মহিলা ঔপন্যাসিক পূৰৱী বৰমুদৈঃ চমু আলোচনা
~ পুলকিতা পাঠক চৌধুৰী ~
সাম্প্ৰতিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত পূৰৱী বৰমুদৈ এটা পৰিচিত নাম। বিংশ শতিকাৰ শেষ দহকৰ পৰা গল্প সাহিত্যৰ যোগেদি সাহিত্যিক জীৱনৰ পাতনি মেলা বৰমুদৈয়ে এজন সাৰ্থক ঔপন্যাসিক হিচপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এজন সাৰ্থক ঔপন্যাসিক আৰু গল্পকাৰ হোৱাৰ উপৰিও জীৱনৰ আদি ভাগত তেওঁ ভালে কেইটা কবিতা লিখিছিল আৰু সমাদৃতও হৈছিল। চন্দ্ৰনাথ তামুলীৰ ঔৰসত আৰু পদ্মা তামুলীৰ গৰ্ভত পূৰৱীৰ জন্ম হৈছিল ১৯৫০ চনৰ ৮ মে’ তাৰিখে তেজপুৰৰ কেতেকীবাৰী অঞ্চলৰ দেউৰী গাঁৱত। বৰমূদৈৰ পিতৃ-মাতৃ দুয়ো শিক্ষকতা কৰিছিল আৰু সেয়ে ঘৰখনত এটা শিক্ষা-সংস্কৃতিৰ পৰিবেশ গঢ়লৈ উঠিছিল। তেজপুৰৰ ঐতিহ্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনে বৰমূদৈৰ জীৱন যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰিছিল। তেজপুৰৰ ভাস্কৰ্য, শিলালিপি, লোককথা, ভৌগোলিক অৱস্থাই বৰমূদৈৰ মনত সৰুৰে পৰা ইতিহাস প্ৰীতি জগায় তুলিছিল। কেতেকীবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰাৰ পিছত তেজপুৰৰ উচ্চতৰ মাধ্যমিক কন্যা বিদ্যালয়ৰ পৰা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৯৬৭ সমাপ্ত কৰে। তাৰ পিছত ১৯৭০ চনত দৰং কলেজৰ পৰা বুৰঞ্জীত স্নাতক আৰু ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৭৬ চনৰ ১৫ জুলাই তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° আনন্দ বৰমূদৈয়ে তেওঁৰ পানি গ্ৰহণ কৰে।
সৰুতে পিতৃ গৃহত আৰু পিছত স্বামী গৃহত বৰমূদৈয়ে লিখা-পঢ়াৰ অনুকূল পৰিবেশ এটা লাভ কৰিছিল। শৈশৱতে তেওঁ “বুঢ়ি আইৰ সাধু” কে ধৰি ভালে কেইখন জীৱনীগ্ৰন্থ তথা অন্যান্য বহুকেইখন পুথি অধ্যয়ন কৰিছিল, যাৰ প্ৰভাৱ তেওঁৰ লিখনি সমূহত অনুৰণিত হয়। বিবাহৰ পিছৰ কালচোৱাত স্বামীয়ে তেওঁক সাহিত্য চৰ্চাত বিশেষ ভাবে অনুপ্ৰাণিত কৰিছিল। বৰমূদৈৰ বাবে প্ৰকৃতি, মানুহ, সমাজ, আৰু ইতিহাস হৈ পৰিছিল সাহিত্য ৰচনাৰ প্ৰধান প্ৰেৰণাৰ থল। শৈশৱৰ স্মৃতি তেওঁ গোটেই জীৱনযোৰা খামোচ মাৰি বুকুত সযতনে বান্ধি ৰাখিছিল আৰু তাক বিশ্লেষাত্মক ভাবে সাহিত্য ৰচনাত ৰূপ দান কৰিছিল। তেওঁৰ লিখনি সমূহৰ মাজত গ্ৰাম্য সমাজখন আৰু ইয়াৰ বিভিন্ন উপাদান সমুহ স্পষ্ট ৰূপত অংকিত হৈছে। দেউৰীগাওঁ, কেতেকিবাৰী তথা তেজপুৰৰ বৰ্ণিল ঐতিহ্য তথা লোক-জীৱনৰ বিভিন্ন সমলক তেওঁ উপন্যাসৰ মাজেৰে প্ৰণালীৱদ্ধ ভাৱে প্ৰকাশ কৰিছে। বুৰঞ্জীৰ ছাত্ৰী বৰমূদৈয়ে আজীৱন বুৰঞ্জীৰ প্ৰতি এক বিশেষ টাননি অনুভৱ কৰিছিল আৰু সেয়ে নিজৰ সৃষ্টি কৰ্মৰ মাজত বুৰঞ্জীক অগ্ৰাধিকাৰ প্ৰধান কৰিছিল। বৰমূদৈৰ প্ৰায়বোৰ উপন্যাসতেই গৌৰৱোজ্জ্বল ইতিহাসক সোঁৱৰণি মূলক ভাবে উপস্থাপন কৰা দেখা যায়।
১৯৭৭ চনত তেওঁৰ “শীতৰ কুঁৱলী” গল্পসংকলনখন প্ৰকাশ পায় আৰু ই তেওঁৰ প্ৰতিভাক বিস্তাৰিত ৰূপত দাঙি ধৰে। তেওঁৰ প্ৰায়বোৰ গল্পতেই নিম্ন মধ্যবিত্তীয় সমাজৰ দুখ-কষ্ঠ, মানসিক আতিশয্য, মৰম-স্নেহ, মমতা প্ৰকাশ পাইছে। অসম আন্দোলনৰ পটভূমিত ৰচিত ‘ৰাজনীতি নুবুজা মানুহ’ এটা লেখত লবলগীয়া গল্প। আগ্ৰাসন, হিংসা, জাতিৰক্ষা আৰু ৰাজনৈতিক চক্ৰব্যূহত সাধাৰণ জনগণৰ ঘৰ-পৰিয়ালৰ দুৰাৱস্থাৰ চিত্ৰ স্পষ্ট ৰূপত ৰূপায়ণ কৰিছে।
বৰমূদৈয়ে গল্প সাহিত্য সৃষ্টিতকৈ উপন্যাস ৰচনাত অধিক নিপুণতা অৰ্জন কৰা বুলি ক’লে নিশ্চয় বঢ়াই কোৱা নহ’ব। অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশৰ পৃষ্টভূমিত ৰচিত উপন্যাস সমূহত জন-জীৱনৰ প্ৰতিটো অধ্যায়ক নিখুঁত ভাৱে উপস্থাপন কৰিছে। তেওঁৰ উপন্যাস সমূহৰ বৌদ্ধিক পৰ্যালোচনাৰ পৰা এটা কথা স্পষ্টহৈ পৰিছে যে উপন্যাসৰ পটভূমিয়ে উপন্যাস সমূহত এটা চৰিত্ৰৰ দৰে কাৰ্য সম্পাদন কৰিছে আৰু উপন্যাসৰ কাহিনী বিস্তাৰৰ লগে লগে পটভূমিও চৰিত্ৰৰ লেখীয়াকৈ বিস্তাৰ লাভ কৰিছে। পটভূমিৰ যি বিস্তাৰ সেয়াই সাময়িক ভাৱে হলেও আমাক বিখ্যাত উপন্যাস দ্য ট্ৰায়েল আৰু দ্য মেজিক মাউণ্টেইন ৰ কথা সোঁৱৰাই দিয়ে। তাৰ লগতে ইতিহাস চেতনাইও বৰমূদৈৰ উপন্যাসত প্ৰাধান্য লাভ কৰিছে।
