ভুকু বৰালি খৰালি
মাৰ খৰালি মাৰ বাৰ
চকু পৰত চকু ভুকু
ঘৰত কাতি ঘৰত পৰত
৪। অভিধান চাই অৰ্থ বিচাৰি লোৱাঃ
চাই, ছাই; আচল, আঁচল; বিশাল, বিষাল।
৫। বাক্য ৰচনা কৰাঃ
অ’ত-ত’ত; গালি-শপনি; চুচুক-চামাক; তৰ্জন-গৰ্জন।
৬। কবিতাটোৰ কথাখিনি নিজৰ ভাষাৰে কাহিনী হিচাপে লিখিবলৈ যত্ন কৰা।
৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰাঃ
লৰা, ল’ৰা; কলা, ক’লা; বল, ব’ল।
৮। শিক্ষকক সুধি অৰ্থ জানি লোৱা। তাৰ পিছত একোটিকৈ বাক্য ৰচনা কৰাঃ
মেকুৰী-খোজ; কুকুৰ-লৰ; শহা-কণীয়া; কুকুৰ-ধেমালী।
পাঠ:চৈধ্য
মাধৱদেবৰ গুৰুসেৱা
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
দোণ = পাঁচ সেৰ শস্য ধৰা কাঠীৰে সজা এবিধ পাত্ৰ
ইকৰা = ঘৰৰ বেৰ দিয়া খাগৰিৰ নিচিনা কিন্তু তাতোকৈ সৰু এবিধ বন
নল = এবিধ ফোঁপোলা খাগৰি জাতিৰ তৃণ
পোহা = এখন মেলা হাতৰ তলুৱাৰ ঠোলা
পজালি = শুকাবৰ নিমিত্তে তলীতে তুলি থোৱা মাহ, সৰিয়হ আদিৰ
বেলেগ বেলেগ মুঠা বা সোপা
খোলা = কোনো কোৰ্য্যত ব্যৱহাৰ কৰিবলৈ চুৰুকি চিকুণুৱা ঠাই
জাৰণি = ডাঠ হাবি; কাঠনি
তাঁৰ = সৰু জৰী বা শলি
উখোৱা চাউল = সিজাই ৰ’দত শুকুওৱা ধানৰ কৰা কৰা চাউল
বকৰাণি = চন পৰি থকা মাটি
*পঢ়া আৰু বুজা:
তই ৱই ত্ব
শই ৰই ঊৱে শ্ৰূ
জই ঞই জ্ঞ
কই তই ক্ত
[১] পঢ়া আৰু লিখা:
মহাপ্ৰয়াণ দায়িত্ব শুশ্ৰূষা যজ্ঞধাৰি
নিশ্চয় মাহ-প্ৰসাদ শ্ৰদ্ধা-ভক্তি প্ৰমাণ
[২] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) গুৰুজনাই ক’ত সৰিয়হ খেতি কৰিছিল?
খ) গুৰুজনাৰ সৰিয়হৰ খেতিডৰা মাধৱদেৱে কি বুদ্ধিৰে তোলালে?
গ) মাধৱদেৱে আই গোসাঁনীক চাৰিদোণ ধান কিয় বিচাৰিছিল?
ঘ) গুৰুজনাৰ গা-ধোৱাৰ বাবে মাধৱদেৱে কি ব্যৱস্থা লৈছিল? তেওঁ এই ব্যৱস্থা কিয় স’ব লগা হ’ল?
[৩] পঢ়া আৰু লিখা:
ধানখেতি কৰা ঠাই = ধানতলি
মাহ খেতি কৰা ঠাই = মাহতলি
সৰিয়হখেতি কৰা ঠাই = সৰিয়হতলি
কঠীয়া সিঁচা ঠাই = কঠীয়াতলি
[৪] বুজা আৰু লিখা:
নাহৰ + অনি = নাহৰণি হাবি + অনি = ................
জাৰ + অনি = .............. পদুম + অনি = .................
মাহ + অনি = ............... কাঠ + অনি = ................
