ঋণ পৰিশোধ
~ নন্দিনী সাহা ~
ঘৰৰ বাৰান্দাত বহি দীঘলকৈ উশাহ কাঢ়ি ৰমিলাই নিজ জীৱনৰ পুৰণি কথাবোৰ ভাবি আছে যে "কেনেদৰে সৰুতে মুকুন্দই মাক ৰমিলাৰ পিছে-পিছে ঘূৰি ফুৰিছিল, কেনেকৈ ৰমিলাই মুকুন্দক "অ-আ" পঢ়িবলৈ শিকাইছিল আৰু কেনেদৰে সি সৰুতে সকলো কথা মাকক কৈছিল ! হুম্ সেইদিন আৰু নাই ; এতিয়া ল'ৰাজন ডাঙৰ হৈছে,বিয়া পাতিছে, তাৰ নিজৰ সংসাৰ হৈছে, ইয়াৰোপৰি সি নিজৰেই এক নতুন ব্যৱসায় আৰম্ভ কৰিছে । দিনভৰ ব্যৱসায়তে লাগি থাকে, এতিয়া জানো তাৰ হাতত ইমান সময় আছে যে সি মাকৰ লগত বহি নিজৰ সকলো কথা ক'ব! কাম কৰি যিখিনি সময় পায় তাৰে বেছিভাগ সময় দেখোন মুকুন্দই ঘৈনীয়েক ৰিমা আৰু তাৰ ডেৰ বছৰীয়া ল'ৰা আমোলৰ সৈতে কটায়। এতিয়াতো এনে অৱস্থাই হৈছে যে ৰমিলাই গোটেই দিনটোত এবাৰো পুতেকৰ মুখখন দেখা নাপায়। সময় কেনেদৰে পাৰ হয় বুজা নাযায়। ৰাঘিনীৰ বিয়াৰ দিনা মুকুন্দই ইমান কান্দিছিল এইবুলি ভাৱি যে 'বায়েকে এতিয়া তাৰ লগত একেলগে নাথাকিব।' -এই কথাষাৰ সুঁৱৰি সুঁৱৰিয়ে সি ইমান কান্দিছিল যিমান ৰাঘনীয়ে নিজৰ বিদায়ৰ দিনাও কন্দা নাছিল। নিজ বায়েক ঘৰত নাথাকিব বুলি কন্দা ল'ৰা জনে এতিয়া দেখোন বায়েকক নিজৰ ঘৰলৈ মাতি আনিবলৈকো সময় নাপায়। তাকো যি দুই-তিনিদিনৰ বাবে ছোৱালীজনী ঘৰলৈ আহে তাতেও সি বায়েকৰ লগত কথা পাতিবলৈ সময়কে বিচাৰি নাপায়। মুকুন্দৰ ভাগিনী নিমা যেতিয়াই মামাকৰ ঘৰলৈ আহে বাৰে বাৰে এটা কথাই কয়-" মামা এতিয়া সলনি হৈছে, মামাই মোক ভাল নাপায়।" উত্তৰত ৰমিলা আৰু ৰাঘিনীয়ে নিমাক বুজাই কয় যে মামাকে এতিয়া কাম কৰে, দিনটোত সময় নেপায় সেইকাৰণেই। নিমাক আৰু ৰাঘিনীয়ে কিবা বুজাব ,তাই নিজেই বুজি নাপায় যে তাইৰ ভায়েকজন বিয়াৰ পিছত নিজ সংসাৰত ইমানেই ব্যস্ত হ'ল নে , বায়েকৰ লগত কথা দুষাৰ কথা কবলৈও সময় নাপায়নে! কেতিয়াবা কেতিয়াবা তাই খঙতে মাককে কয় যে তাইতো ঘৰত আহি পইচা-পাতি একো খোজা নাই , কেৱল মাত্ৰ এইখিনিয়ে বিচাৰিছে যে ভায়েকে তাইৰ লগত বহি কথা পাতক । এইখিনিও সি কৰিব নোৱাৰে নে? এই উত্তৰত ৰমিলাইনো ক'ব কি, তেওঁ নিজেই মনমাৰি বহি থাকে। কেৱল ভাৱি থাকে যে কেতিয়া পুতেকে আহি তেওঁৰ লগত পুনৰ আগৰ দৰে ব্যৱহাৰ কৰিব যেনেদৰে সৰুতে কৰিছিল। মুকুন্দৰ দেউতাকেতো এতিয়া মুকুন্দক একো কোৱাই বন্ধ কৰি দিছে। পুতেক-বাপেকে কেৱল দৰকাৰ থাকিলেহে কথাপাতে। ঘটনাতো পুৰণি হ'ল । এই দহ-বাৰদিন আগৰেই কথা --- ৰমিলাই নিজৰ ব্লাড-প্ৰেচাৰ চাবলৈ হাস্পাতাললৈ যাব লগা হ'ল। সেয়ে তাই ৰিমাৰ ওচৰলৈ গ'ল হাতখৰচ খুজিবলৈ। ৰিমাই আলমাৰিৰ পৰা পাৰ্চটো বাহিৰ কৰি পইচা উলিয়াই থাকোতে ৰমিলাই ধীৰে ধীৰে মনে মনে ক'লে যে- 'কেনে অৱস্থা হ'ল মোৰ। দুইশ টকা খুজিবলৈকো বোৱাৰীৰ ওচৰলৈ আহিব লাগে; হুম্ মোৰ হাতততো জমা পইচাও নাথাকে!' এই কথাখিনি কিবাকৰি মুকুন্দই শুনা পালে আৰু নাজানো সি কোন কথাৰ কি অৰ্থ বুজি পালে যে ৰমিলাই ঘৰৰ পৰা ওলোৱাৰ আগতে সি মাকক নিজ কোঠালৈ মাতি ,মাকৰ ওচৰতে আলমাৰীৰ পৰা তাৰ জমা পইচাৰ বেগ এটা উলিয়ায় মাকৰ হাতত দি ক'লে -'এই লোৱা পইচা । এতিয়া আৰু কাকো একো খুজিব নালাগে তোমাৰ।' কথাষাৰ কৈ মুকুন্দ কোঠাৰ পৰা ওলাই গ'ল। ৰমিলাই একো বুজিবই নোৱাৰিলে । তেওঁ একো কোৱা উচিত নহ'ব এইবুলি ভাৱি বেগটো বিছনাত থৈ নিজৰ ৰূমলৈ গ'ল । হস্পিটালত যাবলৈ তেওঁৰ আৰু মন নগ'ল । পুতেকে কিবা কথাত বেয়া পাইছে বুলি ভাৱি তাক একো নক'লে। এই কথাৰেই দহ-বাৰদিন হ'ল , মুকুন্দই এতিয়ালৈও মাকক মতাই নাই ।"
হঠাৎ ঘৰৰ বেলটো বাজিল। ৰিমা গ'ল দৰ্জা খুলিবলৈ। ৰমিলাই বহাৰ পৰা উঠি দুৱাৰলৈ চাবলৈ ধৰিলে, কিজানি আজি মুকুন্দই আহি মাকক মাতিবই নেকি...................!
*****