স্নেহতীৰ্থ
(হীৰেণ ভট্টাচাৰ্যলৈ)
শ্ৰী জিতজ্যোতি পাটগিৰি
আকাশখন তেতিয়া গোমা হৈ পৰিছিল
অৱসন্ন শব্দবোৰ নিসৃত হৈ
লাগি আছিল কেঁচা মাটিৰ বেৰখনত
তেতিয়া পৰ্যন্ত তাত কোনো কাৰণ নাছিল
শইচ সোনোৱালী লগা দেহৰ শৰীৰত
কোনোবাই চকুপানীৰ গজাল টৰিছিল, টানি নিছিল
এন্ধাৰত
আৰু কৈ গৈছিল অনৰ্গল ভাৱে জীয়াতুৰ কথা।।
কিহৰ বাবে আছিল এই অচিনাকী কৃচ্ছ্ৰ।।
বেলিটোও আজি নাই-
বকুল ফুলৰ গোন্ধবোৰো নিমিষতে অৰ্থহীন
কি যে অসহায় এই নিৰৱ কাতৰতাৰ
তুমিতো জানা- এই কবিৰ একো নাই
পিছে কিহৰ বাবদ এই অপসাৰিত ব্যঞ্জনা
নাই ৰ’ব নোৱাৰো একেটা ঠাইতে মই
কামিজযোৰ ছিৰি গৈছে
লাজ লাগে মোৰ- গছবোৰে জোকাব
সুগন্ধি লগা পখিলাবোৰ নামি আহিব
চাও পাত এখিলা বিচাৰি যাঁও
হৃদয়ৰ বা লগা মৰমবোৰ
সানি দিও তাত
বাখৰ হৈ ৰ’ব ছাই বৰণীয়া আখৰবোৰ।
মৃত্যুওটো এটা শিল্প- কোনে কৈছিল কাক!
স্নেহতীৰ্থ- পথাৰৰ দৰে তোৰ লাস্যময়তা
ছাঁয়াৰ দৰে এতিয়া এজন অচিনাকি বান্ধৈ
বিনাই থাকে তোৰ বুকুত
সেয়া বাস্তৱ নে অবাস্তৱ,
পৰিপক্কত এৰি দিয়া যাঁওক।
*****