বটবৃক্ষ
~অৰুণিমা ভট্টাচাৰ্য্য~
মহিলাগৰাকীয়ে নিৰিবিলি পৰিবেশ ভালপায়। দেওবাৰে সন্ধিয়া প্ৰায়েই তেওঁ খোজ কাঢ়িবলৈ ওলাই যায় । সপ্তাহৰ বাকী দিন কেইটাত তেওঁ সেইখিনি সময় মিলাব নোৱাৰে। অফিচৰ পৰা আহি পাওতেই গধূলি হয় । সেইবাবে দেওবাৰে দিনৰ অন্তত তেওঁ এঘণ্টামান সময়ৰ বাবে সান্ধ্য ভ্ৰমণত ওলায় । কেতিয়াবা কোনোবা এজন সংগী হয় আৰু কেতিয়াবা অকলশৰে । সদাব্যস্ত সৰু চহৰখনলৈ যোৱা ৰাস্তাটোৰে নগৈ তেওঁ আওহতীয়া বাট এটাত খোজ কাঢ়ে । মানুহৰ বসতি শূন্য পাহাৰুৱা বাটটোত মানুহে প্ৰাতঃভ্ৰমণ নাইবা সান্ধ্য বাবেই যায় । দূৰত সৰু পাহাৰীয়া জুৰি এটি আছে । কিছুদূৰ পিছত সৰু বাটটো শেষ হৈ পাহাৰখন আৰম্ভ হয় । মাহিলাগৰাকী প্ৰায় সেই পাহাৰখনৰ দাঁতিলৈ যায় । কিছুসময় তাত অপেক্ষা কৰে । শান্ত, সমাহিত ভাবে থিয় হৈ থকা পাহাৰখনে তেওঁক জীৱন জীয়াই থকাৰ প্ৰেৰণা দি আহিছে বহুকাল ধৰি। হাজাৰ ধুমুহাই লৰাব নোৱাৰা পাহাৰৰ ওখ গা ; আপ্লুত হয় তেওঁ পাহাৰক সীমাহীন ধৈৰ্যৰ প্ৰতীক হিচাপে চাবলৈ পায় ।
"মা ঘূৰি অহা নাই নেকি ?" অম্বৰীশে পত্নী দেবিকাক উদ্দেশ্য কৰি ক'লে ।
"নাই অহা।" দেবিকাই উত্তৰ দিলে ।
" নিপু গৈছে নেকি, মাৰ লগত ?"
" নাই যোৱা ।"
" ময়ে গৈ চাই আহোঁ।" কথাষাৰ কৈ অম্বৰীশ বাহিৰলৈ ওলাই গ'ল ।
অম্বিকা বৰুৱাৰ একমাত্র সন্তান অম্বৰীশ । ওচৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনৰ বিষয় শিক্ষক । অলপ দূৰ গৈ উভতি আহি থকা মাকক দেখা পালে তেওঁ ।
"তোমাক বিচাৰি আহিলোঁ ।" অম্বৰীশে মাকক উদ্দেশ্য কৰি ক'লে।
অম্বিকা বৰুৱাই হাঁহিলে । ত্রিশৰ দেওনা পাৰ হোৱা তেওঁৰ পুত্রৰ মাতৃস্নেহ এতিয়াও আগৰ দৰেই আছে । এটা সময়ত তেওঁ এই আঠ বছৰৰ ল'ৰাটোৰ হাতত ধৰি জীৱন সংগ্ৰামত নামি পৰিছিল। সময়বোৰ বৰ সোনকালে পাৰ হয়, মনতে ভাবিলে অম্বিকা বৰুৱাই ।
"নিমি পেহীয়ে ফোন কৰিছিল, তোমাৰ খবৰ ল'লে ।" অম্বৰীশে ক'লে ।
" হয় নেকি ? তাই ভালে আছে নহয় !" অম্বিকা বৰুৱাই সুধিলে ।
" আছে , ধনটিয়ে তোমাৰ কথা সুধি থাকে ।"
ধনটি অম্বিকা বৰুৱাৰ ননদ নমিতাৰ পোন্ধৰ বছৰীয়া পুত্র । নমিতাক বিয়া দিয়া প্ৰায় ওঠৰ বছৰ হ'ল । অম্বিকা বৰুৱাই মনতে ভাবিলে, এটা এটাকৈ দায়িত্ববোৰ সামৰি গৈ শেষত নমিতাৰ বিয়াখন পাতিছিল । দ্বিজেনৰ চাকৰি, ৰবীনৰ ব্যৱসায়, ক'ত যে কিমান কথাৰ সমাধান কৰিছিল তেওঁ চৰকাৰী চাকৰিৰ টকাকেইটাৰে । এমাহ পিছত তেওঁৰ অৱসৰী জীৱন আৰম্ভ হ'ব, তেতিয়া হয়তো আৰু ভালকৈ ৰোমন্থন কৰিব পাৰিব ঘটি যোৱা জীৱন প্ৰবাহৰ সৰু ডাঙৰ ঘটনাবোৰ।
অম্বিকা বৰুৱাই জীৱন বাটৰ সৰু ডাঙৰ ধুমুহাবোৰৰ মুখামুখি হৈছিল অসীম সাহস আৰু ধৈৰ্যৰে। জীৱনৰ চৰম দুখৰ মুহূৰ্ত্তবোৰত থিয় দিছিল হাউলি নপৰা এজোপা বিশাল বৃক্ষৰ দৰে । সেইবাবেই হয়তো তাৰ প্ৰচ্ছায়াত উজ্বলি উঠিছিল প্ৰয়াত সিদ্ধেশ্বৰ বৰুৱাৰ ঘৰখন । মাত্র দহ বছৰৰ বৈবাহিক জীৱনৰ কাল ধুমুহা হৈ আহিছিল স্বামীৰ আকস্মিক মৃত্যু । তাৰপিছত তচনচ হৈ যাব খোজা সংসাৰখন ধৰি ৰাখিবলৈ তেওঁ থিয় দিছিল অযুত সাহস বুকুত বান্ধি । একমাত্র কিশোৰ পুত্র, ৰুগীয়া শাহু, নিবনুৱা দুই দেওৰ, আবিয়ৈ ননদ সকলোৰে দায়িত্ব মূৰ পাতি লৈছিল। এখোজ, দুখোজ কৈ আগবাঢ়িছিল নিজৰ লক্ষ্যৰ দিশত । প্ৰথমতে মৃত স্বামীৰ অফিছত চাকৰি, তাৰ পিছত ভাতৃসম দুয়ো দেওৰৰ সংস্থাপন আৰু ননদৰ বিয়া । সকলোবোৰ দায়িত্ব পালন কৰিলে অতি নিষ্ঠাৰে । হয়তো সকলো দায়িত্ব এৰি নিজ সন্তানক লৈ তেওঁ মাতৃগৃহত আশ্ৰয় ল'ব পাৰিলেহেঁতেন । সেইসময়ত তেওঁ তেনেকুৱা চিন্তাক মনত বাহ বান্ধিবলৈ নিদিলে, বৰং স্বামীৰ দায়িত্ব কান্ধ পাতি লৈ জীৱন বাটত খোজ দিলে । বহুতৰ মতে কষ্টকৰ জীৱন এটা আদৰি লৈছিল তেওঁ , কিন্তু কোনো আক্ষেপ নোহোৱাকৈ।
অম্বিকা বৰুৱাই বিচনাখনত বহি লৈ দেৱাল ঘড়ীটোলৈ চালে । ঘড়ীয়ে জানো হিচাপ ৰাখিব পাৰে জীৱনৰ দুৰন্ত গতিৰ ! কোনো আক্ষেপ নাই তেওঁৰ । নিজৰ বাবে সকলোৱে জীয়াই থাকে । আনৰ বাবে জীয়াই থকাৰ মাধুৰ্য্য সম্পূৰ্ণ পৃথক । তেওঁ প্ৰতিদান বিচাৰি কোনো কাম কৰা নাছিল । সেইবাবে হয়তো সকলো আছে এতিয়া তেওঁৰ । বাহিৰৰ খিৰিকীৰে তেওঁ বৰ্ষাৰ প্ৰথম বৰষুণ জাক দেখা পালে । আকৌ জীপাল হ'ব শুষ্ক পৃথিবী । প্ৰকৃতিয়ে দিয়া অনবদ্য উপহাৰে জানো কেতিয়াবা প্ৰতিদান বিচাৰে , নিবিচাৰে ! তেনেহ'লে আমি মানুহবোৰে বাৰু কিয় সদায় প্ৰাপ্তি- অপ্ৰাপ্তিৰ ধাৰণাত বন্দী হৈ থাকো ? আন এটা সুন্দৰ প্ৰভাতৰ আশাত অম্বিকা বৰুৱা নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিল । জীয়াই থকাৰ মন্ত্র তেওঁ কাহানিবাই আয়ত্ব কৰিছিল । প্ৰকৃতিৰ অকৃত্রিম উদাৰতাৰ স'তে নিজকে মিলাই তেওঁ বিচাৰি পাইছিল জীয়াই থকাