Lesson 1
খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ
অনুশীলী
১। একোটা সস্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ।
ক) মানুহৰ জীৱন-ধাৰণ প্ৰণালী মানে কি লিখাঁ?
উত্তৰঃ মানুহে জীয়াই থাকিবলৈ কোনবোৰ কাম কৰে,কেনে ধৰণৰ খাদ্য,কাপোৰ-কানি,সা-সঁজুলি ব্যৱহাৰ কৰে,কেনে ধৰণে চিন্তাকৰে এই সকলোবোৰকে একেলগে জীৱন ধাৰণ প্ৰণালী বোলে।
খ) প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল?
উত্তৰঃ ২ নিযুত বছৰৰ আগেয়ে মানুহৰ সৃষ্টি হৈছিল।
গ) পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়?
উত্তৰঃ আফ্ৰিকা মহাদেশৰ কোনো ঠাইত আৰু আমাৰ দেশ ভাৰতৰ দক্ষিণ অংশত পোনপ্ৰথমে মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়।
ঘ) আদিম মানুহে কি কি উপায়েৰে জুই জ্বলোৱাৰ কৌশল শিকিচিল?
উত্তৰঃ আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলোৱাৰ কৌশৱ আয়ত্ব কৰিছিল।
ঙ) সঁজুলি বা হাতিয়াৰ কাক বোলে লিখাঁ?
উত্তৰঃ যি বস্ত্ত আৰু উপায়ৰ সহায়ত মানুহে নিজৰ দেহৰ হাত-ভৰি আদি অংগ-প্ৰত্যংগৰ শক্তি বৃদ্ধি কৰি,কম সময় কটুৱাই কাম কৰিব পাৰে তাকেই সঁজুলি বা হাতিয়াৰ বোলে।
চ) আদিম মানুহে প্ৰথমে সঁজুলি কি ব্যৱহাৰ কৰিছল?
উত্তৰঃ আদিম মানুহে সঁজুলি হিচাপে শিল প্ৰথমে ব্যৱহাৰ কৰিছিল।
ছ) যীশু খ্ৰীষ্টৰ জন্মৰ কিমান বছৰৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়?
উত্তৰঃ যীশু খ্ৰীষ্টৰ জন্মৰ পাঁচ হাজাৰ বছৰ আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়।
জ) শিলৰ উপৰিও আদিম আন কি কি বস্তুক সঁজুলি হিচাপে কি ব্যৱহাৰ কৰিছিল?
উত্তৰঃ শিলৰ উপৰিও আদিম মানুহে কাঠ,মৃত জন্ত্তৰ হাড়, জন্ত্তৰ দীঘল দাঁত আৰু শিং আদিও সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।
২। শুদ্ধ নে অশুদ্ধ লিখাঁ ঃ
ক) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিীবাৰণ কৰাঁ।
উত্তৰঃ শুদ্ধ।
খ) দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম যোগতে নিচেই সহজ কাম আছিল।
উত্তৰঃ অশুদ্ধ।
গ) জুইত পুৰি, সেকি আৰু সিজাই খাদিয খোৱা কৌশল আদিম মানুিহে একে সময়তে আয়ত্ত কৰিছিল।
উত্তৰঃ অশুদ্ধ।
ঘ) কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ কৰা এটা বিশেষ উদ্দেশ্য থাকে।
উত্তৰঃ শুদ্ধ।
ঙ) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাচঁ হাজাৰ বছৰ আগৰ সময়সিনিকেই নৱ প্ৰস্তৰ যুগ বোলা হয়।
উত্তৰঃ অশুদ্ধ।
৩। যথাযথভাৱে উত্তৰ লিখাঁ।
ক) আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদেশ্যবোৰ কি কি আছিল ।
উত্তৰঃ আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰা মূল উদ্দেশ্য আছিল-
(ক) খাদ্যবস্ত্ত সংগ্ৰহ আৰু চিকাৰ কৰিবৰ বাবে আৰু
(খ) অঘৰী জীৱনত হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে হিংস্ৰ জীৱ-জন্ত্তৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে।
খ) আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল?
উত্তৰঃ শিল এবিধ কঠিন আৰু শক্তিশালী বস্ত্ত হোৱা বাবে আদিম মানুহে প্ৰথমে শিলকেই সঁজুলি হিচাপে ব্যৱহাৰ কৰিবলৈ বাছি লৈছিল।
গ) আদিম মানুহে দল বান্ধি জিৱন-যাপন কৰাৰ কাৰণবোৰ কি কি?
উত্তৰঃ আদিম মানুহে দল বান্ধি জীৱন-যাপন কৰাৰ কাৰণ আছিল-
১) হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যেনে বতাহ-বৰষুণ, ধুমুহা-বজ্ৰপাত আদি সকলোবোৰৰ সন্মুখীন হ'ব লগা হৈছিল।এনেবোৰ বিপদ-বিঘিনীৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰে অভিজ্ঞ হোৱা আদিম মানুহে একো একোটা দ'ল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল।
ঘ) শিলৰ যুগক ইতিহাসবিদসকলে কেনে ধৰণে ভাগ কৰিছে?
উত্তৰঃ শিলৰ যুগক ইতিহাসবিদসকলে এনেধৰণে ভাগ কৰিছে-
(ক) যীশুখীষ্ট্ৰৰ জন্মৰ ডেৰলাখ বছৰ আগলৈকে অতি প্ৰত্ন প্ৰস্তৰ যুগ।
(খ) যীশুখীষ্ট্ৰৰ জন্মৰ দহ হাজাৰ বছৰ আগলৈকে মধ্য প্ৰস্তৰ যুগ।
(গ) যীশুখীষ্ট্ৰৰ জন্মৰ মাত্ৰ পাঁচ হাজাৰ বছৰ আগলৈ নৱ প্ৰস্তৰ যুগ।
ঙ) দলবদ্ধভাৱে জীৱন-যাপনৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল লিখাঁ।
উত্তৰঃ দলবদ্ধভাৱে জীৱন-যাপনৰ ফত আদিম মানুহে এনেধৰণৰ সুবিধা হৈছে।- অঘৰী জীৱনত আদিম মানুহে অৰণ্যৰ মাজত নানা ধৰণৰ হিংস্ৰ জন্ত্তৰ মুখামুখি হ'বলগীয়া হৈছিল।এনে হিংস্ৰ জন্ত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দল বান্ধি ফুৰিছিল।
চ) আদিম মানুহৰ খাদ্যভ্যাসৰ বিষয়ে এটি বিৱৰণ লিখাঁ ।
উত্তৰঃ আদিম মানুহে প্ৰথমে জুই জ্বলোৱাৰ কৌশল শিকি জন্ত্তৰ-মঙহ,চৰাই-চিৰিকতি,ফল আদিম মানুহে খাদ্য হিচাপে পুৰি খাব পাৰিছিল।আদিম মানুহে জুই জ্বলোৱাৰ কৌশল শিকাৰ আগতে তেওঁলোকে সকলোবোৰ খাদ্য কেঁচাই খাবলগীয়া হৈছিল।তাৰ পাছত বান্দৰৰ দৰে জন্ত্তবোৰক দেখি আদিম মানুহে গছ বগাই ফল-মূল খাব শিকিছিল।
ছ) আদিম মানুহে কি কি উপায়েৰে খাদ্য সংগ্ৰহ কৰিছিল বৰ্ণনা কৰাঁ।
উত্তৰঃ আদিম মানুহে প্ৰথমে ফলবোৰ তিতা নে মিঠা আদি নাজানিছিল।তেওঁলোকে বান্দৰৰ দৰে জীৱবোৰ দেখি গছত উঠি ফল পাৰিব লৈছিল আৰু জন্ত্ত,চৰাই-চিৰিকতি আদিম মানুহে মাৰি তেওঁলোকে প্ৰথমে কেঁচাই খাইছিল আৰু তাৰ পাছতহে পুৰি খালে যে সোৱাদ হয় তাৰ বিষয়ে তেওঁলোকে শিকি লৈছিল।তেতিয়াৰে পৰা তেওঁলোকে পুৰি খাইছিল।
জ) জুই জ্বলোৱাৰ কৌশল আদিম মানুহে কেনেদৰে আয়ত্ত কৰিছিল?
উত্তৰঃ
ঝ) জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহৰ কি কি সুবিধা হৈছিল বুজাই লিখাঁ।
উত্তৰঃ জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ ফলত আদিম মানুহে জন্তুৰ মাংসবোৰ পুৰি খাব পাৰিছিল আৰু ফল কিছুমান পুৰি খাব পাৰিছিল।
Lesson 2
আদিম মানুহৰ কৃষি কাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি, চকাৰ ব্যৱহাৰ
অনুশালনী
১। একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়াঁ।
ক) কৃষি বা খেতি বুলিলে কি বুজা লিখাঁ।
উত্তৰঃ মাটিত গুটি বা বীজ গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকেই কৃষি বা খেতি বোলা হয়।
খ) মানৱ সভ্যতাৰ কোনটো যুগত অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতি-কাষৰীয়া সমতল অঞ্চললৈ আহে?
উত্তৰঃ নৱ প্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ আৰু নদীৰ দাঁতিকাষৰীয়া সমতল অঞ্চললৈ আহে।
গ) কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল?
উত্তৰঃ কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ শিলৰ সণঁজুলি,গছৰ ডাল,জন্ত্তৰ শিং,হাড় আদি সামগ্ৰী ব্যৱহাৰ কৰিছিল।
ঘ) কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল?
উত্তৰঃ খ্ৰী.পূ. ৪০০০ চনত মেচোপটেমিয়াত প্ৰথমে নাঙৰ উদ্ভাৱন হৈছিল।
ঙ) কিমান খ্ৰীষ্টাব্দৰপৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে?
উত্তৰঃ প্ৰায় ৯০০০ খ্ৰীষ্টাব্দৰ পৰা কৃষি কাৰ্য আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে।
চ) কিমান খ্ৰীষ্টাব্দৰপৰা গৰু, ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয়?
উত্তৰঃ প্ৰায় ৬০০০ খ্ৰী.পূ. মানতহে গৰু,ম'হ আদি জন্ত্ত মানুহে পোহপাল কৰা হৈছিল বুলি কোৱা হয়।
ছ) কেতিয়া আৰু কোন দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল?
উত্তৰঃ ৯০০০ খ্ৰীষ্টাব্দত আৰু চিৰিয়া,পেলেষ্টাইন,বেলুচিস্তান আদি দেশত খেতি কৰা কামটো আৰম্ভ হৈছিল।
২। শুদ্ধ নে অশুদ্ধ লিখাঁ।
ক)সঁজুলিৰ ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত অটা গুৰুত্বপীৰ্ণ কথা নহয়।
উত্তৰঃ অশুদ্ধ।
খ) মাটিৰ বুকুত গছ-গছনী অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা।
উত্তৰঃ অশুদ্ধ।
গ) কৃষি কাৰ্যত জন্তুক ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয়।
উত্তৰঃ শুদ্ধ।
ঘ) গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মনুহৰ জীৱন সু-সংগঠিত হৈ পৰিল।
উত্তৰঃ শুদ্ধ।
ঙ) কুমাৰৰ চাকত লো, পিতল ইত্যাদি ধাতুৰ বাচন-বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয়।
উত্তৰঃ অশুদ্ধ।
৩। যথাযথভাৱে উত্তৰ দিয়াঁ।
ক) আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখাঁ।
উত্তৰঃ নৱপ্ৰস্তৰ যুগত মানুহে যেতিয়া অৰণ্য এৰি হ্ৰদ আৰু নদীৰ দাঁতি কাষৰীয়া সমতল অ়্ঞ্চললৈ আহিছিল,তেতিয়াই নদীৰ পাৰৰ কোমল আৰু সাৰৱা মাটিত গছ-বনৰ গুটি পৰি তাৰপৰা পুনৰ গছ গজা কথাটো দেখিবলৈ পাইছিল।
খ) আদিম মানুহে কেনে কেনে ধৰনৰ পৰিস্থিতিৰ মুখামুখী হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল?
