ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু ভাষা শিক্ষণ
✍️ ড৹ বিৰিঞ্চি কুমাৰ দাস
অধ্যক্ষ, বৰপেটা মহাবিদ্যালয়, বৰপেটা
যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুমোদিত হোৱাৰ লগে লগেই একবিংশ শতিকাৰ ভাৰতত শিক্ষা ব্যৱস্থাক নতুনকৈ গঢ় দিয়াৰ এক প্ৰক্ৰিয়াই গজালি মেলিছে। উল্লেখনীয় কথা হ'ল ইয়াৰ পূৰ্বৰ অন্তিমখন ৰাষ্ট্ৰীয় শিক্ষানীতি গৃহীত হৈছিল ১৯৮৬ চনত আৰু সুদীৰ্ঘ চৌত্ৰিছটা বছৰ ধৰি এই শিক্ষানীতিৰ দ্বাৰাই ভাৰতৰ শিক্ষা ব্যৱস্থা পৰিচালিত হৈ আছিল । কোৱা বাহুল্য যে ২০২০ চনৰ ভাৰতৰ আৰ্থ-সামাজিক প্ৰেক্ষাপট ১৯৮৬ চনৰ সৈতে একে হৈ থকা নাই; তাৰোপৰি, গোটেই বিশ্বতেই সম্প্ৰতি জ্ঞানৰ দৃশ্যপটত ব্যাপক আৰু দ্ৰুত পৰিৱৰ্তন আহি পৰিছে । এনে এক প্ৰেক্ষাপটত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক আঁতৰাই দেশৰ সাম্প্ৰতিক আৰ্থ-সামাজিক পৰিস্থিতিয়ে দাবী কৰা ধৰণে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশে বিশ্বৰ জ্ঞানৰ জগৎখনলৈ লৈ অহা ব্যাপক পৰিৱৰ্তনসমূহৰ সৈতে খাপ খুৱাই ল'ব পৰাকৈ শিক্ষা ব্যৱস্থাৰ পুনৰ্গঠন কৰাৰ পথ নিৰ্দেশনা দিয়া এক নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাটো আছিল বৰ্তমান সময়ৰ দাবী। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০১৭ চনৰ জুন মাহত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰণালয় ভাৰতৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ড৹ কৃষ্ণস্বামী কস্তুৰীৰঙ্গনৰ অধ্যক্ষতাত দেশৰ কেইবাগৰাকীও আগশাৰীৰ শিক্ষাবিদক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰি দিয়ে। এই সমিতিয়ে ২০১৯ চনৰ ৩১ মে' তাৰিখে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এখন খচৰা দাখিল কৰে। প্ৰায় চাৰি শ আশী পৃষ্ঠাজোৰা এই খচৰাত উত্থাপিত বিভিন্ন দিশৰ বিতং ৰাজহুৱা আলোচনাৰ অন্তত অৱশেষত ২০২০ চনত এই ৰাষ্ট্ৰীয় শিক্ষানীতিক পূৰ্ণাঙ্গ ৰূপ দিয়া হয়।
২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দেশখনৰ প্ৰাথমিক শিক্ষাৰপৰা উচ্চ শিক্ষালৈকে সমগ্ৰ শিক্ষা ব্যৱস্থাটোত কিছুমান সুদূৰপ্ৰসাৰী পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে, যাৰ মাধ্যমেৰে পৰৱৰ্তী দহ বছৰমানৰ ভিতৰত দেশত সামাজিক আৰু অৰ্থনৈতিক সীমাবদ্ধতাক অতিক্ৰম কৰি সকলোৰে বাবে উচ্চতম মানসম্পন্ন শিক্ষা প্ৰদানৰ নিশ্চয়তা দিব পৰা এক শ্ৰেষ্ঠ শিক্ষা ব্যৱস্থা গঢ়ি তোলাটো সম্ভৱ হ'ব বুলি আশা কৰা গৈছে। গাইগুটীয়া পৰ্যায়ত ব্যক্তিৰ ব্যক্তিত্ব আৰু সামৰ্থ্যৰ পূৰ্ণ বিকাশৰ লগতে ন্যায় আৰু সমতাৰ ভিত্তিত সমাজৰ বিকাশ আৰু ৰাষ্ট্ৰৰ উন্নতিক শিক্ষাৰ মূল উদ্দেশ্য হিচাপে বিবেচনা কৰা এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাচীন ভাৰতত জ্ঞানৰ বিকাশৰ বৰ্ণাঢ্য ঐতিহ্যক ইয়াৰ মূল চালিকা শক্তি হিচাপে গ্ৰহণ কৰিছে। শিক্ষানীতিৰ পাতনিতে কোৱা হৈছে যে প্ৰাচীন ভাৰতৰ শিক্ষাৰ লক্ষ্য কেৱল এই পৃথিৱীত বা আনুষ্ঠানিক শিক্ষাৰ পৰিসীমাৰ বাহিৰত জীৱন নিৰ্বাহৰ প্ৰস্তুতিৰ বাবে জ্ঞান আহৰণেই নাছিল; স্বকীয় সত্বাৰ পূৰ্ণ উপলদ্ধি আৰু স্বতন্ত্ৰতা আহৰণো আছিল এই শিক্ষাৰ লক্ষ্য। প্ৰাচীন ভাৰতৰ বিশ্বমানৰ শৈক্ষিক প্ৰতিষ্ঠান, যেনে তক্ষশীলা, নালন্দা, বিক্ৰমশীলা, বল্লভী আদিয়ে 'বহুবিষয় সম্বলিত' (Multidisciplinary) শিক্ষাক ইয়াৰ সৰ্বোচ্চ মানলৈকে উন্নীত কৰাৰ কথা বিশেষভাবে উল্লেখ কৰি এই শিক্ষানীতিৰ মূল নৈতিক আধাৰ হিচাপে দাঙি ধৰা হৈছে এই কথাখিনিক -- "শিক্ষা ব্যৱস্থাৰ উদ্দেশ্য হৈছে ভাল মানুহৰ বিকাশ ঘটোৱা, যিসকল যুক্তিপূৰ্ণ চিন্তা আৰু কাৰ্যৰ বাবে সক্ষম, যিসকল অনুকম্পা আৰু সহানুভূতি, সাহস আৰু সহনশীলতা, বৈজ্ঞানিক মানসিকতা আৰু সৃজনীশীল কল্পনাৰ অধিকাৰী, আৰু যিসকলে দৃঢ় নৈতিক বিশ্বাস আৰু প্ৰমূল্য বহন কৰে।"
ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ত সন্নিবিষ্ট সকলো কথাৰে আলোচনা এটা চমু প্ৰৱন্ধৰ আওতালৈ অনাটো সম্ভৱ নহয়। এই লেখাত আমি কেৱল ভাষাৰ শিক্ষণ সম্পৰ্কে এই শিক্ষানীতিয়েনো কি কৈছে, তাৰ প্ৰতি সামান্য দৃষ্টি নিক্ষেপ কৰিম। তাৰো উপৰি আমাৰ উদ্দেশ্য শিক্ষানীতিৰ বিভিন্ন দিশৰ পৰ্যালোচনা আগ বঢ়োৱাটো, ইয়াৰ ভাল-বেয়া বিশ্লেষণ কৰাটো নহয়; আমি কেৱল পঢ়ুৱৈৰ জ্ঞাতাৰ্থে কথাবোৰ দাঙিহে ধৰিম।
বিদ্যালয়ৰ শিক্ষাক ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০এ পূৰ্বৰ ১০+২ আৰ্হিৰ পৰিৱৰ্তে ৫+৩+৩+৪ আৰ্হিত বিভক্ত কৰিছে। এই নতুন আৰ্হিত প্ৰথম পাঁচটা বছৰ হৈছে বুনিয়াদী স্তৰ; এই স্তৰত ৩ বছৰ বয়সৰপৰা ৬ বছৰ বয়সলৈ তিনিটা বছৰত অঙ্গনবাদী/প্ৰাক বিদ্যালয়/বালবাটিকা পৰ্যায়ত শিক্ষা দিয়া হ'ব, আৰু তাৰ পাছত ৬ বছৰৰ পৰা ৮ বছৰ বয়সলৈ এই দুটা বছৰত থাকিব বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণী । ইয়াৰ পাছৰ তিনিটা বছৰ (৮ বছৰৰপৰা ১১ বছৰলৈ) হৈছে প্ৰস্তুতিমূলক স্তৰ, য'ত অৰ্ন্তভূক্ত হ'ব তৃতীয় শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈ শিক্ষাদান। ১১ বছৰৰপৰা ১৪ বছৰলৈ অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰপৰা অষ্টম শ্ৰেণীলৈ সাঙুৰি লোৱা তৃতীয় স্তৰটো