মায়া সভ্যতাৰ ইটো সিটো
~প্ৰিয়ম প্ৰতিম~
বৰ্তমানৰ মেক্সিকো আৰু মধ্য আমেৰিকা ব্যাপী এসময়ত মায়া সভ্যতা গঢ় লৈ উঠিছিল। ই এক উন্নত সভ্যতা বুলি পুৰাতত্ববীদ সকলে ঠাৱৰ কৰিছে। ইউকাটান অন্তৰীপৰ থকা পুৰণি চহৰ ‘চিচেন ইজ্জা’ক কেন্দ্ৰ কৰি এই মায়া সভ্যতা ও সাম্ৰাজ্য গঢ়িলৈ উঠিছিল। কিন্তু যেতিয়া পোন্ধৰশ শতিকাত স্পেনীছ ভ্ৰমণকাৰী সকল ইয়াত উপস্থিত হল, তেতিয়া এই সাম্ৰাজ্য ভাঙি থান-বান হৈ গ’ল, আৰু বহুকেইখন সৰু সৰু নগৰৰ সৃষ্টি হ’ল। মায়ান সকল বিভিন্ন জনজাতি তথা ক্লেনত বিভক্ত আছিল। সিহঁত বিশেষকৈ শক্তিৰ উপাসক আছিল।
মায়ান ধৰ্মটো দৈনন্দিন জীৱনৰ এটা অংশ; ইয়াক জনজীৱনৰ পৰা পৃথক বুলিব নোৱাৰি। মায়া সভ্যতাত সকলো কাৰ্যতেই ধৰ্মীয় চানেকি বিদ্যমান। মায়া সকলৰ বাবে জীৱিত আৰু অজীৱিতৰ মাজত কোনো পাৰ্থক্য নাছিল। সিহঁতে প্ৰকৃতিক বিশ্বাস কৰিছিল আৰু প্ৰকৃতিৰ সকলো উপাদানকে আত্মীয়তাৰে চাইছিল। সিহঁতে বিশ্বাস কৰিছিল যে গছ-গছনি, পৰ্বত-পাহাৰ সকলোৰে মানুহৰ দৰেই স্বকীয় জীৱন তথা আত্মা আছে। সিহঁতে গোটেই পৃথিবীখনক বিভিন্ন ভাগত ভাগ কৰিছিল। মায়ান সকলে বিশ্বাস কৰিছিল যে আকাশখনৰ তেৰটা ভাগ আছে আৰু পৃথিবীখন হ’ল আকাশৰ একেবাৰে তলৰটো খাপ। আকাশখনক চাৰিটা দিশত চাৰিজন বাহকে দাঙি ধৰি আছে বুলি সিহঁতে বিশ্বাস কৰিছিল। তাৰোপৰি, পৃথিবীৰ তলত আকৌ পাতালৰ নটা স্তৰ আছে বুলি সিহঁতৰ মাজত লোক বিশ্বাস আছে।
মায়ান সকলে প্ৰায় ত্ৰিশৰ পৰা দুশ দেৱ-দেৱীক আৰাধনা কৰিছিল। বিভিন্ন নগৰত বিভিন্ন আৰাধ্য দেৱতা থকাৰ সাক্ষ্য পোৱা গৈছে, আৰু এখন ঠাইৰ আৰাধ্যজন আনখন ঠাইৰ আৰাধজনৰ লগত বহু অমিল থকা দেখা নাযায়। তথাপিও সিহঁতৰ মূল ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাত বিশেষ পাৰ্থক্য দেখা নাযায়। নগৰবোৰৰ প্ৰধান আৰাধ্যজন ভিন-ভিন হ’লেও, গৌণ দেৱতা সমূহ একেই আছিল। মায়ান সকল ঘাইকৈ অনেকেশ্বৰবাদী। আনকি বিভিন্ন সময়ত শাসকসকলে এটা নিৰ্দিষ্ট দেৱতাৰ আৰাধনা কৰিছিল আৰু সেই মৰ্মে সেই দেৱতাটো সেই নগৰখনৰ প্ৰধান দেৱতা ৰূপে প্ৰতিষ্ঠিত হৈছিল। সেই নগৰখনৰ ভাল-বেয়া সকলোখিনি সেই দেৱতাটোৰ ওপৰতেই নিৰ্ভৰ কৰিছিল। মায়ান সকলে ইশ্বৰক