ড° লক্ষ্মীনন্দন বৰাৰ জীৱনৰ পৰা শিকিবলগীয়া দুটিমান বিশেষ কথা
~ড° চুলতান আলী আহমেদ~
ড° লক্ষ্মীনন্দন বৰা ছাৰৰ যোৱা ৩ জুন তাৰিখে প্ৰায় ৮৯ বছৰ বয়সত জীৱনাৱসান ঘটিল। কোভিড মহামাৰীয়ে হোমেন বৰগোহাঞিৰ পিছতেই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰাই নিলে কটন কলেজৰ পঢ়া সময়ত হোমেন বৰগোহাঞিৰ সৈতে একালত একেখন ছাত্ৰাবাসৰ আবাসী তথা ৰুমমেট ড° লক্ষ্মীনন্দন বৰা ছাৰক। ড° বৰা আছিল একেধাৰে সাহিত্যিক, বিজ্ঞানী, অধ্যাপক তথা এগৰাকী চিৰতৰুণ যুৱক। এই বিৰল বৰ্ণাঢ্য ব্যক্তিগৰাকীৰ জীৱনৰ পৰা শিকিবলগীয়া কথা বহুত আছে যদিও এই ক্ষুদ্ৰ লেখাটোত তেওঁৰ দুটামান বিশেষ গুণৰ বিষয়েহে সামান্য আলোকপাত কৰিব বিচৰা হৈছে।
ড° লক্ষ্মীনন্দন বৰাৰ পিতৃ আৰু মাতৃ দুয়োজন সম্পূৰ্ণ নিৰক্ষৰ আছিল, তৎসত্বেও তেওঁ নিজে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ ডিগ্ৰী অৰ্থাৎ ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ককায়েক আৰু বাইদেউসকলেও ঘৰখনৰ উপাৰ্জন অতি সীমিত হোৱা বাবে ইচ্ছা থাকিলেও শিক্ষা দীক্ষাৰ ক্ষেত্ৰত খুব বেছি আগবাঢ়িব পৰা নাছিল। তেওঁৰ পিতৃ মাতৃৰ একেবাৰে বৃদ্ধ বয়সত লক্ষ্মীনন্দন বৰাৰ জন্ম হৈছিল। তেওঁ মাতৃ গৰ্ভত থকা সময়ত ড° বৰাৰ ডাঙৰজন ককায়েকৰ বিয়াৰ আয়োজন চলিছিল। বৰপুত্ৰৰ বিয়া আৰু সেই সময়ত মাতৃ নিজেও গৰ্ভৱতী - - এই কথাটোয়ে মাতৃগৰাকীক অস্বস্তি আৰু লাজত পেলাইছিল আৰু মনে মনে তেওঁ গৰ্ভপাত কৰাবলৈ বিচাৰিছিল। কিন্ত পিতৃয়ে কথাটো গম পাই মাতৃক সেই কামৰ পৰা বিৰত ৰাখে আৰু আশা প্ৰকাশ কৰে যে হয়তো তেওঁলোকৰ ভাটী বয়সত জন্ম লাভ কৰা এই পেটমচা সন্তানটোয়েই এদিন এই বংশৰ নাম উজ্জ্বল কৰি তুলিব পাৰিব। সঁচাকৈয়ে পিতৃৰ মনৰ আশা পূৰণ কৰি সেই ক্ষণজন্মা শিশুটো পৰৱৰ্তী কালত অসম তথা ভাৰতৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক হিচাপে পৰিগণিত হব পাৰিছিল।
ড° বৰাৰ যিবোৰ চাৰিত্ৰিক গুণ তথা বৈশিষ্ট্যৰ বাবে তেওঁ এনে এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিও ইমান উচ্চ পৰ্যায়লৈ উপনীত হব পাৰিছিল সেই গুণবোৰৰ কথা আচলতে আজিৰ প্ৰজন্মই জনা উচিত আৰু তাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা উচিত।
ড° বৰাৰ জীৱনৰ এটা মূলমন্ত্ৰ আছিল এয়ে যে "আত্মসন্তুষ্টি প্ৰগিতৰ বৈৰী"। এজন মানুহে তেওঁ যিখিনি পাইছে সেইখিনি লৈয়ে যদি সন্তুষ্ট থাকে তেন্তে তেওঁৰ জীৱনৰ প্ৰগতিৰ পথ ৰুদ্ধ হৈ পৰে। আচৰিত কথা যে হাইস্কুলত পঢ়ি থাকোতেই তেওঁৰ এই উপলব্ধি হৈছিল। তেওঁৰ শিক্ষকসকলে এটা আত্মসন্তষ্ট জীৱন যাপন কৰা তেওঁ দেখা পাইছিল। কাৰণ তেওঁলোক সকলোৱে নিজৰ শিক্ষাদান আৰু কৰ্মজীৱনক লৈ সুখী আছিল। তাতকৈ আন একো অধিক ভাবিব পৰা নাছিল। কিন্তু সেই চেমনীয়া বয়সতে লক্ষ্মীনন্দনে শিক্ষক সকলৰ সেই জীৱন দৰ্শন গ্ৰহণ কৰিব নোৱাৰিলে। তেওঁ ভাবিলে যে মানুহে নিজৰ নিৰ্ধাৰিত কৰ্মখিনিতে সন্তুষ্ট নাথাকি আৰু অধিক কিবা অৰিহণা যোগাবলৈ যত্ন কৰিব লাগে। হাইস্কুলীয়া অৱস্থাতে ৰপ্ত কৰা এই জীৱনবোধৰ দ্বাৰাই তেওঁৰ নিজৰ জীৱনটো পৰিচালিত হৈছিল আৰু সেইবাবেই তেওঁ অসমৰ সমাজজীৱনলৈ অপৰিসীম অৱদান আগবঢ়াব পাৰিছিল। তাকে নহলে নগাওঁ জিলাৰ হাতীচোং মৌজাৰ মানুহ লক্ষ্মীনন্দন বৰাই নগাওঁ কলেজত যজ্ঞেশ্বৰ শৰ্মাৰ দৰে ব্যক্তি অধ্যক্ষ থকা অৱস্থাত সেই খন কলেজৰ স্থায়ী চাকৰি এৰি কটন কলেজৰ অস্থায়ী পদত যোগদান কৰেনে? তেওঁৰ কাৰণে নগাঁও কলেজ আছিল সকলো পিনৰ পৰা এখন সুন্দৰ কৰ্মস্থলী। কিন্তু ঘৰৰ কাষৰ কলেজত আৰামৰ চাকৰি কৰিলে তেওঁৰ মনত আত্মসন্তুষ্টিয়ে বাহ বান্ধিব আৰু সেই আত্মসন্তুষ্টিয়ে তেওঁৰ প্ৰগতিৰ পথ ৰুদ্ধ কৰি পেলাব বুলি আশংকা কৰি তেওঁ নগাঁও কলেজৰ স্থায়ী চাকৰি এৰি দিছিল আৰু কটন কলেজৰ অস্থায়ী পদ এটাত যোগদান কৰিছিল। মাত্ৰ সাত মাহ চাকৰি কৰাৰ পিছতেই তেওঁ কটন কলেজৰ অস্থায়ী পদটো এৰিব লগীয়া হৈছিল। কিয়নো তেওঁ যিগৰাকী অধ্যাপকৰ ছুটীত খালী হোৱা পদত যোগদান কৰিছিল সেই গৰাকী অধ্যাপকে সাত মাহ পিছত ঘূৰি আহি নিজৰ পদটোত আকৌ যোগদান কৰিছিল। এই অনিশ্চয়তাৰ পূৰ্বজাননী সত্বেও নগাঁও কলেজৰ চাকৰি তেওঁ এৰি আহিছিল তেওঁৰ সেই জীৱনদৰ্শন প্ৰয়োগ কৰিবলৈ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁ নিজৰ জীৱন আৰু কৰ্মৰ পৰিসৰ প্ৰসাৰিত কৰিবলৈ আৰু জীৱনত বিচিত্ৰ অভিজ্ঞতা সঞ্চয় কৰিবলৈ প্ৰথমৰে পৰাই সজাগ আৰু সচেষ্ট আছিল।