হৈছে মধ্য (middle) স্তৰ। তাৰ পিছত আহে মাধ্যমিক (secondary) স্তৰ, য'ত অৰ্ন্তভূক্ত হৈ আছে ১৪ বছৰৰপৰা ১৮ বছৰলৈকে (নৱম শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে) চাৰিটা বছৰ। এই আৰ্হিৰপৰা এটা কথা স্পষ্ট যে শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ অহাৰ পূৰ্বৰ তিনিটা বছৰকো এই শিক্ষানীতিয়ে বিশেষভাবে গুৰুত্ব দিছে।
এইবাৰ আহিছোঁ বিদ্যালয় পৰ্যায়ত ভাষা শিক্ষণৰ প্ৰসঙ্গলৈ। ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে যিহেতু কম বয়সীয়া শিশুৱে গুৰুত্বপূৰ্ণ ধাৰণাসমূহ নিজৰ গৃহ ভাষা/মাতৃভাষাত বেছি দ্ৰুতভাবে আয়ত্ব কৰিব পাৰে, সেয়ে সম্ভৱপৰ স্থলত পঞ্চম শ্ৰেণীলৈকে, কিন্তু পাৰিলে অষ্টম বা তাৰ ওপৰৰ শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম গৃহ ভাষা/মাতৃভাষা/স্থানীয় ভাষা/আঞ্চলিক ভাষা হ'ব লাগে। পৰৱৰ্তী পৰ্যায়ত গৃহ ভাষা/স্থানীয় ভাষাটো য'তেই সম্ভৱ হয় এটা ভাষা হিচাপে শিকোৱা হ'ব। বিজ্ঞান বিষয়কে ধৰি সকলো বিষয়তে গৃহ ভাষা/মাতৃভাষাত উচ্চ মানৰ পাঠ্যপুথি প্ৰণয়নৰ ব্যৱস্থা কৰা হ'ব। এই গোটেই ব্যৱস্থাটোৰ মূল তাৎপৰ্যটো হৈছে শিশু এটাই নিজে কোৱা ভাষাটো আৰু শিশুটোক শিক্ষা প্ৰদান কৰাৰ বাবে ব্যৱহাৰ কৰা ভাষাটোৰ মাজত থাকিব পৰা সম্ভৱপৰ সকলো ধৰণৰ ব্যৱধান আঁতৰোৱা। যদি গৃহ ভাষা/মাতৃভাষাত উপযুক্ত পাঠ্যপুথি নাথাকেও, তেতিয়াও শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সংযোগ স্থাপন কৰা ভাষাটো যিমানদূৰ সম্ভৱ গৃহ ভাষা/মাতৃভাষাই হ'ব লাগিব। আকৌ যদি কোনো শিক্ষাৰ্থীৰ গৃহ ভাষাটো শিক্ষাৰ মাধ্যম নহয়, তেনেহ'লে তেনে শিক্ষাৰ্থীৰ সুবিধাৰ কাৰণে শিক্ষকসকলক দ্বিভাষিক শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰকে ধৰি দ্বিভাষিক শৈক্ষিক পদ্ধতি প্ৰয়োগ কৰাৰ বাবে উৎসাহিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথি আৰু আন শিক্ষণ সামগ্ৰীবোৰ দ্বিভাষিক কৰা কথাটোত বিশেষ গুৰুত্ব দিয়া হৈছে।
ভাষাৰ শিক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০এ বিশেষ জোৰ দিয়া আন এটা কথা হৈছে যে যিহেতু দুইৰ পৰা আঠ বছৰ বয়সৰ ভিতৰত এটা শিশুৱে অত্যন্ত দ্ৰুততাৰে ভাষা আয়ত্ব কৰিব পাৰে আৰু যিহেতু বহুভাষিক জ্ঞান কম বয়সৰ শিক্ষাৰ্থীৰ বাবে শিক্ষা আহৰণৰ দিশত বহুখিনি লাভজনক, সেয়ে শিক্ষাৰ্থীক বুনিয়াদী স্তৰৰপৰাই বহুকেইটা ভাষা শিকোৱাৰ ব্যৱস্থা থাকিব লাগিব। অৱশ্যে বহুকেইটা ভাষা শিকাবলৈ যাওতে মাতৃভাষাৰ শিক্ষণক বিশেষ অগ্ৰাধিকাৰ দিয়া কথাটোৱো এই শিক্ষানীতিয়ে উল্লেখ কৰিছে। এই উদ্দেশ্য আগত ৰাখি সকলো আঞ্চলিক ভাষাতে, আৰু বিশেষভাবে সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তৰ্ভুক্ত ভাষাবোৰত বহু সংখ্যক ভাষা শিক্ষক নিযুক্তি দিয়া কথাটো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে গুৰুত্ব সহকাৰে ল'ব লাগে বুলি এই শিক্ষানীতিয়ে মত পোষণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজন সাপেক্ষে একোখন ৰাজ্যই আন ৰাজ্যৰপৰা ভাষাৰ শিক্ষক অনাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক বুজাবুজি থকাৰ কথাটোতো গুৰুত্ব দিয়া হৈছে।
এই বহুভাষিক শিক্ষাক আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ লগতে ৰাষ্ট্ৰীয় ঐক্যৰ বিকাশ ঘটোৱাৰ প্ৰতি দৃষ্টি ৰাখিয়েই আৰু লগতে সাংবিধানিক বিধিব্যৱস্থা, জনগণ, অঞ্চল আৰু ৰাষ্ট্ৰব্যৱস্থাৰ আকাংক্ষাৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়োজনীয়তাও বিবেচনা কৰি ত্ৰিভাষা সূত্ৰ চলাই নিয়াৰ পোষকতা কৰিছে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে। অৱশ্যে এই ত্ৰিভাষা সূত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত পৰ্যাপ্ত শিথিলতা অৱলম্বন কৰা হ'ব আৰু কোনো ৰাজ্যৰ ওপৰতে কোনো ভাষা জাপি দিয়া নহয় বুলিও শিক্ষানীতিত উল্লেখ কৰা হৈছে । ত্ৰিভাষা সূত্ৰ অনুসৰি শিক্ষাৰ্থীয়ে শিকিবলগীয়া ভাষা তিনিটাৰ বাচনি কৰাৰ ক্ষেত্ৰত ৰাজ্য, অঞ্চল আৰু শিক্ষাৰ্থীয়ে নিজে বহুখিনি স্বতন্ত্ৰতা লাভ কৰিব; কেৱল চাব লাগিব যাতে এই তিনিটা ভাষাৰ অন্ততঃ দুটা দেশীয় ভাষা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ত এই কথাটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে যে ভাৰতৰ ভাষাসমূহ বিশ্বৰ আটাইতকৈ ঐশ্বৰ্যশালী, আটাইতকৈ বিজ্ঞানসন্মত, আটাইতকৈ সুন্দৰ আৰু আটাইতকৈ প্ৰকাশিকা শক্তিসম্পন্ন ভাষাসমূহৰ ভিতৰত পৰে, আৰু এই ভাষাবোৰত সৃষ্টি হোৱা প্ৰাচীন আৰু আধুনিক সাহিত্যৰ লগতে চলচ্চিত্ৰ আৰু সঙ্গীতে ৰাষ্ট্ৰীয় পৰিচয় আৰু ঐশ্বৰ্যৰ প্ৰকাশ ঘটায়। সেই কাৰণে সাংস্কৃতিক সমৃদ্ধি আৰু ৰাষ্ট্ৰীয় সংহতিৰ স্বাৰ্থত সকলো উদীয়মান ভাৰতীয় লোকেই নিজৰ দেশৰ ভাষাসমূহত নিহিত থকা সম্পদসমূহৰ সম্পৰ্কে জ্ঞাত হোৱাটো প্ৰয়োজনীয়।