উত্তৰঃ আদিম মানুহৰ যেতিয়া সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়াৰে পৰা তেওঁলোকৰ খাদ্যৰ অসুবিধা হ'ল কাৰণ হাবি-বননি বোৰত বছৰে-বছৰেহে ফল লাগে আৰু প্ৰাণীবোৰ মাৰাতো ইমান সহজ কথা নহয়।সেয়ে তেওঁলোকে কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল।
গ) আদিম মানুহে কৃষি কাৰ্যত সজুলি ব্যৱহাৰ কৰাৰ বিষয় চমুয়াই লিখাঁ।
উত্তৰঃ আদিম মানুহৰ জীৱন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আচিল।লাহে লাহে মানুহৰ চিন্তা আৰু বুদ্ধিৰো বিকাশ হ'ল।খাদ্য বস্ত্তৰ অভাৱ দূৰ কৰিবলৈ মানুহে কৃষি অর্থাৎ খেতি কৰা কামটো আৰম্ভ কৰিলে। কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন হয় বাবেই মানুহে প্ৰথমে নদী বা হ্ৰদৰ পাৰত বসতি আৰম্ভ কৰিছিল।ইয়াৰ লগে লগে মাটিত শস্য়ৰ বীজ সিঁচিবলৈ আৰু পুলি ৰুবলৈ মাটি চহোৱাৰ কথাটো আহি পৰিল।তাৰ বাবে প্ৰয়োজন হ'ল সা-সঁজুলি।তেতিয়ালৈকে আদিম মানুহে বিভিন্ন কাম বাবে, সঁজুলি হিচাপে গছৰ ডাল,বিভিন্ন আকৃতিৰ শিল,মৃত জীৱ-জন্ত্তৰ দাঁত আৰু হাড় আদি ব্যৱহাৰ কৰিবলৈ শিকিছিল।
ঘ) আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল লিখাঁ।
উত্তৰঃ আদিম মানুহে স্থায়ীবসবাস কৰিবলৈ লৈছিল কাৰণ তেওঁলোকে যেতিয়া অৰণ্যৰ মাজত মানুহৰ জীৱন নিৰাপদ নাছিল।তেওঁলোকক কিছুমান বিষাক্ত কীট-পতংগ,হিংস্ৰ জীৱ-জন্ত্ত,সাপ আদি আক্ৰমণত আদিম মানুহে বৰ কষ্টৰে দিন কটাব লগা হৈছিল।সেয়ে স্থায়ীবসবাস কৰিবলৈ লৈছিল।
ঙ) গাঁৱৰ উৎপত্তি কিদৰে হ'ল বৰ্ণনা কৰাঁ।
উত্তৰঃ নদীৰ দাঁতি-কাষৰীয়া ঠাইত গঢ়ি উঠা খেতি পথাৰৰ ওচৰে-পাজৰে মানুহে প্ৰথমে অস্থায়ী আৰু পিছলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে।নিজ নিজ খেতি পথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একো একোটা অঞ্চলত মানুহবোৰে বাস কৰিবলৈ লোৱাৰ ফলত একো একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল।এইদৰেই গাঁৱৰ উৎপত্তি হ'ল।
চ) চকাৰ আৱিষ্কাৰ আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখাঁ।
উত্তৰঃ মানৱ সভ্যতাত কৃষি কাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আপু ব্যৱহাৰ।চকাৰ ব্যৱহাৰে কৃষিজীৱি মানুহৰ জীৱনলৈ আভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল।কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব ৰ পৰা হ'ল।কমশক্তি আৰু সময় প্ৰয়োগ কৰিয়েই গধুৰ আৰু বৃহৎ আকাৰৰ বয়-বস্ত্ত অনায়াসে অনা-নিয়া কৰিব পৰা হ'ল।
Lesson 3
ইতিহাস অধ্যয়ন
অনুশীলনী
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
ক) বুৰজ্ঞী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ শব্দ লিখাঁ।
উত্তৰঃ বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা জনোৱাৰ ভঁৰালআৰু ই টাই ভাষাৰ শব্দ।
খ) কোনজন ৰজাৰ দিনৰপৰা অসমত বুৰজ্ঞী লিখাঁৰ প্ৰথা আৰম্ভ হৈছিল?
উত্তৰঃ আহোম স্বৰ্গদেউ (ৰজা) চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয়।
গ) 'ইতিহাস' শব্দটো কোন ভাষাৰ পৰা অনা হৈছে?
উত্তৰঃ 'ইতিহাস' শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে।
ঘ) 'ইতিহাস' শব্দৰ অৰ্থ লিখাঁ।
উত্তৰঃ 'ইতিহাস' শব্দৰ অৰ্থ হ'ল- এই ঘটনাবিলাক নিশ্চয় হৈছিল।
ঙ) ছপাশাল (প্ৰিণ্টিং মেচিন) কোন চনত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ ১৪৪০ চনত ছপাশাল (প্ৰন্টিং মেচিন)আৱিষ্কাৰ হৈছিল।
চ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম কি?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ দুখনৰ নাম হ'ল- নাগাচাকি আৰু হিৰোশিমা।
২। খালী ঠাই পূৰ কৰাঁ।
ক) অসমৰ মধ্যযুগৰ বিষয় জানিবলৈ আহোমৰ ৰাজত্ব কালত লিখা বুৰঞ্জী পুথিবোৰ পঢ়া দৰকাৰ।
খ) বুৰঞ্জী ত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।
গ) ইতিহাস ত বুৰজ্ঞীৰ ঘটনাবোৰৰ কাৰণ আৰু ফলাফলৰ ৰ বিষয় বহলাই আলোচনা কৰা হয়।
ঘ) পৃথিৱীৰ ইতিহাস পৰিৱৰ্তন ৰ ইতিহাস।
ঙ) ইতিহাসে সমাজৰ পৰিৱৰ্তন ৰ কথা চালি-জাৰি চায়।
৩। অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায়?
উত্তৰঃ অসমৰ ইতিহাসত ১২২৮ চনৰ পৰা ১৮২৬ চনলৈ মধ্যযুগ হিচাপে জনা যায়।
৪। আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল?
উত্তৰঃ আহোমৰ প্ৰথম স্বৰ্গদেউ আছিল- চুকাফা।
৫। ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখাঁ।
উত্তৰঃ ইতিহাসে মানুহে অতীতত কৰা ভূলবোৰ উদঙাই দিয়ে।ফলত মানুহে ভৱিষ্যতে তেনেধৰণৰ ভূল নকৰিবৰ বাবে সচেতন হয়।
৬। ইতিহাস কাক বোলে? (২০-৩০টা শব্দৰ ভিতৰত)
উত্তৰঃ বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখ অনুসাৰে একাদিক্ৰমে লিখই যোৱা হয়।আনহাটে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্যয়ন কৰি তাৰ ভাল-বেয়া উচিত-অনুচিত আদি ফলাফললক্ষ্য কৰাৰে ইতিহাস বোলে।
৭। বুৰজ্ঞীৰ সংজ্ঞা লিখাঁ। (২০-৩০টা শব্দৰ ভিতৰত)।
উত্তৰঃ বুৰঞ্জী শব্দটো টাই ভাষাৰ পৰা অহা।ইয়াৰ অৰ্থ হ'ল নজনা কথাৰ জনোৱাৰ ভঁৰাল।বুৰঞ্জী শব্দটো অসমৰ বাহিৰে ক'তো ব্যৱহাৰ নহয়।বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে।অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী,চন-তাৰিখৰ সৈতে একাদিক্ৰমে য'ত লিখা হয় সাধাৰণতে তাকে বুৰঞ্জী বোলে।
৮। বুৰজ্ঞী আৰু ইতিহাসৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে লিখাঁ। (৫০-১০০টা শব্দৰ ভিতৰত)।
উত্তৰঃ বুৰঞ্জীত ঘটনাবোৰ চন,তাৰিখখ অনুসাৰে একাদিক্ৰমে লিখি যোৱা হয়।আনহাটে বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি মাৰি অধ্য়য়ন কৰি তাৰ ভাল-বেয়া,উচিত-অনুচিত আদি ইতিহাসে ফলাফল লক্ষ্য কৰে।পৃথিৱীৰ ইতিহাস পৰিৱৰ্তনৰ ইতিহাস।সময়ৰ লগত খাপ খুৱাই প্ৰকৃতি জগতৰ বহুতো পৰিৱৰ্তন হৈছে।জীৱশ্ৰেষ্ঠ মানুহে বিভিন্ন পৰিৱেশ আৰু পৰিৱৰ্তন পাৰ হৈ আজিৰ অৱস্থা পাইছেহি।আদিম যুগৰ অঘৰী সমাজৰ পৰা আজিৰ আধুনিক যুগ পাবলৈ মানুহে বহুতো কামবোৰ ইতিহাসে বিচাৰি উলিয়াইছে।
৯। ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰাঁ। (কমেও ২৫০-৩০০ শব্দৰ ভিতৰত)।
Lesson 4
পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা-সিন্ধু সভ্যতা
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
ক) মহেঞ্জদাৰোত আৱিষ্কাৰ হোৱা ভগ্নাৱেশবিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শনটি কি?
উত্তৰঃ
খ) সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি?
উত্তৰঃ সিন্ধু উপত্যকাত আৱিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ তিনিটা।সেই কেইটা হ'ল- ১) মানুহ থকা ঘৰ।
২) ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ।
৩) ডাঙৰ অট্টালিকা।
গ) হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল?
উত্তৰঃ হৰপ্পাত আৱিষ্কাৰ হোৱা ঘৰ বিলাকৰ ভিতৰত আটআিতকৈ ডাঙৰ ঘৰটো এটা শস্যৰ ভৰাল।(দীঘ ১৬৭ ফুট প্ৰস্থ ১৩৫ ফুট)
ঘ) 'কুঁজ থকা বলধৰ চিহ্ন' সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা কি বস্তত বেছিকৈ দেখিবলৈ পোৱা যায়?