এই জীৱনদৰ্শন প্ৰয়োগ কৰিবলৈ গৈ তেওঁ কেতিয়াবা আশাহত হৈছে হয়, কিন্তু শেষ বিচাৰত দেখা যায় যে তেওঁ সফল হৈছিল। কটন কলেজৰ চাকৰিটো এনেকৈ অকালতে হেৰুৱাব লগা হোৱাত তেওঁ হঠাৎ কৰ্মহীন হৈ পৰিছিল। সেই সময়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ মানুহ এজনৰ বাবে কলেজৰ অধ্যাপকৰ চাকৰি খুব কম ওলাইছিল যিহেতু অতি কমসংখ্যক কলেজতহে বিজ্ঞান শাখা আছিল। তেওঁৰ চাকৰি হেৰুওৱাৰ কথা গাঁৱৰ মানুহে গম পালে লাজৰ কথা হব বুলি ভাবি ককায়েকৰ পৰামৰ্শ মৰ্মে কিছুদিন তেওঁ আন এখন গাঁৱত বায়েকৰ ঘৰত আত্মগোপন কৰাৰ নিচিনাকৈ বাস কৰিব লগীয়া হৈছিল। তথাপিও তেওঁ দমি যোৱা নাছিল।
অৱশ্যে তেওঁৰ এই দুৰৱস্থা বেছি দিন নাথাকিল। ডেৰ দুই মাহমানৰ ভিতৰতে তেওঁ ধুবুৰীৰ বি এন কলেজত চাকৰি এটা পালে। তাত তেওঁ মাত্ৰ এবছৰ আছিল যদিও সেই সময়খিনি তেওঁৰ সাহিত্যিক জীৱনটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হল। কিয়নো ইয়াতে তেওঁ কেইবাজনো বিখ্যাত বাংলা সাহিত্যিকক বিভিন্ন উপলক্ষত লগ পাবলৈ সক্ষম হৈছিল আৰু সেইসকল লেখকৰ সান্নিধ্যই তেওঁৰ নিজৰ সৃষ্টিশীলতাক ঋদ্ধ কৰাত অৰিহণা যোগাইছিল। এই বাংলা লেখকসকলৰ ভিতৰত এজন আছিল স্বনামধন্য লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়। এই গৰাকী তাৰাশংকৰেই তেওঁক উপদেশ দিছিল যে ভাল লেখক হব খুজিলে সাধাৰণ মানুহৰ মাজত কোনো ব্যৱধান নৰখাকৈ মিলিব পাৰিব লাগিব। তাৰাশংকৰে ৰগৰ কৰি কৈছিল যে তেওঁৰ গাৰ ছাল ক'লা আছিল কাৰণে তেওঁ মানুহৰ লগত অনায়াসে মিলিব পাৰিছিল আৰু সেই কাৰণেই কিজানি মহৎ সাহিত্য সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।
ড° বৰাৰ আন এটা বিশেষ গুণ আছিল এয়েই যে তেওঁক কোনোবাই কিবা উৎসাহবৰ্ধক কথা কলে সেই কথাটো তেওঁ বৰ গুৰুত্ব সহকাৰে লৈছিল আৰু সেইমতে কাম কৰিছিল। এই ক্ষেত্ৰত এটা উদাহৰণেই যথেষ্ট। ড° ভবেন্দ্ৰ নাথ শইকীয়া আৰু ড° লক্ষ্মীনন্দন বৰা হাইস্কুলীয়া দিনৰ পৰাই সহপাঠী আছিল। ড° শইকীয়াৰ সাহিত্যিক প্ৰতিভা অংকুৰিত হৈছিল একেবাৰে কম বয়সতে। মেট্ৰিক পৰীক্ষা দি উঠিয়েই ভবেন্দ্ৰ নাথ শইকীয়াই "আতংকৰ শেষত" নামৰ এখন ডিটেকটিভ উপন্যাস লিখিছিল আৰু সেইখন প্ৰকাশো হৈছিল। তাৰ বিপৰীতে লক্ষ্মীনন্দন বৰাৰ কিবা সাহিত্য প্ৰতিভা আছে বুলি তেওঁ নিজে বহুদিনলৈ গমেই পোৱা নাছিল। তেওঁক সেই উপলব্ধি আৰু প্ৰেৰণা দিছিল ভবেন্দ্ৰ নাথ শইকীয়াই। দুয়ো সেই সময়ত কলকাতাৰ প্ৰেছিডেন্সিত পঢ়ে। থাকেও একিলগে। ভবেন্দ্ৰ নাথ শইকীয়া কলকাতাৰ অসমীয়া ছাত্ৰসকলৰ সংস্থাৰ সম্পাদক হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰিলে আৰু তাত লক্ষ্মীনন্দন বৰাক বক্তৃতা দিবলৈ ক'লে। উল্লেখ্য যে লক্ষ্মীনন্দন বৰা আছিল জন্মসূত্ৰে শ্ৰীমন্ত শঙ্কৰদেৱৰ ভাতৃ ৰাম ৰায় বা জগদানন্দৰ বংশধৰ আৰু বায়নৰ পৰিয়ালৰ মানুহ হিচাপে শংকৰী ঐতিহ্যৰে সমৃদ্ধ। উক্ত সভাত লক্ষ্মীনন্দন বৰাৰ ইংৰাজী ভাষাৰ ৰসাল বক্তৃতাই সভাত উপস্থিত থকা সকলোকে বাৰুকৈয়ে মোহিত কৰিছিল আৰু তেওঁলোকৰ মাজত বহু বিশিষ্ট বঙালী ভদ্ৰলোকো উপস্থিত আছিল। বক্তৃতাৰ শেষত ভবেন্দ্ৰ নাথ শইকীয়াই লক্ষ্মীনন্দন বৰাক কোৱা মাত্ৰ এষাৰ কথাই লক্ষ্মীনন্দন বৰাৰ জীৱনটোকেই সলনি কৰি পেলালে। বৰাৰ বক্তিতা শুনি শইকীয়াই বুজি পাইছিল যে তেওঁৰ গল্প কোৱাৰ প্ৰতিভা আছে গতিকে তেওঁ চেষ্টা কৰিলে ভাল গল্প লিখিব পাৰিব। এই কথাটো ভবেন্দ্ৰ নাথ শইকীয়াই লক্ষ্মীনন্দন বৰাক কোৱাৰ লগে লগে কথাটোৱে যাদুৰ দৰে ক্ৰিয়া কৰিলে। সিদিনা ৰাতিয়েই লক্ষ্মীনন্দন বৰা গল্প লিখিবলৈ বহিল আৰু লিখি পেলালে তেওঁৰ জীৱনৰ প্ৰথম গল্প "ভাওনা"। গল্পটো তেওঁ সেই সময়ৰ বিখ্যাত সাহিত্য আলোচনী "ৰামধেনু" লৈ পঠিয়াই দিলে আৰু কিছু দিন পিছতে গল্পটো প্ৰকাশিত হ'ল। সেই সময়ত "ৰামধেনু" ৰ সম্পাদক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এনেদৰেই জন্ম হ'ল লক্ষ্মীনন্দন বৰা নামৰ সাহিত্যিক গৰাকীৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ সেই সামান্য অনুপ্ৰেৰণামূলক কথাটোকে তেওঁ বৰ গুৰুত্বসহকাৰে ললে আৰু অকণো পলম নকৰি লিখিবলৈ আৰম্ভ কৰিলে। পৃথিৱীত হয়তো এনেকুৱা বহু মানুহ আছে যিয়ে এনেধৰনৰ অনুপ্ৰেৰণামূলক কথা বহুবাৰ শুনিছে কিন্তু তেওঁলোকে সেই কথাবোৰত গুৰুত্ব দিয়া নাই বা নিদিয়ে। লক্ষ্মীনন্দন বৰা নিশ্চয় সেইসকলৰ শাৰীত নপৰে। সেই কাৰণেই তেওঁ সাধাৰণৰ পৰা অসাধাৰণ হব পাৰিলে, তেওঁ " ড° লক্ষ্মীনন্দন বৰা" হব পাৰিলে।