আজি ২৩ ছেপ্টেম্বৰ । আমাৰ ক্লাৱৰ সন্মানীয় সভাপতি আতিকুৰ ৰহমানদেৱৰ জন্মদিন ।
আপোনাৰ নেতৃত্ব, নিষ্ঠা, ইতিবাচক চিন্তা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাই আমাৰ যুৱ সমাজক সদায় আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগাই আহিছে । আপোনাৰ প্ৰতিটো সপোনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰক আৰু আপোনাৰ প্ৰতিটো পদক্ষেপে সমাজ আৰু আমাৰ ক্লাৱৰ উন্নয়নৰ পথ অধিক শক্তিশালী কৰক।
এই বিশেষ দিনটোত নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা- আপোনাৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য, সফলতা আৰু অসংখ্য সুন্দৰ মুহুৰ্তৰে পৰিপূৰ্ণ হওঁক । আপোনাৰ মুখৰ হাঁহি সদায় অটুট থাকক আৰু আগন্তুক দিনবোৰে আপোনালৈ লৈ আহক নতুন আশা, নতুন সপোন আৰু নতুন সফলতা ।
ধন্যবাদেৰে
বৰ্ণি দঙৰপাৰ য়ুথ ষ্টাৰ ক্লাৱ পৰিয়ালবৰ্গ