[৫] বাক্য ৰচনা কৰা:
শিষ্য; সেৱা-শুশ্ৰূষা; মন-কাণ; মাহ-প্ৰসাদ; উপবাস।
[৬] তলৰ বিষয়বোৰৰ বিষয় আলোচনা কৰা:
ঝুমুৰা; গীত-ভটিম; বৰগীত; চৰিত-পুথি।
[৭] ভাবা আৰু উত্তৰ উলিওৱা:
ক) মাকে বৰশী বায়, পুতেকে সৰগ চায়।
খ) চিতপখিলা, তিনিমূৰ দহঠেং ক’ত দেখিলা?
গ) জগতক পালক চা মাজৰটো নকওঁ যা, শেষৰটো ল কোনে পাৰ ক।
পাঠ: পোন্ধৰ
সাঁকো
*অৰ্থৰ সৈতে চিনাকি হওঁ আহাঃ
সেতু = সাঁকো; দলং; বান্ধ
স্মৰণীয় = মনত ৰাখিব লগীয়া
চমৎকাৰ = বিস্ময়কৰ; আশ্চৰ্য্যজনক
নিৰ্মাণ = গঠন কৰা কাৰ্য্য; সজা কাৰ্য্য
ভাৰ্যা = স্ত্ৰী; পত্নী
মহাকাব্য = পৌৰাণিক-ঐতিহাসিক ঘটনাসম্বলিত বহু পৰ্ব বা কাণ্ডত বিভক্ত, বিচিত্ৰ ছন্দত সজ্জিত, চিৰন্তন আদৰ্শৰাজিৰে বৃহৎ কাব্য
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখাঃ
ক) কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে কোন কোন জিলা সংযোগ কৰিছে?
খ) দলংবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয়?
গ) ‘দলং’ শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দটা শব্দ কি কি বাৰু?
ঘ) সাঁকো কিহেৰে সজা হয়?
ঙ) শিলসাঁকো ক’ত বুলি জনা যায়? এই শিলসাঁকোৰ বিষয়ে এটি টোকা লিখা।
চ) প্ৰতাপসিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল?
ছ) ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল?
[২] বাক্য ৰচনা কৰাঃ
সাঁকো; সেতু; সৈন্যবাহিনী; গৌৰৱ।
[৩] পাঠটোত কেইখনমান নৈৰ নামৰ উল্লেখ আছে। তুমি জনা অইন কেইখনমান নৈৰ নাম লিখা।
[৪] বুজা আৰু লিখাঃ
এক + টা এটা
দুই + টা দুটা
তিনি + টা তিনিটা
চাৰি + টা চাৰিটা
পাঁচ + পাঁচটা
[৫] পঢ়া আৰু লিখাঃ
সৰু আৰু বৰ = সৰু-বৰ
কলা আৰু কৃষ্টি = কলা-কৃষ্টি
দৌল আৰু দেৱালয় = দৌল-দেৱালয়
মন্দিৰ আৰু মছজিদ = মন্দিৰ-মছজিদ
ভাষা আৰু সাহিত্য = ভাষা-সাহিত্য
মসাজ আৰু সংস্কৃতি = মসাজ-সংস্কৃতি
[৬] পঢ়া, বুজা আৰু লিখাঃ
অহা-যোৱা = আমি এই বাটেৰে বজাৰলৈ অহা-যোৱা কৰোঁ।
চলা-ফিৰা = .................................
ফুৰা-চকা = .................................।
দেখা-শুনা = ................................।
পিন্ধা-উৰা = ................................।
খোৱা-লোৱা = ..............................।
[৭] পঢ়া, বুজা আৰু লিখাঃ
ক) পাহাৰৰ পৰা বৈ অহা সৰু নৈ = জুৰি
খ) কোনো নৈৰ পৰা এসোঁতা পানী ফাটি গৈ পুনৰ সেই নৈত পৰে = ................
গ) পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী = .................
ঘ) বন্ধ হৈ থকা আহল-বহল পানীভাগ = .................
ঙ) মানুহে পানী ৰাখিবলৈ খন্দা চাৰিচুকীয়া বা আন আকাৰৰ দ ঠাই = .................
চ) খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই = ..................
[৮] বুজা আৰু খালী ঠাই পূৰোৱাঃ
ক) জোতা-চেণ্ডল চিলাই কৰোঁতাজন = .................
খ) বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰোঁতাজন = .................
গ) খেতিৰ কাম কৰোঁতাজন = .................
ঘ) চুলি কাটি জীৱিকা নিৰ্বাহ কৰোঁতাজন = ..................
ঙ) মাছ মাৰি জীৱিকা নিৰ্বাহ কৰোঁতাজন = .................
[৯] ভাবা আৰু কোৱা:
ক) সাঁকো বা দলংবোৰে সমগ্ৰ মানৱজাতিৰ মাজত মিলনৰ সেতু গঢ়াত কেনেদৰে সহায় কৰিছে?
খ) সাঁকো বা দলংবোৰে নথকা হ’লে কি হ’লহেতেন?
পাঠ:ষোল
প্ৰেমচান্দ
*অৰ্থৰ সৈতে চিনাকি হোঁ আহা:
বাটকুৰি বা = বহুদূৰ খোজকাঢ়ি যা
ব্যাকুল = অতিশয় আকুল
সঁহাৰি = সমিধান; উত্তৰ
চুৰিয়া = পুৰুষে কঁকালত মেৰিয়াই খোঁচ মাৰি পিন্ধা নিচিলোৱা কাপোৰ; ধুতি
*পঢ়া আৰু বুজা:
বই য়ই ব্য
ৰই দই ৰ্দ
ষই কই ষ্ক
শই ৰই শ্ৰ
*বুজা আৰু লিখা:
বিখ্যাত বাস্তৱ সাহিত্য সাহিত্যিক
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) চন্দ্ৰহাছানে ক’ৰ পৰা ক’লৈ বাটকুৰি বাই গৈছিল?
খ) চন্দ্ৰহাছানে লিখকজনক লগ পাবলৈ কিয় ব্যাকুল হৈ পৰিছিল?
গ) চন্দ্ৰহাছানে লিখকজনৰ ঘৰৰ দুৱাৰৰ কাষলৈ গৈ ভিতৰলৈ ভুমুকিয়াই চাই কি দেখিছিল?
ঘ) “আপুনি বিচৰা মানুহজন এইজনেই”।–গেঞ্জীৰ ওপৰত পাঞ্জাৱী চোলা পিন্ধা মানুহজনে এইবুলি কোৱাত ডেকা কবি নাছাদ কিয় আচৰিত হৈ পৰিছিল?
ঙ) চন্দ্ৰহাছানে সহায়ক বুলি ভবা মানুহজন প্ৰকৃততে কোন? তেওঁৰ প্ৰকৃত নামটো কি?
[২] বাক্য ৰচনা কৰা:
ইঘৰ-সিঘৰ; কাগজ-কলম; ভয়-সংকোচ; সহজ-সৰল।
[৩] পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা:
ক) ৰত্নাই ঘৰৰ দুৱাৰত টকটককৈ টুকুৰিয়াই দিলে।
খ) অমৃতাই—কৈ খটখটিৰে ওপৰলৈ বগাই গৈছে।
গ) ভয়তে মাৰ বুকখন—কৈ মাৰিছে।
ঘ) কলিংবেলৰ শব্দত—কৈ সাৰ পালোঁ।
ঙ) ভোকাতুৰ মানুহজনে—কৈ ভাতখিনি খাইছে।
[৪] বুজা আৰু লিখা:
ভা পতা গৃহ = সভাগৃহ=
ৰজাৰ যি সভা = ৰাজসভা
উৰা যি জাহাজ = উৰাজাহাজ
দুষ্ট যি দুদ্ধি = দুষ্টবুদ্ধি
মৰু যি ভূমি = মৰুভূমি
শুক্ল যি পক্ষ = শুক্লপক্ষ
কৃষ্ণ যি পক্ষ = কৃষ্ণপক্ষ
[৫] বুজা আৰু লিখা:
উপ + স্থিত = উপস্থিত
উপ + স্থাপন = উপস্থাপন
উপ + গ্ৰহ = উপগ্ৰহ
উপ + আচাৰ = উপাচাৰ
উপ + কৃত = উপকৃত
[৬] এটা শব্দত প্ৰকাশ কৰা:
ক) স্বইচ্ছাৰে আনক সেৱা কৰিবলৈ আগ বাঢ়ি অহা লোক = স্বেচ্ছাসেৱক।
খ) উপকাৰীৰ উপকাৰ স্বীকাৰ কৰা লোক = ....................।
গ) নিজৰ ওপৰত নিৰ্ভৰ কৰি চলা লোক = ....................।
ঘ) আনৰ ভাল দেখিব নোৱৰা লোক = ....................।
পাঠ:সোতৰ
দেওবাৰ! দেওবাৰ!
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
বেজাৰ = দুখ; অসন্তোষ
লৰালৰি = খৰ-খেদা; ততাতৈয়া
লাহে-ধীৰে = খৰধৰ নকৰাকৈ; ধীৰে-শাঁতে
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) দেওবাৰৰ দিনত কিয় বেজাৰৰ চিন নাথাকে?
খ) দেওবাৰৰ দিনটোক কিয় যাদু-লগা দিন বুলি কোৱা হৈছে?
গ) তুমি দেওবাৰটো ভাল পোৱানে? দেওবাৰে তপমি কি কি কৰা বাৰু?
[২] পঢ়া আৰু লিখা:
মাৰবল – মাৰ্বল
কিৰ্কেট – ক্ৰিকেট
বিৰিখ – বৃক্ষ
[৩] তুমি জনা কেইবিধমান ফলৰ নাম লিখাঁ। তাৰ ভিতৰত তুমি খাই ভালপোৱা এবিধ ফলৰ বিষয় দহোটামান বাক্যত এটি টোকা লিখাঁ।
৪] পঢ়া, বুজা আৰু লিখা:
ভৰি = চৰণ পদ
বেজাৰ =.........................
দেউতা =.........................
টোপনি =..............................
[৫] অদাহৰণত দিয়াৰ দৰে খালী ঠাই পূৰ কৰা:
উদাহৰণ: ভাল দিন। : বেয়া দিন।
ক) পৰিপাটি ঘৰ :................... ঠাই।
খ) লাহে-ধীৰে শুই :..................উঠি।
গ) হাঁহি থকা কেঁচুৱা :................. থকা মইনা।
[৬] উদাহৰণলৈ চাই বাক্য ৰচনা কৰা:
উদাহৰণ : খেলোঁ : মই ক্ৰিকেট খেলোঁ।
নেখেলোঁ : মই কাবাদী নেখেলোঁ।
ক) খাওঁ খ) কৰোঁ গ) পঢ়োঁ
নাখাওঁ নকৰোঁ নপঢ়োঁ
ঘ) দিবা ঙ) নাচে
নিদিবা নানাচে
[৭] কবিতাটো মনত ৰাখা।
[৮] শিক্ষকক সুধি অৰ্থ জানি লোৱা:
ক) আপোন ভালেই জগত ভাল।
খ) যত্ন কৰিলে ৰত্ন পায়।
[৯] উপযুক্ত শব্দটোৰে খালী ঠাই পূৰ কৰা:
লেট-পেট; কেৰ-কেৰ; থেৰো-গেঁৰো; থৰক-বৰক।
ক) মানুহজন শোৱাৰ লগে লগে পুৰণি বিছনখন ........................ কৈ উঠিল।
খ) গাহৰিটোৱে বোকাতে .................... খাই বাগৰি আছে।
গ) মানুহজনে মতাত মই ................... কৈ আগ বাঢ়ি আহিলোঁ।
ঘ) আমাৰ ককাই আজিকালি ................... কৈ খোজ কাঢ়ে।
[১০] ভাবা আৰু উত্তৰ উলিওৱা:
তিনিশ পঁয়ষ্ঠিটা হাটীৰ পাল,
বাৰখন পথাৰত চৰে সৰ্বতিকাল।
ত্ৰিছতা পুখুৰীত খায় পানী,
সাতোটা স্তম্ভত বান্ধে টানি টানি।
পাঠ: ওঠৰ
শিলৰ সাকো
*অৰ্থৰ সৈতে চিনাকি হওঁ আহা:
অজৰ-অমৰ = চিৰস্থায়ী; জৰা-মৃত্যুহীন
মেজাঙ্কৰি = এবিধ মুগা-সূতা
প্ৰাণদণ্ড = মৃত্যুদণ্ড
হুমুনিয়া কাঢ়ি = জেজাৰ প্ৰকাশক দীৰ্ঘশ্বাস কাঢ়ি
অবুজন = বুজালেও নুবুজা; বুজনি নোলোৱা
সী আছে = চিলাই কৰি আছে
কবিৰাজ = চিকিৎসা কৰা বৈদ্য
লেঠা = আহুকাল; জঞ্জাল; এৰাব নোৱৰা কাম
*পঢ়া আৰু বুজা:
তই য়ই ত্য
ৰই তই ৰ্ত
নই ধই ন্ধ
ঙই কই ঙ্ক
পই ৰই প্ৰ
ণই ডই ণ্ড
নই তই ৰই ন্ত্ৰ