উত্তৰঃ 'কুঁজ থকা বলধৰ চিহ্ন' সমূহ সিন্ধু সভ্যতাত আৱিষ্কাৰ হোৱা মোহৰ সমূহত বেছিকৈ দেখিবলৈ পোৱা যায়।
২। খালী ঠাই পূৰ কৰাঁ।
ক) সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল।
খ) ইৰাকৰ পুৰণি নামটো মেছ'পটেমিয়া ।
গ) সিন্ধু সভ্যতাৰ 'ৰাজহুৱা স্নানাগাৰ' টো হৰপ্পা নগৰত আৱিষ্কাৰ হৈছিল।
৩। শুদ্ধ নে অশুদ্ধ লিখাঁ।
( ক ) সিন্ধু উপত্যকাবাসীয়ে লােৰ ব্যৱহাৰ জানিছিল ।
উত্তৰঃ অশুদ্ধ।
( খ ) হৰপ্পা আৰু মহেঞ্জদাৰাে বর্তমান বাংলাদেশৰ অন্তৰ্গত ।
উত্তৰঃ অশুদ্ধ।
( গ ) মায়া আৰু ইঙ্কা সভ্যতা নদীৰ পাৰত গঢ় লৈ উঠা নাই ।
উত্তৰঃ শুদ্ধ।
( ঘ ) সিন্ধু সভ্যতাত মৃতদেহ দাহ কৰা হৈছিল ।
উত্তৰঃ শুদ্ধ।
( ঙ ) সিন্ধু সভ্যতাৰ যুদ্ধৰ সা - সঁজুলিবােৰ বগীতামেৰে নির্মিত আছিল।
উত্তৰঃ অশুদ্ধ।
৪। চমুটোকা লিখা ।
( ক ) সিন্ধু উপত্যকাৰ মানুহৰ জীৱন - নির্বাহৰ উপায় ।
( খ ) সিন্ধু উপত্যকাৰ মানুহৰ বেপাৰ - বাণিজ্য ।
( গ ) সিন্ধু উপত্যকাৰ নগৰসমূহৰ গঠন - প্রণালী ।
( ঘ ) সিন্ধু উপত্যকাৰ সভ্যতাত ধাতুৰ ব্যৱহাৰ ।
Lesson 5
ভাৰতত আৰ্যসকল
১। উত্তৰ লিখাঁ ।
( ক ) আর্যসকলে ভাৰতত কোন দিশেৰে প্ৰৱেশ কৰিছিল ?
উত্তৰঃ আৰ্যসকলে ভাৰতত উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰৱেশ কৰিছিল।
( খ ) খ্রী.পূ. কিমান শতিকাত আৰ্যসকলে ভাৰতত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ প্ৰায় ২০০০ খ্ৰী.পূ. পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত আৰ্যসকল উত্তৰ-পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল।
( গ ) আর্যসকল আহি পােনপ্ৰথমে ভাৰতৰ কোন ঠাইত বসবাস কৰিবলৈ লয় ?
উত্তৰঃ আৰ্যসকলে আহি ভাৰতৰ পঞ্জাৱ অঞ্চলত পোনপ্ৰথমে বসতি আৰম্ভ কৰে।
( ঘ ) আর্যসকলৰ মাজত বাল্য বিবাহৰ আৰু বিধবা বিবাহৰ প্ৰচলন আছিলনে ?
উত্তৰঃ আৰ্যসকলৰ মাজত বাল্য বিবাহৰ প্ৰচলন নাছিল আৰু বিধবা বিবাহৰ প্ৰচলন আছিল।
( ঙ ) আর্যসকলৰ চাৰিবৰ্ণ কি কি ?
উত্তৰঃ আৰ্যসকলৰ চাৰি বৰ্ণ হ'ল- ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু ক্ষুদ্ৰ।
( চ ) আৰ্যসকলে নিজৰ জীৱন কালছােৱাক কি কি ভাগত ভাগ কৰিছে ?
উত্তৰঃ আৰ্যসকলে নিজৰ জীৱন কালছোৱাক ভাগ কৰিছে-ব্ৰহ্মচৰ্ষ,গাৰ্হস্থ্য,বানপ্ৰস্থ আৰু সন্ন্যাস।
( ছ ) আর্যসকলৰ মূল জীৱিকা কি ?
উত্তৰঃ আৰ্যসকলৰ মূল জীৱিকা হৈছে-পশুপালন।
( জ ) আৰ্যসকলে বস্তু বিনিময়ৰ বাবে কি ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ আৰ্যসকলে বস্ত্ত বিনিময়ৰ বাবে গৰু ব্যৱহাৰ কৰিছিল।
( ঝ ) নিক্সা কি ?
উত্তৰঃ নিক্সা হৈছে এবিধ সোণৰ মোহৰ।
( ঞ ) আৰ্যসকলে প্রধান দেৱী হিচাপে কাক কাক পূজা কৰিছিল ?
উত্তৰঃ আৰ্যসকলে প্ৰধান দেৱী হিচাপে ঊষা আৰু অদিতিক পূজা কৰে।
( ট ) আর্যসকলৰ আদি গ্রন্থ কি ?
উত্তৰঃ আৰ্যসকলৰ আদি গ্ৰন্থ হ'ল- বেদ।
( ঠ ) বেদৰ আন এটা নাম কি ?
উত্তৰঃ বেদৰ আন এটা নাম হ'ল শ্ৰুতি।
( ড ) বেদৰ অর্থ কি ?
উত্তৰঃ বেদৰ অৰ্থ হ'ল-জ্ঞান।
( ঢ )বেদ কেইখন আৰু কি কি ?
উত্তৰঃ বেদ চাৰিখন।সেইকেইখন হ'ল- ঋকবেদ,সামবেদ,যজুৰবেদ আৰু অৰ্থববেদ।
( ণ ) আটাইতকৈ প্রাচীন বেদখনৰ নাম কি ?
উত্তৰঃ আটাইতকৈ প্ৰাচীন বেদখনৰ নাম হ'ল- ঋকবেদ।
( ত ) ঋকবেদত কিমানটা শ্লোক আছে ?
উত্তৰঃ ঋকবেদত ১০২৮ টা শ্লোক আছে।
( থ ) চিকিৎসা বিজ্ঞান সম্পর্কীয় বেদ কোনখন ?
উত্তৰঃ চিকিৎসা বিজ্ঞান সম্পৰ্কীয় বেদখনৰ নাম হ'ল- অৰ্থববেদ।
( দ ) আর্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখ ।
উত্তৰঃ আৰ্যসকলৰ চাৰিখন বেদৰ উপৰি তিনিখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল- ব্ৰাহ্মণ,আৰণ্যক,উপনিষদ আদি।
( ধ ) দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ক'ত হৈছিল ?
উত্তৰঃ দশমিক সংখ্যাৰ ধাৰণা প্ৰথমতে ভাৰততে হৈছিল।
( ন ) বেদৰ উপৰি চাৰিখন উপবেদ কি কি ?
উত্তৰঃ বিদৰ উপৰি চাৰিখন উপবেদ হ'ল- আয়ুৰ্বেদ বা চিকিৎসাবিজ্ঞান,ধনুৰ্বেদ বা সামৰিকবিজ্ঞান,গন্ধৰ্ববেদ বা সঙ্গীত কলা আৰু স্থাপত্য বেদ বা স্থাপত্য কলা।
( প ) আৰ্যসকলৰ বিশ আৰু জন কি ?
উত্তৰঃ
( ফ ) আর্যসকলৰ পৰিয়ালৰ মূল মানুহজনক কি বােলে ?
( ব ) আৰ্যসকলৰ গাঁৱৰ মূল মানুহজনক কি বােলে ?
( ভ ) আৰ্যসকলৰ বিশৰ মূল মানুহজনক কি বােলে ?
( ম ) আর্যসকলৰ জনৰ মূল মানুহজনক কি বােলে ?
( য ) ৰামায়ণ আৰু মহাভাৰত কেতিয়া ৰচনা হৈছিল ?
( ৰ ) মহাকাব্য দুখনৰ পিছত উল্লেখযােগ্য ৰচনাৰাজি কি ?
( ল ) পুৰাণ কেইখন ?
( ব ) আৰ্যসকলে যাতায়াতৰ বাবে কি ব্যৱহাৰ কৰিছিল ?
( শ ) আৰ্যসকলৰ মুখ্য বিচাৰপতি কোন ?
( ষ ) আৰ্যসকলে অগ্নিৰ পিছত কাক স্তুতি কৰিছিল ?
২। চমুকৈ উত্তৰ লিখা । আৰ্যসকলৰ সীমা ক'ৰপৰা ক'লৈ আছিল ?
( খ ) পাঠৰ মতে আর্য শব্দৰ অৰ্থ কি কি ?
( গ ) আর্যসকলৰ হাতত যুদ্ধত হাৰি অনাৰ্যসকল কলৈ গৈছিল ?
( ঘ ) কি কি গুণৰ ওপৰত নিৰ্ভৰ কৰি এজন ৰাজন নির্বাচিত হ'ব পাৰে ?
( ঙ ) মহাকাব্যৰ যুগ বুলিলে কি বুজা ?
( চ ) আৰ্যসকল পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিয়পি পৰাৰ কাৰণ কি কি ?
( ছ ) আৰ্যসকলে অনাৰ্যসকলপৰা কি কি শিকিছিল ?
( জ ) আর্যাৱর্ত মানে কি ?
( ঝ ) “ নিবি ’ , বাস ’ আৰু ‘ অধিবাস ’ শব্দৰ অর্থ কি ?
৩। চমু টোকা লিখা ।
( ক ) সপ্ত সিন্ধু
( খ ) আর্যসমাজত নাৰীৰ স্থান
( গ ) আর্যসকলৰ খাদ্য
( ঘ ) আর্যসকলৰ সাজপাৰ
( ঙ ) আৰ্যসকলৰ শাসন ব্যৱস্থা
( চ ) চতুৰাশ্রম
( ছ ) বর্ণ বিভাগ
( জ ) আৰ্যসকলৰ অর্থনৈতিক জীৱন
Lesson 6
বুদ্ধ আৰু মহাবীৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
( ক ) শাক্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম কি আছিল ?
( খ ) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল ?
( গ ) বােধিদ্রুম কি ?
( ঘ ) ত্রিপিটক’খন কোন ভাষাত লিখা হৈছিল ?
( ঙ ) কৈৱল্য ’ মানে কি ?
( চ ) মহাবীৰৰ মাক - দেউতাকৰ নাম কি আছিল ?
( ছ ) মহাবীৰৰ মৃত্যু ক’ত হৈছিল ?
( জ ) জৈন ধর্মৰ ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল ?
( ঝ ) জৈন ধৰ্মৰ প্ৰথমজন তীর্থংকৰ কোন আছিল ?
( ঞ ) মহাবীৰ কোনখন ৰাজ্যৰ কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল ?
২। খালী ঠাই পূৰ কৰাঁ ।
( ক ) বৌদ্ধ ধর্মৰ মূল ধর্ম পুথিখনৰ নাম হ'ল______ ।
( খ ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক ______ বুলি কোৱা হৈছিল ।
( গ ) _______ আছিল শেষ তীর্থংকৰ ।
( ঘ ) বুদ্ধদেৱৰ মৃত্যু _______ নগৰত ৮০ বছৰ বয়সত হৈছিল ।
( ঙ ) বৰ্দ্ধমানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল_______।
৩। চমু উত্তৰ লিখা । ।
( ক ) বৌদ্ধ ধর্মৰ মূলমত বা মূলকথা কি আছিল ?।
( খ ) জৈন ধৰ্মৰ মূলমন্ত্র কি আছিল ?
৪। সাদৃশ্য লিখা ।
জৈন ধর্ম আৰু বৌদ্ধ ধর্ম ।
৫। উত্তৰ লিখা ।
( ক ) গৌতম বুদ্ধৰ জীৱনকালৰ বিষয়ে লিখা ।
( খ ) মহাবীৰৰ জীৱনকালৰ বিষয়ে লিখা ।
( গ ) দুয়ােটা ধৰ্মৰ দিনত হােৱা সামাজিক পৰিৱর্তনসমূহ লিখা ।
Lesson 7
ষোড়শ মহাজনপদ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
(ক) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ?