ক’উহ বুলি কৈছিল। ইয়াৰ অৰ্থ হ’ল- পবিত্ৰ সত্তা। আনকি মায়ান সকলে সিহঁতৰ শাসক ৰজা জনকো বিভিন্ন ক্ষেত্ৰত ক’উহুল বুলি সম্বোধন কৰিছিল। ক’উহুল শব্দটো ক’উহ শব্দটোৰ বিশেষণ ৰূপ। মায়ান সকলৰ দুটা জনপ্ৰিয় দেৱতা হ’ল- Framer and Shaper আৰু Heart of Sky। তাৰোপৰি ধুমুহাৰ দেৱতা ‘ছাহক’ এটা উল্লেখযোগ্য দেৱতা।
মায়ান সকলৰ অনেকেশ্বৰবাদী ব্যৱস্থাৰ ফলস্বৰূপেই বিভিন্ন ধৰনৰ পৰম্পৰা তথা ৰীতি-নীতি গঢ়লৈ উঠিছিল। সিহঁতে বিশ্বাস কৰিছিল যে দেৱতা সকলে মানুহক মাকৈ পৰা সৃষ্টি কৰিছিল, জীৱন দিছিল, মানুহক শক্তি প্ৰদান কৰিছিল, তেজ দিছিল। সেয়ে মায়ান সকল দেৱতা সমূহৰ ওচৰত ঋণী আছিল আৰু সেই ঋণ পৰিশোধ কৰাৰ বাবে বলি-বিধান কৰিছিল। নৰ-বলি আছিল এনে বলি-বিধানৰ এক গুৰুত্বপূৰ্ণ অংগ যাৰ দ্বাৰা গোটেই জাতিটোৰ কল্যাণ হ্’ব বুলি সিহঁতে ভাবিছিল। ধৰ্মীয় কাম-কাজৰ বাবে মায়ান সকলে ডাঙৰ ডাঙৰ পিৰামিড আৰু গুহা সাজিছিল, আৰু ইষ্ট-দেৱতাক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছিল। সিহঁতে বিশ্বাস কৰিছিল যে গুহাৰ মাজেৰেই আধ্যাত্মিক বিশ্বৰ (spiritual world) এটা স্তৰৰ পৰা আনটো স্তৰলৈ সহজে যাত্ৰা কৰিব পাৰি। পিৰামিড আৰু গুহাৰ উপৰিও, মায়ান সকলে বৃহৎ শিলাখণ্ড স্থাপন কৰিছিল। এই শিলাখণ্ড সমূহক ষ্টেলে (stelae) বুলি জনা যায়। এই ষ্টেলে বোৰত ৰজা, আৰাধ্য দেৱতা সমূহৰ ছবি তথা মায়ান বৰ্ষপঞ্জি খোদিত কৰা হৈছিল। এই ষ্টেলেবোৰ পুৰোহিতৰ দ্বাৰা খোদিত কৰা হৈছিল।
আধ্যাত্মিকতাত বিশ্বাসী মায়ান সকলে পৰজনমত বিশ্বাস কৰিছিল। সিহঁতে স্বৰ্গৰ কথা বিশ্বাস কৰিছিল আৰু স্বৰ্গপ্ৰাপ্তিৰ আশা কৰিছিল। মায়ান সকলৰ মতে ত্যাগ বলিদান স্বৰূপ মৃত্যু আৰু প্ৰসৱমৃত্যুৰ দ্বাৰা এজন লোকে পোনে পোনে স্বৰ্গপ্ৰাপ্তি হব পাৰে। মায়ান সকলে নৰকক সিবালবা (Xibalba) বুলি কয়। ইয়াৰ প্ৰতীক হ’ল এটা জগুৱাৰ বাঘ, আৰু ই আন্ধাৰৰ স্বৰূপ। সিবালবাৰ নটা স্তৰ আছে আৰু প্ৰতিটো স্তৰতে এজনকৈ অসুৰ দেৱতা আছে। মৃতকৰ আত্মাই নৰকৰ প্ৰতিটো স্তৰৰ মাজেৰে পাৰ হ’ব লাগে। যিয়ে এই নটা স্তৰ পাৰহৈ আহিব পাৰে তাৰ পাপ মোচন হয় আৰু সুৰ্যৰ নিচিনা উদিপ্ত হৈ স্বৰ্গলৈ ধাৱমান হয়।
******