ণই ণই ণ্ণ
*পঢ়া আৰু লিখা:
জলাদিত্য পৰিৱৰ্তন ক্ষুণ্ণ সমস্যা
অসম্ভৱ বুদ্ধীমতী সম্ভৱ সংগ্ৰহ
[১] প্ৰথমে কোৱা, তাৰ পাছত লিখা:
ক) ৰজা শিলাদিত্যৰ ককলাদেউতাকৰ নাম কি?
খ) শিলৰ মূৰ্তিটো কোনে সজাইছিল?
গ) ৰজাই কেনেদৰে অজৰ-অমৰ হ’ব বিচাৰিছিল?
ঘ) ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীয়ে কৈছিল?
ঙ) সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি কৈছিল?
চ) মন্ত্ৰীৰ জীয়েকৰ নাম কি?
ছ) মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে?
[২] সমাৰ্থক শব্দ লিখা:
ৰজা সম্ৰাট মহাৰাজ নৃপতি
ৰছী ....................................
অসুখ .......................................
কবিৰাজ .......................................
বিষণ্ণ ...........................................
লেঠা ...........................................
পানী ...........................................
[৩] বাক্য ৰচনা কৰা:
অজৰ-অমৰ: মানুহে নিজৰ দ্বাৰাহে অজৰ-অমৰ হ’ব পাৰে।
যুদ্ধ-বিগ্ৰহ:.......................................................................................।
পুথি-পাঁজি:.......................................................................................।
ঘৰ-দুৱাৰ:........................................................................................।
আথে-বেথে:.......................................................................................।
[৪] বুজা আৰু লিখা:
ৰজা – ৰাণী
ককাদেউতা -- .............
পিতাদেউ -- .............
পুতেক -- .............
[৫] বাকচৰ ভিতৰত বৰ্ণ, স্বৰচিহ্ন আৰু যুক্তাক্ষৰ আছে; সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটিমান শব্দ গঠন কৰা:
ি া ু ূ ো
দ ল শ জ ম ট ব ষ হ
ত্য ৰ্ত প্ন গ্ৰ শ্ব দ্ধ ঈ ৰ য
উদাহৰণ: ব, ি, হ, গ্ৰ, য, ু, দ্ধ
য্দ্ধ-বিগ্ৰহ ......................................
[৬] পঢ়া, বুজা আৰু লিখা:
বুজন অবুজন সহায় .............
শলাগী ............ শান্তি .............
কাৰণ ............পৱিত্ৰ ............
ন্যায় ............ কামিলা ............
ধৰ্ম ............
[৭] আটায় মিলি নাটিকাখনি অভিনয় কৰা।
[৮] এনে ধৰণৰ কাহিনী একোটি লৈ নাটিকা একোখনি ৰচনা কৰিবলৈ চেষ্টা কৰা।
[৯] ভাবা আৰু উত্তৰ উলিওৱা:
ব্ৰহ্মাই স্ৰজিলে এনে এটি গুটি, বাকলি নাই তাৰ খাবও নোৱাৰি।