(খ) ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযােগী আছিল ?
(গ) ৰাষ্ট্রৰ ধাৰণা কেনেকৈ হৈছিল ?
(ঘ) প্রসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল ?
(ঙ) ১৬ খন মহাজনপদৰ ভিতৰত স্থায়ীভাৱে থাকি যােৱা শক্তিশালী মহাজনপদখনৰ নাম কি আছিল ?
(চ) বাসবদত্তা কোন আছিল ?
২। খালী ঠাই পূৰ কৰা ।
(ক) গণৰাজ্যবিলাকৰ ভিতৰত __________আছিল মুক্ত গণৰাজ্য ।
(খ) কোশল ৰাজ্যত __________ ফৈদৰ লােকসকলে বাস কৰিছিল ।
(গ) কাশী ৰাজ্যৰ ৰাজধানী আছিল _________ ।
(ঘ) বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল _________ ।
(ঙ) ________ৰ শাসন কালতেই গ্রীক ৰজা আলেকজেণ্ডাৰে ভাৰতবর্ষ আক্রমণ কৰিছিল ।
৩। চমু উত্তৰ লিখ ।
(ক) জনপদ কাক বােলে ?
(খ) ষােড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তন অনা প্রধান কাৰকসমূহ কি কি আছিল ?
(গ) প্রসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল ?
(ঘ) 'বালি’ আৰু 'ভাগ’ কি আছিল ?
8। উত্তৰ লিখা ।
(ক) ১৬ খন মহাজনপদ কি কি আছিল ?
(খ) মগধ ৰাজ্যৰ উত্থান সম্পর্কে চমুকৈ লিখা ।
(গ) ষােড়শ মহাজনপদসমূহৰ অর্থনৈতিক অবস্থা কেনে আছিল বর্ণনা কৰাঁ ।
(ঘ) যােড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিৱৰ্তন অহাৰ কাৰণসমূহ লিখা ।
Lesson 8
সমাজ আৰু সামাজিক জীৱন প্ৰণালী
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
ক) সমাজ কাক বোলে?
খ) সামাজিক জীৱন কি লিখাঁ।
গ) সামাজিক কৰ্তব্য কাক বোলে?
ঘ) মানুহৰ সামাজিক জীৱন কিয় ভিন্ন হয় লিখাঁ ।
ঙ) আমি সামাজিক জীৱনৰ মেৰু বুলি কাক কওঁ?
২। খালী ঠাইপূৰ কৰাঁ।
ক) পৰিবেশেই সামাজিক জীৱনৰ সূচনা কৰে।
খ) আমাৰ সমাজ সনৰ নাম হ'ল ।
গ) মানুহ প্ৰাণী।
ঘ) সমাজত জীৱন-যাপন কৰিলে আমি কৰিবলৈ শিকোঁ।
ঙ) সামাজিক জীৱন আমাক আৰু প্ৰদান কৰে।
চ) সমাজৰ প্ৰাথমিক গোট হ'ল ।
৩। চমু উত্তৰ লিখাঁ (20টা মান শব্দৰ ভিতৰত)।
ক) অঞ্লভেদে সামাজিক জীৱন ভিন্ন কিয় হয় লিখাঁ।
খ) সমাজত বসবাস কৰি আমি কি কি কথা আয়ত্ত কৰিবলৈ সক্ষম হৈছো লিখাঁ।
গ) মানুহক কিয় সামাজিক প্ৰাণী বুলি কোৱা হয় লিখাঁ।
নৱম অধ্যায়
জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
ক) কৃষিজীৱী কাক বোলে?
উত্তৰঃ
খ) অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত?
উত্তৰঃ
গ) অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়়িত?
উত্তৰঃ
ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়?
উত্তৰঃ
ঙ) তুন্দ্ৰা অঞ্চলত খেতি-বাতি কিয় কৰিব পৰা নাযায়?
উত্তৰঃ
চ) অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি কি?
উত্তৰঃ
ছ) কৃষি বনুৱা কাক বোলে?
উত্তৰঃ
জ) সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম লিখাঁ।
উত্তৰঃ
২। খালী ঠাই পূৰ কৰাঁ।
ক) আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে ______________।
খ) গোবৰ, জাবৰ-জোঁথৰ আদি পচই ______________ সাৰ প্ৰস্তুত কৰা হয়।
গ) ভৰতৰ বয়ন উদ্যোগসমূহত প্ৰয়োজনতকৈ _____________ লোক জড়িত হৈ আছে।
ঘ) খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদন পৰিমাণ ________ পাইছে।
ঙ) আজিকালি খেতিপথাৰত __________ শ্ৰমৰ প্ৰয়োজন কমি আহিছে।
৩। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ।
ক) ভাৰতবৰ্ষৰ ৭০ শতাংশ লোক কৃষিজীৱী।
খ) খেতিপথাৰসমূহত উন্নত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰাৰ ফলত উৎপাদন হ্ৰাস পাইছে।
গ) কম পৰিমাণৰ মাটিত খেতিয়কে নাঙলেৰে মাটি চহ কৰে।
ঘ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা।
ঙ) উদ্যোগসমূহত দৈনিক মজুৰিৰি ভিত্তিত কাম কৰা লোকক কৃষি বনুৱা বোলে।
৪। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱাঁ।
'ক' 'খ'
ক) ভাৰতবৰ্ষ খেতিয়কসকলে খেতিপথাৰত ব্যস্ত হৈ পৰে।
খ) ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি বয়ন শিল্পৰ লগত জড়িত অঞ্চল।
গ) বাৰিষা কালত খেজুৰ,উটৰ গাখীৰ, মাংস আদি খাদ্য খাই জীয়াই থাকে।
ঘ) শুৱালকুছি এখন কৃষিপ্ৰধান দেশ।
ঙ) শিক্ষকসকল বেছি পৰিমাণৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়।
চ) মৰুভূমি অঞ্চলৰ লোকসকলে সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে।
৫। চমু উত্তৰ লিখাঁ ( ২০ টা শব্দৰ ভিতৰত )।
ক) বৃত্তি বুলিলে কি বুজা? তুমি সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ দিয়াঁ।
উত্তৰঃ
খ) কৃষি বনুৱাসকলে খেতিপথাৰত কাম নাথাকিলে কেনেদৰে জীৱন নিৰ্বাহ কৰে লিখাঁ।
উত্তৰঃ
গ) সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি কেনেধৰণৰ হয় লিখাঁ।
উত্তৰঃ
ঘ) কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ ফলত হোৱা সুবিধাবোৰ লিখাঁ।
উত্তৰঃ
ঙ) মানুহৰ বৃত্তি বা জীৱিকা ভিন্ন হোৱাৰ কাৰণবোৰ কি কি?
উত্তৰঃ
চ) তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি কি হয় লিখাঁ।
উত্তৰঃ
ছ) মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য কেনে ধৰণৰ হয় লিখাঁ
উত্তৰঃ
জ) মৰুভূমি অঞ্চলৰ মানুহে কিদৰে জীৱিকা নিৰ্বাহ কৰে লিখাঁ।
উত্তৰঃ
৬। চমু টোকা লিখাঁ।
ক) অসমৰ ভৈয়ামৰ কৃষি
খ) অসমৰ বয়ন উদ্যোগ
গ) উদ্যোগৰ পৰস্পৰ নিৰ্ভৰশীলতা
ঘ) তুন্দ্ৰ অঞ্চল
৭। পাৰ্থক্য লিখাঁ। (এটি বা দুটিকৈ)
ক) পুৰণি কৃষি পদ্ধতি আৰু আধুনিক কৃষি পদ্ধতি
খ) পুৰণি যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আৰু আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।
Lesson 10
আমাৰ বজাৰ ব্যৱস্থা
১) একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) বজাৰ কাক বোলে।
উত্তৰঃ য'ত বস্ত্ত কিনা-বেচা কৰা হয় তাকে বজাৰ বোলে।
(খ) বজাৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ বজাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।
(গ) স্থায়ী বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তাকে স্থায়ী বজাৰ বোলে।
(ঘ) অস্থায়ী বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নাথাকে তেনে বজাৰকে অস্থায়ী বজাৰ বোলে।
(ঙ) সাপ্তাহিক বজাৰ কাক বোলে?
উত্তৰঃ যিবোৰ হাট সপ্তাহটোৰ কোনো এটা নিৰ্দিষ্ট দিনত বহে তেনে বজাৰক সাপ্তাহিক বজাৰ বোলে।
(চ) দৈনিক হাট কাক বোলে?
উত্তৰঃ যিবেোৰ হাট সপ্তাহটোৰ গোটেইকেইটা দিনত বহে অর্থাৎ সদায় হাট বহে।এনে হাটকে দৈনিক হাট বোলে।
(ছ) দৈনিক হাটবোৰক কিয় অস্থায়ী বজাৰ বুলি কোৱা হয়?
উত্তৰঃ দৈনিক হাটবোৰক অস্থায়ী হাট বুলি কব পাৰি কাৰণ- এনে হাট সদায় বহে যদিও দোকান পোহাৰ বিলাকৰ কোনো স্থায়ী হাৰ নাথআকে।বিক্ৰীৰ বাবে বস্ত্ত-বাহানিবোৰ সদায় বজাৰলৈ অনা হয় আৰু বজাৰ সপ্তাহ হোৱাৰ পাছত বাকী ৰৈ যোৱা খিনি ঘৰলৈ লৈ যোৱা হয়।সেয়ে দৈনিক বহে যদিও এনে বজাৰ অস্থায়ী বজাৰৰ শ্ৰেণীতহে পৰে।
(জ) অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহাৰ কৰাণ কি?
উত্তৰঃ অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহে।কাৰণ শ্ৰমিক সকলক পোন্ধৰ দিনৰ মূৰে মূৰে মজুৰি দিয়া হয়।সেয়ে শ্ৰমিকসকলে মজুৰি পোৱা দিনটোত বজাৰ বা হাট বহে।
(ঝ) পাইকাৰী গ্ৰাহক বুলিলে কি বুজা?
উত্তৰঃ পাইকাৰী গ্ৰাহক বুলিলে আমি বুজোযে- যিবোৰ প্ৰয়োজনীয়া পূৰাবলৈ বস্ত্ত নিকিনে।এই গ্ৰাহক বোৰে এখন বজাৰৰ পৰা অধিক পৰিমাণত বস্ত্তবোৰ কিনি পুনৰ সেই বস্ত্তবোৰ আন বজাৰত বিক্ৰি কৰে।এনে গ্ৰাহকক পাইকাৰী গ্ৰাহক বোলে।
(ঞ) হাটখোৱা বা মহলদাৰ কাক বোলে?
