বৃদ্ধাশ্ৰম
~তৰু ডেকা~
এদিন ল'ৰাটোৱে কৈছিল _ বৃদ্ধাশ্ৰমবোৰ ভাঙি পেলোৱা ভাল । সুধিছিলো_ কিয় ? যদি বৃদ্ধাবাস বোৰ নাথাকিল হেঁতেন তেতিয়া সন্তানসকলে নিজ পিতৃ - মাতৃক বৃদ্ধ অৱস্থাত ঘৰতে ৰাখিলে হেঁতেন । কোনেনো বৃদ্ধাবাসৰ পাতনি মেলিছিল-- সি অলপ ক্ষোভত কথাখিনি কৈছিল । আজি প্ৰায় ৭/৮ বছৰ আগতে বৃদ্ধ পিতৃ-মাতৃক সন্তানে যি কোনো কাৰণতে নানা ধৰণৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়া, ৰাষ্টাত এৰি অহা, বৃদ্ধাবাসত থৈ অহা আদি বিভিন্ন ধৰণৰ অপৰাধ মূলক ঘটনা ঘটি থকা পৰিলক্ষিত হৈছিল; সেই ঘটনাবোৰৰ বিবৰণ বিস্তৃত আকাৰে ছপা আৰু দৃশ্য -শ্ৰব্য মাধ্যমৰ জৰিয়তে সৰ্বত্ৰ প্ৰচাৰ হৈ আছিল, এতিয়াও তেনে ঘটনা আমাৰ সমাজত চলি নথকা নহয়। মোৰ ল'ৰাটোও এটা সন্তানৰ বাপেক । তাৰ মনত অৱহেলিত পিতৃ - মাতৃৰ দূৰৱস্থাৰ কথাটোৱে নিশ্চয় সেইদিনা বিশেষভাৱে ক্ৰিয়া কৰিছিল। মই তাৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ মনক কিছু সকাহ দিবলৈ কোৱা হ'ল যে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ জ্যেষ্ঠা কন্যা অসমৰ প্ৰথম গৰাকী মহিলা দণ্ডাধীশ শুচিব্ৰতা ৰায়চৌধুৰীয়ে অসমত প্ৰথমটো বৃদ্ধাবাস স্থাপন কৰিছিল। তেখেতে অনাথ বৃদ্ধলোকৰ বাবেহে বৃদ্ধাবাস সাজিছিল; কৰ্মদক্ষ সন্তান সকলৰ বৃদ্ধ পিতৃ - মাতৃৰ বাবে সজা নাছিল । কিন্তু দুখৰ বিষয় যে অত্যাচাৰী সন্তানৰ পৰা পোৱা শাস্তিৰ পৰা ৰক্ষা পাবলৈকে আজিকালি বৃদ্ধ আবাসত পিতৃ -মাতৃয়ে চকুলো টুকি টুকি দিন নিয়াবলগীয়া হৈছে। নতুন প্ৰজন্মৰ কিছু সন্তানেহে বৃদ্ধ আবাসৰ সৎ উদ্দেশ্যক মষিমূৰ কৰি পেলাইছে। নিঃসন্তান সকলৰ সুখৰ বাবে স্থাপিত বৃদ্ধাবাসবোৰ সন্তান থকা বৃদ্ধ- বৃদ্ধাৰে ভৰি পৰিছে। সি নিজ মনেৰে কি ধাৰণা কৰিলে নাজানিলো, কিন্তু দুনাই একো নক'লে ।
কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ পিছত শতপুত্ৰক হেৰুৱাই ৰজা ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী বনলৈ গমন কৰিবলৈ ওলাল । কিয়নো কৌৰৱকুল ধ্বংসৰ বাবে শেষত নিজকে দোষী বুলি মানি লৈ ধৃতৰাষ্ট্ৰ আত্মগ্লানিত বিধ্বস্ত হৈছিল। ধৃতৰাষ্ট্ৰই এদিন যুধিষ্ঠিৰক ক'লে, -- " যিবোৰ দুৰাত্মাই তোমাৰ ধন-সম্পদ অপহৰণ কৰিছিল সেই সকলৰ মৃত্যু হৈছে। এতিয়া তুমি মোক আৰু গান্ধাৰীক বনলৈ যাব দিয়া "। নিজ ঔৰসপুত্ৰ যুযুৎসু অথবা কোনো এজনক যুৱৰাজ পাতি সিংহাসনত আৰোহণ কৰিবলৈ ধৃতৰাষ্ট্ৰক যুধিষ্ঠিৰে অনুৰোধ জনালে। কিন্তু ধৃতৰাষ্ট্ৰ অমান্তি হ'ল। বেদব্যাসৰ উপদেশ মানি যুধিষ্ঠিৰে ধৃতৰাষ্ট্ৰক বনলৈ যোৱাত সন্মতি জনালে। কাৰণ,সকলো ৰাজৰ্ষিয়েই অন্তিম সময়ত তপোবনকে আশ্ৰয় কৰি লয়। অৱশেষত ধৃতৰাষ্ট্ৰ পত্নী গান্ধাৰী আৰু পাণ্ডৱ মাতৃ কুন্তী সহিতে বনলৈ গ'ল আৰু বনজুইত পুৰি মৰিল। সেয়া মহাভাৰতৰ দিনৰ কথা । কিন্তু তাৰ মাজতে সংস্কাৰৰ কথা সোমাই আছে । কু-মনৰ মানুহৰ কু-কথা। কৰ্ম অনুযায়ী ফল ভোগ কৰিব লাগে।