২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ধ্ৰুপদী ভাষাসমূহৰ শিক্ষণকো গুৰুত্ব সহকাৰে লৈছে। সংস্কৃত ভাষা সম্পৰ্কে এই শিক্ষানীতিয়ে কৈছে যে সংবিধানৰ অষ্টম অনুচ্ছেদত অন্তৰ্ভুক্ত হৈ এটা গুৰুত্বপূৰ্ণ আধুনিক ভাষা হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সংস্কৃত ভাষাত বিশাল ধ্ৰুপদী সাহিত্যৰ সৃষ্টি হৈছে, যাৰ বিশালতা গ্ৰীক আৰু লেটিন ভাষাৰ সন্মিলিত ধ্ৰুপদী সাহিত্যতকৈ অধিক। এই বিশাল সাহিত্যই কেইবাহাজাৰ বছৰ ধৰি ৰচিত হৈ অহা গণিত, দৰ্শন, ব্যাকৰণ, সঙ্গীত, ৰাজনীতি, ভেষজবিদ্যা, স্থাপত্য, ধাতুবিদ্যা, নাটক, কবিতা, গল্পকথন আৰু আন বহুতো বিষয়ৰ কৰ্মক সাঙুৰি লৈছে। সেয়ে, সংস্কৃত ভাষাৰ জ্ঞান শিক্ষাৰ্থীৰ বাবে বিশেষ লাভজনক হিচাপে বিবেচনা কৰি ত্ৰিভাষা সূত্ৰৰ অধীনত এই ভাষাক বাচনিৰ সুবিধাভূক্ত কৰাৰ কথা ভবা হৈছে। সংস্কৃতৰ উপৰিও তামিল, তেলুগু, কন্নড়, মালয়ালম, ওড়িয়া, পালি, পাৰ্ছিয়ান আৰু প্ৰাকৃতকে ধৰি আন বিভিন্ন ধ্ৰুপদী ভাষাৰ শিক্ষণৰ সুবিধাকো ত্ৰিভাষা সূত্ৰৰ মাজলৈ আনিব খোজা হৈছে। ইয়াৰ উপৰিও ষষ্ঠ শ্ৰেণীৰপৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাৰ্থীয়ে কোনো এটা ধ্ৰুপদী ভাষা আৰু ইয়াৰ সৈতে সংলগ্ন সাহিত্য দুবছৰৰ বাবে অধ্যয়নৰ বাবে বাচি লোৱাৰ সুবিধাও থাকিব, যাতে শিশুৰ স্বকীয় বিকাশৰ লগতে ঐশ্বৰ্যশালী ভাষাবোৰ আৰু ইয়াৰ সৈতে যুক্ত কলাগত সম্পদসমূহৰ সংৰক্ষণ সম্ভৱপৰ হৈ উঠে।
ভাৰতীয় ভাষাসমূহ আৰু ইংৰাজী ভাষাৰ শিক্ষণৰ উপৰিও বিভিন্ন বিদেশী ভাষা, যেনে কোৰিয়ান, জাপানী, থাই, ফৰাচী, জাৰ্মান, স্পেনিছ, পৰ্টুগীজ আৰু ৰুছ ভাষাকো মাধ্যমিক পৰ্যায়ত শিক্ষণৰ সুবিধা দিয়াৰ কথা এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে। এই ব্যৱস্থাৰ অন্তৰ্নিহিত উদ্দেশ্য হৈছে বিশ্বৰ বিভিন্ন সংস্কৃতিৰ সৈতে ভাৰতীয় শিক্ষাৰ্থীক পৰিচয় কৰাই দি তেওঁলোকৰ গোলকীয় জ্ঞানৰ লগতে স্বকীয় আগ্ৰহ আৰু আকাংক্ষা অনুসৰি গতিশীলতা বৃদ্ধি কৰা।ভাষা শিক্ষণৰ পদ্ধতিগত পৰিৱৰ্তনৰ কথাও এই শিক্ষানীতিয়ে বিবেচনা কৰিছে। ভাষা শিকাবলৈ পৰ্যাপ্ত পৰিমাণে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই শিক্ষণ কাৰ্য অধিক আকৰ্ষণীয় কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰাৰ লগতে গতানুগতিক ভাষা শিক্ষণৰপৰা আঁতৰি আহি উদ্ভাৱনীমূলক আৰু পৰীক্ষামূলক পদ্ধতিও ভাষাৰ শিক্ষণৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ওপৰত এই শিক্ষানীতিয়ে গুৰুত্ব দিছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি২০২০-ত ভাষাৰ শিক্ষণৰ বিষয়ে যিখিনি কথা লিপিবদ্ধ হৈছে, তাকে চমুকৈ আমি ওপৰত দাঙি ধৰিছোঁ। এই গোটেই কথাবোৰৰ প্ৰায়োগিক দিশটো কেনে ধৰণেৰে আগ বঢ়াই নিয়া হ'ব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব এই ব্যৱস্থাসমূহৰ অন্তৰালৰ ঈপ্সিত উদ্দেশ্য *।। সমাপ্ত ।।*
লেখকৰ ম'বাইল নং - ৭০০২১৪৩৩২৫