উত্তৰঃ প্ৰতি বছৰে বজাৰ বা হাটবোৰ এক নিৰ্দিষ্ট হাৰত ডাকত দিয়া হয়।নিৰ্দিষ্ট ব্যক্তি বা কোনো গোটে নিৰ্দিষ্ট হাৰত বজাৰখন ডাকি লয়।ডাকোতাজনক হাটখোৱা বা মহলদাৰ বোলে।
২) খালী ঠাই পূৰ কৰাঁ।
(ক) স্থায়ী বজাৰত থকা দোকান-পোহাৰবিলাক স্থায়ীভাৱে থাকে।
(খ) খুচিৰা বজাৰত বিক্ৰি কৰা বস্ত্তবোৰ এখন/পাইকাৰী বজাৰৰ পৰা কিনি অনা হয়।
(গ) অস্থায়ী বজাৰক হাট বুলিও কোৱা হয়।
(ঘ) বেপাৰী শ্ৰেণীটোৱে বেপাৰ-বাণিজ্য ৰ ওপৰত ভিত্তি কৰিয়েই জীৱিকা অৰ্জন কৰে।
(ঙ) হাট-বজাৰবোৰ সূচাৰুৰূপে চলোৱাৰ দায়িত্ব প্ৰশাসন আৰু হাটখোৱা ৰ ওপৰত থাকে।
৩। 'ক' অংশৰ লগত 'খ' অংশ মিলোৱাঁ।
'ক' অংশ 'খ' অংশ
(ক) সপ্তাহত এদিন বহা হাট পষেকীয়া হাট
(খ) সপ্তাহত দুদিন বহা হাট দৈনিক হাট
(গ) পোন্ধৰ দিনৰ মূৰত বহা হাট খেতিয়ক
(ঘ) প্ৰতিদিন বহা হাট অৰ্ধ-সাপ্তাহিক হাট
(ঙ) নিজৰ উৎপাদিত বস্ত্তৰ ৰাহি বেপাৰী
অংশ বজাৰত বিক্ৰি কৰি জীৱিকা
অৰ্জন কৰা লোক।
(চ) বিভিন্ন ঠাইত হাট-বজাৰ কৰি সাপ্তাহিক হাট
জীৱিকা অৰ্জন কৰা লোক।
উত্তৰঃ
‘ক’ অংশ
‘খ’ অংশ
(ক)সপ্তাহত এদিন বহা হাট
সাপ্তাহিক হাট
(খ)সপ্তাহত দুদিন বহা হাট
অৰ্ধ-সাপ্তাহিক হাট
(গ)পোন্ধৰ দিনৰ মূৰত বহা হাট
পষেকীয়া হাট
(ঘ)প্ৰতিদিন বহা হাট
দৈৈনিক হাট
(ঙ)নিজৰ উৎপাদিত বস্ত্তৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অৰ্জন
খেতিয়ক
(চ)বিভিন্ন ঠাইত হাট-বজাৰ কৰি জীৱিকা অৰ্জন কৰা লোক।
বেপাৰী
৪। তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।
(ক) পাইকাৰী বজাৰত বস্ত্তবোৰ একেলগে অধিক পৰিামণত বেচা-কিনা কৰা হয়।
উত্তৰঃ শুদ্ধ
(খ) গাওঁ অঞ্চলত স্থায়ী বজাৰ নাথাকে।
উত্তৰঃ অশুদ্ধ।
(গ) বেপাৰীসকল এখন বজাৰত ক্ৰেতা হ'লে আনখন বজাৰত বিক্ৰেতা হয়।
উত্তৰঃ শুদ্ধ।
(ঘ) হাটখোৱাই বজাৰখন ডাকি লোৱাৰ বিনিময়ত একো নাপায়।
উত্তৰঃ অশুদ্ধ।
(ঙ) বজাৰ ব্যৱস্থাই সমাজৰ এক শ্ৰেণীৰ লোকক নিয়োগৰ সুবিধা দিছে।
উত্তৰঃ শুদ্ধ।
৫। চমু উত্তৰ লিখাঁ।
(ক) হাটখোৱাই বজাৰৰ বিক্ৰেতাসকলৰপাৰ কিয় কৰ বা মাচূল সংগ্ৰহ কৰে? (১০-১৫ শব্দৰ ভিতৰত)
উত্তৰঃহাটখোৱাই বজাৰৰ বিক্ৰেতাসকলৰ পৰা কৰা বা মাছূল সংগ্ৰহ কৰে।কাৰণ, হাটখোৱা জনে বজাৰখন ডাকি লওঁতে যি ধন খৰচ কৰিছিল, সেই ধনএইদৰে কৰ বা মাছূল সংগ্ৰহ কৰি বজাৰৰ পৰা তলি লয়।এনে কৰি হাটখোৱা জনৰ কিছু অংশ লাভ হিচাপে ৰৈ যায়।
(খ) পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্ত্তৰ দাম কিয় অধিক হয়? (২০-২৫ টা শব্দৰ ভিতৰত)
উত্তৰঃ পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্ত্তৰ দাম অধিক হয় কাৰণ- পাইকাৰী গ্ৰাহকবোৰে নিজৰ প্ৰয়োজন পূৰাবলৈ বস্ত্ত নিকিনে।তেওঁলোকে যিবোৰ বস্ত্ত কিনে সেইবোৰ খুচুৰা বজাৰত বিক্ৰি কৰে।আৰু তেওঁলোকে যিমনা দামৰ বস্ত্ত কিনি আনে সেইবোৰ খুচুৰা বজাৰত তেওঁলোকে তাতোতকৈ অধিক দামত বিক্ৰী কৰে।
(গ) হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কিয় ক'ব পাৰি? (২০-২৫ টা শব্দৰ ভিতৰত)
উত্তৰঃ হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কোৱা হয় কাৰণ- হাট-বজাৰবোৰত দেশ-বিদেশত ঘটা বিভিন্ন ঘটনা বজাৰত আলোচনা হয়।ইয়াৰ ফলত বহুতো নজনা কথা বজাৰত গম পোৱা যায়।
(ঘ) বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কিয় কোৱা হয়? (২৫-৩০ টা শব্দৰ ভিতৰত)
উত্তৰঃ বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হয় কাৰণ- তেওঁলোকে বস্ত্ত বিক্ৰী কৰিবলৈ বিভিন্ন হাটটলৈ যায়।বেপাৰী শ্ৰেণীটো সমাজৰ গুৰুত্বপূৰ্ণ অংগ।বেপাৰীসকলৰ দ্বাৰা আমি নিজৰ ঠাইত নোপাৱা বস্ত্তবোৰ সহজতে আৰু নিজে থকা ঠাইৰ ওচৰতে লাভ কৰিব পাৰি।
(ঙ) হাট-বজাৰবোৰে আমাক কেনেধৰণে উপকৃত কৰে? (৫০-৬০ টা শব্দৰ ভিতৰত)
উত্তৰঃ হাট-বজাৰৰ দ্বাৰা আমি নিজৰ পছন্দ অনুযায়ী বস্ত্ত কিনিব পাৰো।বজাৰত বহুত বিক্ৰেতা থকাৰ কাৰণে কিনোতাসকলে দৰ-দাম কৰিবলৈ সুবিধা পায়।ফলত বস্ত্তবোৰ কম দামত কিনিব পাৰে।এি হাট-বজাৰবোৰৰ দ্বাৰা খেতিয়কসকলে নিজৰ ৰাহি হোৱা বস্ত্তবোৰ সহজতে বিক্ৰী কৰি ধন উপাৰ্জন কৰিব পাৰে।হাট-বজাৰে আমাক এনেদৰে উফকৃত কৰে।
(চ) হাট-বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক কেনেদৰে জীৱিকা অৰ্জনত সহায় কৰে লিখাঁ।(৫০-৬৫ টা শব্দৰ ভিতৰত)
৬। পাৰ্থক্য লিখাঁ।
(ক) স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।
(খ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ।
(গ) ক্ৰেতা আৰু বিক্ৰেতা।
Lesson 11
স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান- গাওঁ পঞ্চায়ত
১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) পৌৰ নিগম কাক বোলে?
উত্তৰঃ নগৰখন যদি বেছি ডাঙৰ হয় অৰ্থাৎ মহানগৰ হয় তেতিয়া সেই অনুষ্ঠানক পৌৰনিগম বোলে।
(খ) কিমান জনসংখ্যাৰ এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়?
উত্তৰঃ সাধাৰণতে ৬হাজাৰতকৈ বেছি আৰু ১০হাজাৰতকৈ কম জনসংখ্যা থকা একোটা এলেকাত একোখন গাওঁ পঞ্চায়ত গঠন কৰা হয়।
(গ) গাওঁ পঞ্চায়তৰ এলেকাসমূহ কেইটা ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ গাওঁ পঞ্চায়তৰ এলেকাসমূহ ১০ টা ভাগত ভাগ কৰা হৈছে।
(ঘ) গাওঁ পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে?
উত্তৰঃ গাওঁ পঞ্চায়তৰ সভাপতিজনক জনসাধাৰণে নিৰ্বাচিত কৰে।
(ঙ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল ৫ বছৰ।
(চ) গাওঁ পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে কাৰ ওচৰত ইস্তফা দিব লাগে?
উত্তৰঃ গাওঁ পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে সভাপতি বা সভানেত্ৰীৰ ওচৰত ইস্তফা দিব লাগে।
(ছ) গাওঁ পঞ্চায়তৰ সভাপতিজনে কাৰ ওচৰত ইস্তফা দিব লাগে?
উত্তৰঃ গাওঁ পঞ্চায়তৰ সভাপতিজনে উপায়ুক্তৰ ওচৰত ইস্তফা দিব লাগে।
(জ) গাওঁ পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে?
উত্তৰঃ গাওঁ পঞ্চায়তৰক সচিবজনক ৰাজ্যচৰকাৰে নিযুক্তি প্ৰদান কৰে।
(ঝ) গাওঁ পঞ্চায়তৰ দুখন সভাৰ মাজৰ ব্যৱধান কিমান বছৰ?
উত্তৰঃ দুই বছৰ।
(ঞ) গাওঁ সভাৰ বৈছক বছৰত কিমানবাৰ বহে?
উত্তৰঃ চাৰিবাৰ বহে।
২।খালী ঠাি পূৰ কৰা।
(ক) নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম পৌৰসভা ।
(খ) গাওঁ পঞ্চায়ত এখনৰ কাৰ্যকাল ৫ বছৰ।
(গ) গাওঁ পঞ্চায়তৰ সভাপতিয়ে জিলা উপায়ুক্ত ক ইস্তফা পত্ৰ দিব লাগে।
(ঘ) গাওং পঞ্চায়ৰ সচিবজনক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে।
(ঙ) গাওঁ পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব প্ৰধানসচিব ৰ।
(চ) গাওঁ পঞ্চায়তৰ সভাসমূহ দুই মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়।
(ছ) গাওঁসভাই যিকোনো সিদ্ধান্ত ল'বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা দহ ভাগ সদস্য উপস্থিত থাকিব লাগিব।
৩।'ক' অংশ 'খ' অংশৰ লগত মিলোৱা।
'ক' অংশ 'খ' অংশ
গাওঁসভা গাওঁ পঞ্চায়তৰ ৰাজহুৱা সভা।
পৌৰ নিগম ডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসন।
থূল নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসন অনুষ্ঠান।
পৌৰসভা গাওঁসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে
প্ৰয়োজনীয় সদস্য সংখ্যা
উত্তৰঃ
‘ক’ অংশ
‘খ’ অংশ
গাওঁসভা
গাওঁ পঞ্চায়তৰ ৰাজহুৱা সভা।
পৌৰ নিগম
ডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান।
থূল
গাওঁসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা।
পৌৰসভা
নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান।
৪। তলৰ বাক্যবোৰ 'শুদ্ধ' নে 'অশুদ্ধ' লিখা।
(ক) গাওঁ এখনত উদ্ভৱ হোৱা সমস্যাসমূহ তাত বাস কৰা লোকসকলে নিজ নিজ মত আৰু বুদ্ধিৰে সমাধান কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) গাওঁপঞ্চায়তৰ সভাপতিজনক পঞ্চায়তখনৰ আন দহজন সদস্যই নিৰ্বাচন কৰে।
উত্তৰঃ শুদ্ধ।
(গ) গাওঁ পঞ্চায়ত এখনৰ উপ-সভাপতিজনে সভাপতিৰ ওচৰত ইস্তফা-পত্ৰ দিব লাগে।
উত্তৰঃ শুদ্ধ।
(ঘ) গুৱাহাটী মহানগৰীত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম হ'ল পৌৰনিগম।
উত্তৰঃ শুদ্ধ।
(ঙ) গাওঁ পঞ্চায়তখনৰ এলেকাসমূহ আঠটা ভাগত ভগোৱা হয়।
উত্তৰঃ অশুদ্ধ।
৫।চমু উত্তৰ লিখাঁ।(২০ টা শব্দৰ ভিতৰত)
(ক) গাওঁ পঞ্চায়ত কি?