মহাভাৰতীয় জীৱন পৰিক্ৰমাৰ আধাৰতে বৰ্তমানৰ ভাৰতীয় জীৱন ধাৰা অব্যাহত আছে। কিন্তু পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে মানুহৰ জীৱন শৈলীৰ পৰিবৰ্তনো হৈছে । সন্তানৰ সম্বৃদ্ধিৰ বাবে পিতৃ- মাতৃয়ে কঠোৰ পৰিশ্ৰম কৰে। সকলো পিতৃ ধৃতৰাষ্ট্ৰৰ লেখীয়া নহয় । পঞ্চ পাণ্ডবৰ দৰে গুণী- জ্ঞানী সন্তানো পিতৃ- মাতৃয়ে ভাগ্যক্ৰমে লাভ নকৰা নহয়। তাৰ মাজতে ভয়াবহ বাণপ্ৰস্থী জীৱনৰ প্ৰভাৱ অত্যাধুনিক জীৱন যাত্ৰাত বহুলাংশে পৰা দেখা যায়। অৰ্থাৎ বৃদ্ধ অৱস্থাৰ বনবাসী জীৱন আৰু বৰ্তমানৰ বৃদ্ধাবাসত কটোৱা জীৱনৰ কৰ'বাত যেন মিল আছে বুলি ক'লেও অতুক্তি কৰা নহয়। তফাদ এইখিনিতে যে মহাভাৰতীয় পৰিক্ৰমাত সকলোৰে সন্মতি সাপেক্ষে বনবাসী জীৱন নিৰ্বাহ কৰিছিল, লগত সহায়কাৰী সকলকো লৈ গৈছিল। এতিয়া জোৰ-জুলুম কৰি বৃদ্ধ পিতৃ- মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে বা বাটে-পথে পেলাই থৈ যায়।
বৰ্তমানত বৃদ্ধ লোকসকল বৃদ্ধাশ্ৰমত থকা বা থৈ অহা অথবা নিজে থাকিবলৈ লোৱাটো যেন এক গতানুগতিক জীৱনশৈলীত পৰিণত হৈছে । কথাতে কোৱা হয় --" দহো আঙুলিয়ে খায়, বুঢ়াই হেচুকিলেহে যায় "। " বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেকা "ৰ লেখীয়া মূল্যবান আপ্তবাক্য বোৰৰ অৰ্থ নতুন প্ৰজন্মই নস্যাৎ কৰি পেলাইছে।
নাতি-নাতিনী সকলক আতা - আবুয়েকৰ পৰা দূৰৈত ৰাখিবলৈ প্ৰয়াস কৰে । কিয়নো তেওঁলোক পুৰণি কালৰ লোক, একো নাজানে। বুঢ়ালোকৰ লগত থাকিলে সতি- সন্ততিয়ে ভাল শিক্ষা আহৰণ কৰিব নোৱাৰে আদি এশ- এবুৰি আপত্তি ।
কিন্তু নাতি- নাতিনী সকল আতা- আবুৰ জীউলাও;
আতা- আবু নাতি- নাতিনীৰ আনন্দৰ আকৰ।
ইয়াৰ বাবে কোন জগৰীয়া-- সমাজ ব্যৱস্থা, শিক্ষা- দীক্ষা নে সংস্কাৰ ...! মেৰপেচত পৰাতকৈ কোনো কোনোৱে জীৱনৰ অন্তিম সময়খিনি স্ব-ইচ্ছাত বৃদ্ধাশ্ৰমত কটাবলৈও মন মেলা দেখা যায় । কিয়নো সন্তানৰ হাতত লটি- লাঞ্ছনা খাই আলিৰ দাঁতিত পৰি থকাতকৈ বৃদ্ধাশ্ৰমত থকাটো শ্ৰেয়ঃ বুলি ভাৱে ।
নহ'লে ধৃতৰাষ্ট্ৰৰ নিচিনাকৈ আত্মগ্লানিত চাটিফুটি কৰি মৰিব লাগিব। তাৰ বিপৰীতে শ্ৰৱণ কুমাৰৰ নিচিনা পুত্ৰকো এইখন সমাজতে দেখিবলৈ পোৱা যায় ।
এইবোৰ দেখি-শুনি কেতিয়াবা মনত এনেকুৱা ভাব হয় যে__" দীন বান্ধবী " ৰূপে খ্যাত শুচিব্ৰতা ৰায়চৌধুৰীয়ে বৃদ্ধাবাসৰ সূচনা কৰি উচিত কামেই কৰি গ'ল । কিছু বৃদ্ধলোকৰ বাবে বৃদ্ধভৱন বোৰ আনন্দ ভৱনলৈ পৰ্যবসিত হৈ পৰিছে। আহোঁতেও অকলে, যাওঁতেও অকলে। মাজৰ দিনকেইটিহে লপধপ। নিজে গঢ়ি তোলা ঘৰ- সংসাৰতে পৰিয়াল-পৰিজনৰ সৈতে জীৱনৰ অন্তিম ক্ষণলৈকে সকলোৱে যেন সুখে সন্তোষে থাকিব পাৰে। ঈশ্বৰে কাকো সেই সুখৰ পৰা কাকো বঞ্চিত নকৰক। কিন্তু তাৰ ব্যতিৰেকে নঘটিব লগীয়া ঘটনা ঘটিলেও পৰিবৰ্তনৰ ধামখুমীয়াত চিন্তা কৰিবলগীয়া বিশেষ নাই বুলি ভাবিবৰ থল আছে । বৃদ্ধাশ্ৰমবোৰ লাহে লাহে আনন্দাশ্ৰম হৈছে । তাৰ বাবে বৃদ্ধাবাসৰ তদাৰকী সকল নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ।
****