সমাজ চেতনাৰ বিভিন্ন দিশবোৰৰ ওপৰত আলোকপাত কৰিবলৈ যাওঁতে ‘ইতিহাস’ ক মননশীলভাৱে উপস্থাপন কৰিছে। তেওঁৰ “ৰূপোৱালী নৈৰ সোণোৱালী ঘাট” (২০০১), “শান্তনু কুলনন্দন” (২০০৫) আৰু “এটা আলিবাটৰ ইতিকথা” (২০০৬) হ’ল উল্লেখযোগ্য উপন্যাস য’ত ইতিহাসৰ উপাদান সমূহ যথাৰ্থ ভাৱে সংৰোপন কৰিছে। তেওঁৰ প্ৰথম উপন্যাস “গজৰাজ, প্ৰেম আৰু বন্দিত্ব” (১৯৯৯) ত আহোম ৰাজতন্ত্ৰৰ দপদপনি, হাতী ধৰা পৰম্পৰা আৰু আভিজাত্যৰ যি এক সামাজিক সমাহাৰ তাক সুন্দৰকৈ উপস্থাপন কৰিছে। এইক্ষেত্ৰত বৰমূদৈৰ শব্দ চয়ন তথা শব্দ ব্যৱহাৰ মন কৰিবলগীয়া। বৰমূদৈৰ মতেঃ “শব্দৰো এটা ইতিহাস থাকে। এই শব্দয়েই যথেষ্ট কথা শিকাব পাৰে”। হাতীক ঐতিহ্যৰ প্ৰতীক হিচাপে লৈ তেওঁ হাতীটোৰ জৰিয়তে সমাজৰ বিভিন্ন পৰম্পৰাক উনুকিয়াই থৈছে।
নাৰীয়ে কিদৰে নাৰী স্বাধীনতাৰ পৰিপন্থী হ’ব পাৰে সেইকথা তেওঁ “বাঘশাল, বাঘজাল আৰু মানুহ” (২০০০) নামৰ উপন্যাসখনত এটা প্ৰতীকধৰ্মী বন্দী বাঘৰ জৰিয়তে উপস্থাপন কৰিছে। উপন্যাসখন চৰম নাৰীবাদী নহ’লেও ইয়াত নাৰী চিন্তাৰ জোৰদাৰ উপস্থাপন কৰা হৈছে।
“ৰূপোৱালী নৈৰ সোণোৱালী ঘাট” উপন্যাসখনে ঔপন্যাসিকৰ ইতিহাস চেতনাক বিস্তৃত ৰূপত প্ৰকাশ কৰিছে। ইয়াত ঐতিহাসিক ঘটনাৰাজি অকল পটভূমি নহয়; ই এক সুকীয়া চৰিত্ৰৰ দৰে কাৰ্য সম্পাদন কৰিছে। উপন্যাসখনত ইতিহাস, সমাজ-জীৱন, ৰাজনীতি, অৰ্থনীতি, শিল্প-সংস্কৃতি, বাণিজ্য সকলো দিশ সাৱলীল ৰূপত প্ৰকাশ পাইছে। ঔপন্যাসিকৰ বুৰঞ্জী প্ৰীতিয়ে উপন্যাসখনক এক গৱেষণাধৰ্মী গুণেৰে সমৃদ্ধ কৰিছে। ঊনবিংশ শতিকাৰ পটভূমিত ৰচিত এই উপন্যাসখনত তদানীন্তন ঘটনাৰাজিৰ বিশেষ ভূমিকা পৰিলক্ষিত হয়। মানৰ আক্ৰমণ, ইংৰাজৰ আগমন, মণিৰাম দেৱানৰ সংগ্ৰাম, বদন হত্যা আদি ঐতিহাসিক ঘটনাক্ৰমৰ মাজেৰে উপন্যাসখনৰ কাহিনীভাগ আগবাঢ়ি গৈছে, য’ত ইতিহাসৰ উপাদান সমূহ কল্পনাৰ ৰহণত আধিক সুঠাম হৈ উঠা দেখা যায়। তাৰ লগে লগে কিন্তু ঔপন্যাসিকে “problem of the ‘meaning’ of history” ৰ ধাৰণাটোক উপন্যাসখনৰ কাহিনী কথনৰ মাজত উল্লেখ কৰিছে আৰু ইয়াক interactional history ৰ শাৰীলৈ উন্নিত কৰিছে।
*****