(খ) গাওঁ পঞ্চায়তৰ কাৰ্যকালৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ এখন গাওঁ পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ।গাওঁ পঞ্চায়ত এখনৰ প্ৰথমখন সভা বহাৰপৰা পাঁচ বছৰলৈ এই পঞ্চায়তখন বাহাল থাকে।তাৰ পাছত পুনৰ নিৰ্বাচনৰ যোগেদি পঞ্চায়ত গঠন কৰা হয়।এই পাঁচ বছৰৰ ভিতৰতে কোনো সদস্যই নিজৰ পদৰপৰা ইস্তফা দিব পাৰে।সভাপতি বা সভানেত্ৰীগৰাকীয়ে উপায়ুক্তগৰাকীক ইস্তফা-পত্ৰ দিব লাগে।আনহাতে উপ-সভাপতি আৰু আন আন সদস্যসকলং সভাপতিগৰাকীক ইস্তফা-পত্ৰ দিব লাগে।
(গ) গাওঁসভা কাক বোলে?
(ঘ) থূল কি?
উত্তৰঃ গাওঁসভাৰ বৈঠকত এই নিৰ্দিষ্ট সংখ্যক সদস্য উপস্থিত থাকিলে ইয়াক থূল বুলি কোৱা হয়।
(ঙ) গাওঁ-পঞ্চায়তৰ উপ-সভাপতিজন কেনেদৰে নিৰ্বাচিত হয়?
উত্তৰঃ পঞ্চায়তখনন গঠন হোৱাৰ পাছত সভাপতি আৰু আন সদস্যসকলক লৈ এখন সভা বহে।সেই সভাত সভাপতি আৰু ১০ গৰাকী সদস্যই মিলি উপ-সভাপতি গৰাকীক মনোনীত কৰে।
৬।গাওঁ পঞ্চায়ত এখন কেনেকৈ গঠন কৰা হয় চমুকৈ আলোচনা কৰা।
৭।গাওঁ পঞ্চায়ত এখনৰ যিকোনো পাঁচটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ ১। গাওঁ পঞ্চায়তখনৰ বাৰ্ষিক বাজেট প্ৰস্তুত কৰা।বাজেট মানে হ'ল আগন্ত্তক বৰ্ষটোত কৰিবলগীয়া কামৰ বাবে খৰচ আৰু আয়ৰ উৎস বৰ্ণনা।
২। গাওঁ পঞ্চায়তখনত অন্তৰ্ভুক্ত গাওঁবোৰৰ জৰুৰী তথ্য সংৰক্ষণ কৰা।
৩। কৃষি ব্যৱস্থাৰ উন্নতি কৰা।
৪।গাওঁ অঞ্চলৰ গৃহ নিৰ্মাণ।
৫। প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাহায্য পুঁজি গঠন কৰা।
Lesson 13
আকাশৰ কথা
১।উত্তৰ লিখা।
(ক) তৰা কাক বোলে?
উত্তৰঃ নিশাৰ আকাশত যিবোৰ তিৰবিৰাই ঢিমিক-ঢামাক কৰি থাকে তাকে তৰা বোলে।
(খ) পৃথিৱীৰ এটা উপগ্ৰহৰ নাম লিখাঁ।
উত্তৰঃ চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ।
(গ) বিশ্বব্ৰহ্মাণ্ড কাক বোলে?
উত্তৰঃ সৌৰজগতত থকা জ্যোতিষ্কবোৰৰ ওপৰিও মাহাকাশত আৰু অনেক জ্যোতিষ্ক আছে।অগণন জ্যোতিষ্ক তথা তৰাৰে ভৰি থকা অন্তহীন মহাবিশ্বখনকে বিশ্বব্ৰহ্মাণ্ড বোলে।
(ঘ) জ্যোতিষ্ক কাক বোলে?
উত্তৰঃ ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল বস্তুবোৰকে জ্যোতিষ্ক বোলে।
(ঙ) হাতীপটি কাক বোলে?
উত্তৰঃ ৰাতি ফৰকাল আকাশত আকাশৰ মাজভাগত কেতিয়াবা উত্তৰৰ পৰা দক্ষিণলৈ এটা অতি পাতল, শুকুলা ডাৱৰৰ বাট দেখা পোৱা যায়।শুকুলা ডাৱৰৰ বাটটো প্ৰকৃততে নক্ষত্ৰপুঞ্জহে।ইয়াকে হাতীপটি বোলে।
(চ) কক্ষপথ বুলিলে কি বুজা?
উত্তৰঃ গ্ৰহবোৰে গতি কৰা এই পথবোৰ আচলতে কাল্পনিক গ্ৰহহে।এই কাল্পনিক পথবোৰক গ্ৰহবোৰৰ কক্ষপথ বোলে।
(ছ) মহাকৰ্ষণ শক্তি কাক বোলে?
উত্তৰঃ ব্শ্বব্ৰহ্মাণ্ডত থকা যিকোনো দুটা বস্তুৱে এটাই আনটোক আক্ষণ কৰি থাকে।ইয়াকে মহাক্ৰষণ শক্তি বোলে।
২।খালী ঠাই পূৰ কৰা।
(ক) ৰামধেনুৰ সাতোতা ৰঙৰ সমষ্টিক বেঘনিসেহাসুৰ বোলে।
(খ) সূৰ্যৰ নিচেই ওচৰতে থকা গ্ৰহটো বুধ ।
(গ) পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৩,৬০,০০০ কি'লমিটাৰ।
(ঘ) ৭৫ বছৰৰ মূৰে মূৰে দেখা ধুমকেতুটোৰ নাম হেলিৰ ধুমকেতু ।
(চ) সৌৰজগতৰ নক্ষত্ৰটো হ'ল সূৰ্য ।
৩।শুদ্ধ নে অশুদ্ধ লিখাঁ।
(ক) গ্ৰহৰ নিজা পোহৰ নাই।
উত্তৰঃ শুদ্ধ।
(খ) আমি বাস কৰা পৃথিৱীখন এটা গ্ৰহ নহয়।
উত্তৰঃ অশুদ্ধ।
(গ) সৌৰজগতৰ নক্ষত্ৰটোৰ নাম সূৰ্য।
উত্তৰঃ শুদ্ধ।
(ঘ) মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা গ্ৰহৰ থুপটোক গ্ৰহাণুপুঞ্জ বোলে।
উত্তৰঃ শুদ্ধ।
(ঙ) ধুমকেতু এবিধ নক্ষত্ৰ।
উত্তৰঃ অশুদ্ধ।
(চ) চন্দ্ৰ গ্ৰহণত চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত পৰে।
উত্তৰঃ শুদ্ধ।
(ছ) চন্দ্ৰ কলংক হ'ল চন্দ্ৰত থকা কিছুমান ডাঙৰ গ্ৰহ্বৰ।
উত্তৰঃ শুদ্ধ।
৬।পাৰ্থক্য লিখা।
(ক) গ্ৰহ আৰু নক্ষত্ৰ (খ) আভ্যন্তৰীণ গ্ৰহ আৰু বাহ্যিক গ্ৰহ।
৭। সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ কাক বোলে চিত্ৰ আঁকি বুজাই লিখাঁ।
Lesson 14
পৃথিৱীৰ আকৃতি
১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) 'জিয়ইদ' মানে কি?
উত্তৰঃ পৃথিৱীখনৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া নহয়।ইয়াৰ আকৃতি সুমথিৰা টেঙাৰ দৰে।বিজ্ঞানীসকলে পৃথিৱীৰ আকৃতি 'জিয়ইদ' বুলি নামকৰণ কৰিছে যাৰ অৰ্থ পৃথিৱীসদৃশ।
(খ) মেগলান নামৰ নাৱিকজনে কি প্ৰমাণ কৰিছিল?
উত্তৰঃ মেগলান নামৰ নাৱিকজনে পোনপ্ৰথমে পৃথিৱীখন গোল বুলি প্ৰত্যক্ষভাৱে প্ৰমাণ কৰিছিল।
(গ) পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে কোনে জুখি উলিয়াইছিল?
উত্তৰঃ পৃথিৱীৰ পৰিধি সৰ্বপ্ৰথমে পণ্ডিত পাইথাগোৰাছে জুখি উলিয়ািছিল।
(ঘ) পৃথিৱীৰ মেৰুদণঅড বুলিলে কি বুজা?
উত্তৰঃ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগি কাল্পনিক ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।
(ঙ) বিষূৱীয় ব্যাস কাক বোলে?
উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে এডাল ৰেখা কল্পনা কৰা হৈছে।এই ৰেখাডালক পৃথিৱীৰ বিষূৱীয় ব্যাস বোলে।
(চ) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাসৰ মাজত পাৰ্থক্য পৰিলক্ষিত হোৱাৰ কাৰণ কি?
উত্তৰঃ মেৰু ব্যাসৰ দৈৰ্ঘ্য ১২,৭১৪ কিমি. আৰু বিষূৱীয় ব্যাসৰ দৈৰ্ঘ্য ১২,৭৫৭ কিমি.।দুয়োডাল ব্য়াসৰ পাৰ্থক্য ৪৩ কিমি.।
(ছ) বিষুৱৰেখা কাক বোলে?
উত্তৰঃ পৃথিৱীক সমানে দুটা ভাগত ভাগ কৰিছে।এই ৰেখাডালক বিষুৱৰেখা বোলে।
(জ) দ্ৰাঘিমা ৰেখা কি?
উত্তৰঃ পৃথিৱীৰ দুই মেৰু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে।
(ঝ) গুৰুবৃত্ত কাক বোলে?
উত্তৰঃ আন আন দ্ৰাঘিমা ৰেখাসমূহেও ইহঁতৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমাসমূহৰ লগলাগি বৃত্তৰ সৃষ্টি কৰে।এই বৃত্তসমূহক গুৰুবৃত্ত বোলে।
২।খালী ঠআই পূৰ কৰা।
(ক) পৃথিৱীৰ আকৃতি গোলাকাৰ ।
(খ) গোলক পৃথিৱীৰ আৰ্হি ।
(গ) পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক ব্যাস বোলে।
(ঘ) পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰুব্যাসডাল ।
(ঙ) বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাবোৰক বোলে।
(জ) গোটেই পৃথিৱীতে মুঠতে ৩৬০ ডাল দ্ৰাঘিমাৰেখা কল্পনা কৰা হৈছে।
(ঞ) দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ।
৩।শুদ্ধ নে অশুদ্ধ লিখাঁ।
(ক) ভাৰতবৰ্ষত দিন হ'লে আমেৰিকাত ৰাতি হয়।
উত্তৰঃ শুদ্ধ।
(খ) পৃথিৱীৰ আকৃতি থাল এখনৰ দৰে ঘূৰণীয়া।
উত্তৰঃ অশুদ্ধ।
(গ) পৃথিৱীৰ উপৰিভাগ সমান।
উত্তৰঃ অশুদ্ধ।
(ঘ) পৃথিৱীৰ মেৰু ব্যাস আৰু বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য সমান।
উত্তৰঃ অশুদ্ধ।
(ঙ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ বৃত্তাকাৰ।
উত্তৰঃ অশুদ্ধ।
(চ) বিষুৱৰেখাডালে পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে।
উত্তৰঃ শুদ্ধ।
(ছ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ সমান্তৰাল আৰু সমান।
উত্তৰঃ
৪।উত্তৰ লিখাঁঃ (আনুমানিক ২০ৰ পৰা ৩০ শব্দৰ ভিতৰত)
(ক) পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ এটা প্ৰমাণ দিয়া।
(খ) পৃথিৱীৰ এটা অংশত দিন হ'লে আনটো অংশত ৰাতি হোৱাৰকাৰণ কি?
(গ) পৃথিৱীৰ আকৃতি বাখ্যা কৰা।
(ঘ) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মজাত থকা পাৰ্থক্যসমূহ লিখা।
৫।চিত্ৰ আঁকি দেখুওৱাঁ।
(ক) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাস।
(খ) বিষুৱৰেখা,উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ।
(গ) কৰ্কক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা, সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত।
Lesson 15
পৃথিৱীৰ জলভাগ আৰু স্থলভাগ
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) পৃথিৱীৰ মুঠ কালিৰ জলভাগ আৰু স্থলভাগে কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ
খ) মহাদেশবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?
উত্তৰঃ
গ) কোনখন মহাদেশৰ জনসংস্যা আটাইটকৈ বোছি?
উত্তৰঃ
ঘ) আটাইতকৈ বিশাল মহাসাগৰ কোনখন?
উত্তৰঃ
ঙ) ব্ৰিটিছ দ্বীপপুঞ্জ কোনখন মহাদেশৰ অন্তৰ্গত?
উত্তৰঃ
চ) আটাইতকৈ সৰু মহাসাগৰখনৰ নাম কি?
উত্তৰঃ
ছ) উপসাগৰ কাক বোলে?
উত্তৰঃ
জ) কোনখন মহাদেশৰ মাজেৰে বিষুৱৰেখাডাল পাৰ হৈ গৈছে?
উত্তৰঃ
ঝ) ওছেনিয়া মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰঃ
ঞ) ইউৰোপ আৰু এছিয়া মহাদেশক যুগ্মভাৱে কি বোলে?
উত্তৰঃ
ট) কোনখন মহাদেশৰ জনসংখ্যা আটাইতকৈ কম?
উত্তৰঃ
ঠ) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি?
উত্তৰঃ
ড) এণ্টাৰ্কটিকা মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰঃ
ঢ) কোন গোলাৰ্ধত জলভাগৰ পৰিমাণ বেছি?
উত্তৰঃ
ণ) প্ৰশান্ত মহাসাগৰৰ দুটা উল্লেখযোগ্য দ্বীপৰ নাম লিখাঁ।
উত্তৰঃ
ত) ভাৰত মহাসাগৰক কোনকেইখন দেশে আগুৰি আছে?
উত্তৰঃ
থ) ভাৰত মহাসাগৰত থকা দুটা দ্বীপৰ নাম লিখাঁ।
উত্তৰঃ
দ) দক্ষিন মহাসাগৰে কোনখন মহাদেশক আগুৰি আছে?
উত্তৰঃ
ধ) পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন?
উত্তৰঃ
ন) ভাৰতবৰ্ষ কোনখন মহাদেশত আছে?
উত্তৰঃ
প) পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন? ই কোন মহাদেশৰ অন্তৰ্ভুক্ত?
উত্তৰঃ
ফ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন আৰু ই কোনখন মহাদেশত আছে?
উত্তৰঃ
ব) ইউৰোপ মহাদেশ কোন গোলাৰ্ধত অৱস্থিত?
উত্তৰঃ
ভ) আফ্ৰিকা মহাদেশৰ অন্তৰ্ভৃুক্ত দুখন দেশৰ নাম লিখাঁ।
উত্তৰঃ
ম) ইউৰোপ মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।
উত্তৰঃ
য) ইউৰোপ মহাদেশত গঢ় লৈ উঠা দুটা প্ৰাচীন সভ্যতাৰ নাম লিখাঁ।
উত্তৰঃ
ৰ) উত্তৰ আমেৰিকা মহাদেশৰ দুখন উল্লেখযোগ্য দেশৰ নাম লিখাঁ।
উত্তৰঃ
ল) পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰাঁ।
ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় _________ শতাংশ স্থলভাগে আগুৰি আছে।
খ) জলভাগৰ মাজে মাজে _________ বিস্তৃত হৈ আছে।
গ) জাপান _______ মহাসাগৰৰ অন্তৰ্গত এখন দেশ।
ঘ) শ্ৰীলংকা ________ মহাসাগৰৰ অন্তৰ্গত এখন দেশ।
ঙ) ________ মহাসাগৰে এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি আছে।
চ) উত্তৰ মহাসাগৰ ________ বৃত্তৰ অন্তৰ্গত।
ছ) মানুহে গ্ৰহণ কৰা প্ৰায় _______ শতাংশ খাদ্য আৰু অক্সিজেন সাগৰ-মহাসাগৰৰপৰা আহে।
জ) এছিয়া মহাদেশ _________ গোলাৰ্ধত অৱস্থিত।
ঝ) সনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত ________।
ঞ) ওছেনিয়া মহাদেশ _________ মণ্ডলত অৱস্থিত।
৩। 'ক ' অংশৰ লগত 'খ' অংশ মিলোৱাঁ।
'ক' 'খ'
আৰৱ সাগৰ আটাইতকৈ সৰু মহাসাগৰ
ভাৰতবৰ্ষ দ্বিতীয় বিশালতম মহাসাগৰ
উত্তৰ মহাসাগৰ এছিয়া মহাদেশৰ অন্তৰ্গত
দক্ষিণ মহাসাগৰ ভাৰত মহাসাগৰৰ অন্তৰ্গত
আটালাণ্টিক মহাসাগৰ চতুৰ্থ বৃহত্তম মহাদেশ
আফ্ৰিকা মহাদেশ কুমেৰু অঞ্চল অৱস্থিত
দক্ষিণ আমেৰিকা মহাদেশ নিগ্ৰোসকলৰ বাসস্থান
৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখাঁ
ক) পৃথিৱীৰ মুঠ কালিৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে।
উত্তৰঃ
খ) জলভাগ আৰু স্থলভাগ একো একোটা সুকীয়া গোট।
উত্তৰঃ
গ) স্থলভাগৰ অধিকাংশ দক্ষিণ গোলাৰ্ধত আছে।
উত্তৰঃ
ঘ) আটলাণ্টিক মহাসাগৰৰ আকাৰ প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা।
উত্তৰঃ
ঙ) উত্তৰ মহাসাগৰৰ আকৃতি প্ৰায় ঘূৰণীয়া।
উত্তৰঃ
চ) সাগৰ-মহাসাগৰৰ পানীভাগ স্থিৰ।
উত্তৰঃ
ছ) পৃথিৱীৰ আধাতকৈ বেছি লোক এছিয়া মহাদেশত বাস কৰে।
উত্তৰঃ
জ) পৃথিৱীৰ সবাতোকৈ অধিক জনসংখ্যা থকা দেশখন ইউৰোপ মহাদেশত অৱস্থিত।
উত্তৰঃ
ঝ) আফ্ৰিকাৰ আধা অংশত গ্ৰীষ্মকাল হ'লে আধা অংশত শীতকাল হয়।
উত্তৰঃ
ঞ) ইউৰোপ মহাদেশ সমমণ্ডলত অৱস্থিত।
উত্তৰঃ
৫। চমু উত্তৰ লিখাঁ (আনুমানিক ২০ ৰপৰা ৩০টা শব্দৰ ভিতৰত)।
ক) পৃথিৱীৰ জলভাগ আৰু স্থলভাগৰ বিষয়ে লিখাঁ। জলভাগ আৰু স্থলভাগৰ পৰিমাণ দেখুৱাই চিত্ৰ আঁকিবা।
উত্তৰঃ
খ) উত্তৰ মহাসাগৰৰ বিষয়ে এটি টোকা লিখাঁ।
উত্তৰঃ
গ) আফ্ৰিকা মহাদেশৰ আধা অংশত গ্ৰীষ্মকাল হ'লে বাকী আধা অংশত শীতকাল হয়। এনে হোৱাৰ কাৰণ কি?
উত্তৰঃ
ঘ) এণ্টাকটিকা মহাদেশৰ বিষয়ে এটি টোকা লিখাঁ।
উত্তৰঃ
ঙ) পৃথিৱীৰ মহাদেশ আৰু মহাসাগৰবোৰৰ এখন তালিকা প্ৰস্তুত কৰাঁ।
উত্তৰঃ
পাঠ ১৬
পৃথিৱীৰ পৰিৱেশ
অনুশীলনী
১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
ক) উদ্ভদে সালোক সংশ্লেষণৰ পিছত কি গেছ এৰি দিয়ে?
উত্তৰঃ
খ) বিষুবীয় অঞ্চলত গৰম কিয় বেছি?
উত্তৰঃ
গ) বিষুবীয় বা নিৰক্ষীয় অঞ্চল বুলিলে কোনটো অঞ্চলক বুজায়?
উত্তৰঃ
ঘ) দুখন বিখ্যাত মৰুভূমিৰ নাম লিখা?
উত্তৰঃ
ঙ) পৃথিৱীৰ সবাতোকৈ বিশাল মৰুভূমিখনৰ নাম কি?
উত্তৰঃ
চ) মৰুদ্যান কি?
উত্তৰঃ
ছ) তুন্দ্ৰা অঞ্চলত বসবাস কৰা দুটা জনগোষ্ঠীৰ নাম লিখাঁ।
উত্তৰঃ
জ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ জীৱিকাৰ উপায় কি?
উত্তৰঃ
ঝ) এস্কিম'সকলে সজা বৰফৰ ঘৰক কি বোলে?
উত্তৰঃ
ঞ) সমভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?
উত্তৰঃ
ট) তুন্দ্ৰা আৰু মেৰু অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?
উত্তৰঃ
ঠ) মৰুভূমি অঞ্চলৰ মানুহে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰে?
উত্তৰঃ
ড) জীৱৰ সৃষ্টিৰ বাবে কি কি উপাদানৰ প্ৰয়োজন?
উত্তৰঃ
ঢ) পৰিৱেশ বুলিলে কি বুজা?
উত্তৰ
ণ) পৃথিৱীপৃষ্ঠত থকা দুটা অজৈৱিক উপাদানৰ নাম লিখা।
উত্তৰঃ
ত) বৰ্ষাৰণ্য কি?
উত্তৰঃ
২। চমুকৈ উত্তৰ দিয়াঁ।
ক) পৰিবেশৰ উপাদানসমূহক কেইটা আৰু কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ
খ) পৃথিৱীৰ জীৱসমূহ এটা আনটোৰ ওপৰত কিদৰে নিৰ্ভৰশীল?
উত্তৰঃ
গ) পৰিবেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ কি কি?
উত্তৰঃ
ঘ) পৰিবেশভেদে মানুহৰ খাদ্যভ্যাসৰ পাৰ্থক্যবোৰ লিখাঁ।
উত্তৰঃ
ঙ) পৰিবেশভেদে মানুহৰ বাসস্থান আৰু সাজ-পাৰ কেনেদৰে বেলেগ বেলেগ হয়?
উত্তৰঃ
চ) কোনবোৰ অঞ্চল বেছি গৰমো নহয়, ঠাণ্ডাও নহয়? তেনেবোৰ অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।
উত্তৰঃ
ছ) কোনবোৰ অঞ্চল বৰফাবৃত্ত? তেনে অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।
উত্তৰঃ
জ) মৰুভূমি কাক বোলে? মৰুভূমি অঞ্চলৰ পৰিবেশ সম্পৰ্কে চমুকৈ লিখাঁ।
উত্তৰঃ
ঝ) মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তিৰ কাষৰ মানুহৰ বাসস্থান সম্পৰ্কে লিখাঁ।
উত্তৰঃ
ঞ) "পৰিবেশে মানুহৰ খাদ্য অভ্যাসৰ ওপৰত প্ৰভাৱ পেলায়।" চমুকৈ বুজাই লিখাঁ।
উত্তৰঃ
৩। খালী ঠাই পূৰ কৰাঁ।
ক) প্ৰাণীয়ে নিশাহত _____________ গেছ এৰি দিয়ে।
খ) পৃথিৱীখনে নিজৰ কক্ষতলৰ লগত _____________ কোণ কৰি হালি থাকে।
গ) উত্তৰ কানাডাত বাস কৰা লোকসকলক _____________ বোলে।
ঘ) বিষুৱৰেখাৰ কাষৰীয়া অঞ্চলক ________________ বোলে।
৪। চমুটোকা লিখাঁ।
ক) তুন্দ্ৰা অঞ্চল খ) পৰিবেশৰ উপাদানসমূহ।
৫। পৃথিৱীৰ ভিন ভিন অঞ্চলৰ পৰিবেশ কিয় ভিন ভিন হয় উদাহৰণ দি বুজাই লিখাঁ।
পাঠ-১৭
অ' আমাৰ গাঁও
অনুশীলনী
১। একোটি সম্পূৰ্ণ বাক্যত উত্তৰ দিয়াঁ।
ক) মানৱ সভ্যতাত গাঁৱৰ উৎপত্তিৰ মূল কাৰণ কি?
উত্তৰঃ
খ) অসমৰ মাজেৰে বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ দুখনৰ নাম লিখাঁ।
উত্তৰঃ
গ) গাঁৱৰ আকাৰ-আকৃতি, মানুহৰ জীৱন-ধাৰণ প্ৰণালী আদি কথাবোৰ কি প্ৰধান কথাৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ
ঘ) ভৈয়াম অঞ্চল মনে কি?
উত্তৰঃ
ঙ) অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম লিখাঁ।
উত্তৰঃ
চ) উপাসনা গৃহ কাক বোল?
উত্তৰঃ
ছ) 'ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়'। 一কথাষাৰৰ বক্তাজন কোন?
উত্তৰঃ
২। শুদ্ধ নে ওশুদ্ধ লিখাঁ।
ক) প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ ফালৰপৰা অসম এখন মনোমোহা ৰাজ্য নহয়।
খ) ভৈয়াম মানে হ'ল অসমান মাটিৰ অঞ্চল।
গ) অসমৰ প্ৰায়বোৰ গাঁৱেই একোখন বা তাতোকৈ বেছি সৰু-বৰ নদীৰ ওচৰে-পাজৰে অৱস্থিত।
ঘ) অসমৰ জলবায়ু অনুসৰি ছেপ্তেম্বৰ-অক্ট'বৰ মাহৰপৰা ফেব্ৰুৱাৰি-মাৰ্চ মাহৰ মাজৰ সময়ছোৱাক গ্ৰীষ্ম কাল বোলে।
ঙ) গাঁৱৰ নামঘৰসমূহ ধৰ্মীয় উৎসৱ, সভা-সমিতি, নাট-গীত-ভাওনা আদি চৰ্চাৰ মূল কেন্দ্ৰ।
৩। যথাযথভাৱে উত্তৰ দিয়াঁ।
ক) অসমৰ ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উপায় কি কি?
উত্তৰঃ
খ) অসমৰ ভৈয়ামৰ গাঁও অঞ্চলৰ জলবায়ুত কি কি ঋতু দেখা যায়?
উত্তৰঃ
গ) কৃষিৰ উপৰিও অসমৰ ভৈয়াম অঞ্চলৰ লোকসকলে আন কি কি কাম কৰি জীৱিকা নিৰ্বাহ কৰে?
উত্তৰঃ
ঘ) ভৈয়াম অঞ্চলৰ গাঁওবোৰৰ বাট-পথ আৰু যান-বাহনৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ
ঙ) ভৈয়াম অঞ্চলৰ গাঁৱৰ উপাসনা গৃহবোৰৰ গুৰুত্বৰ বিষয়ে বুজাই লিখাঁ।
উত্তৰঃ
চ) অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ মানুহৰ তাঁতশাল আৰু কুটীৰ শিল্পৰ বিষয়ে এটি বিৱৰণ লিখাঁ।
উত্তৰঃ
ছ) 'ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন গাঁৱতহে পোৱা যায়।' মহাত্মা গান্ধীৰ এই কথাষাৰৰ অৰ্থ প্ৰকাশ হোৱাকৈ অসমৰ ভৈয়াম অঞ্চলৰ গাঁৱৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ। (উত্তৰটো প্ৰস্তু কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীৰ সহায় ল'বা)
উত্তৰঃ
Lesson 18
নগৰৰ ধাৰণা
১।একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(ক) ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি?
উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ।সেইকাৰণে ভাৰতবৰ্ষত গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি।
(খ) বৰ্তমান সময়ত নগৰ-চহৰবোৰ ক্ৰমে ডাঙৰ হ'বলৈ ধৰাৰ মূল কাৰণটি কি?
উত্তৰঃ বৰ্তমান সময়ত নগৰ-চহৰবোৰ ডাঙৰ হোৱাৰ মূল কাৰণ হ'ল- উন্নত ধৰণৰ কাৰিকৰি কৌশল, আৰু বিভিন্ন ধৰণৰ উদ্যোগৰ প্ৰতিষ্ঠানৰ বাবে।
(গ) পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা।
উত্তৰঃ পাহাৰীয়া অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ অসুবিধা হ'ল- পানীৰ অসুবিধা।
২।খালী ঠাই পূৰ কৰাঁ।
(ক) ক'হিমা ভাৰৰ নাগালেণ্ডৰ ৰাজ্য।
(খ) উত্তৰ-পূব ভাৰতৰ ৰাজ্যৰ সংখ্যা ৮ খন।
(গ) অসম ভাৰতৰ উত্তৰ-পূবৰ দুৱাৰমুখ।
(ঘ) অৰুনালৰ টাৱাং এখন পৰ্যটন নগৰী।
৩। উত্তৰ লিখাঁ।
(ক) পৃথিৱীৰ চাৰিখন উন্নত দেশ
উত্তৰঃ পৃথিৱীৰ চাৰিখন উন্নত দেশৰ নাম হ'ল- আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট-বিট্ৰেইন,জাপান,কানাডা।
(খ) ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন
উত্তৰঃ ভাৰতবৰ্ষৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন হ'ল- দিল্লী,মুম্বাই,ক'লকাতা,চেন্নাই।
(গ) উত্তৰ-পূব ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী
উত্তৰঃ উত্তৰ পূব ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী হ'ল- গুৱাহাটী,ধুবুৰী,তেজপুৰ,মৰিয়নী।
(ঘ) ভাৰতৰ চাৰিখন বিখ্যাত পৰ্যটন নগৰী
উত্তৰঃ ভাৰতৰ চাৰিখন বিখ্যাত পৰ্টন নগৰী হ'ল- দাৰ্জিলিং,আগ্ৰা,পুৰী,শ্ৰীনগৰ।
৪। নগৰ-চহৰ গঢ়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ লিখাঁ।
উত্তৰঃ নগৰ-চহৰ গঢ়ি উঠিবলৈ যিকোনো দুটা কাৰণ হ'ল- এখন বজাৰ আৰু এটা উদ্যোগ লাগিব।
৫। সাগৰ আৰু নদীৰ পাৰৰ বন্দৰক কেন্দ্ৰ গঢ়ি উঠা চাৰিখন নগৰৰ নাম লিখাঁ।
উত্তৰঃ মুম্বাি,কলকাতা,চেন্নাই আৰু বিশাখাপট্টনম।
৬।অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখাঁ।
৭।ভাৰতৰ যিকোনো চাৰিখন তীৰ্থস্থাানৰ নাম লিখাঁ।
উত্তৰঃ বেনাৰস,পুৰী, বৃন্দাবন, তিৰুপট্টী।
৮।প্ৰাকৃতিক দৃশ্য,বতৰ,জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ চাৰিখনৰ নাম লিখাঁ।
৯।গুৱাহাটী মহানগৰত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা।
উত্তৰঃ খোপাপানীৰ সমস্যা, বানপানীৰ সমস্যা আৰু যাতায়তৰ সমস্যা।
১০।পৃথিৱীখনক কিয় 'বিশ্বগাওঁ' আখ্যা দিয়া হৈছে?
উত্তৰঃ গাওঁ এখনত যেনেকৈ অহা-যোৱা সতকাই কৰিব পাৰি,যোগাযোগ সহজতে কৰিব পাৰি,বৰ্তমান বিশ্বতো দুখন ঠাইৰ মাজত দূৰত্ব যিমানেই নহওক কিয়,এই সকলোবোৰ সহজতে সম্ভৱ হৈছে।সেইকাৰণে সকলোৱে পৃথিৱীখনক 'বিশ্বগাওঁ' বুলি ক'বলৈ লৈছে।
Lesson 19
ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ
১।ভূগোল মানে কি?
উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা প্ৰক্ৰিয়াটোক ভূগোল বোলে।
২।ভূগোলৰ প্ৰধান ভাগ কেইটা আৰু কি কি?
উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হ'ল- প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল।
৩।প্ৰাকৃতিক ভূগোলৰ বিষয়বস্ত্ত কি লিখাঁ।
উত্তৰঃ প্ৰাকৃতিক ভূগোলৰ বিষয়বস্ত্ত হ'ল- পৰ্বত-পাহাৰ, নৈ,সাগৰ,মহাসাগৰ,বায়ুমণ্ডল,আকাশ,দিশ,স্থান,সময় আদি।
৪।মানৱ ভূগোলৰ বিষয়বস্ত্ত কি লিখাঁ।
উত্তৰঃ মানৱ ভূগোলৰ বিষয়বস্ত্তবোৰ হ'ল- সামাজিক,সাংস্কৃতিক আৰু ৰাজনৈতিক।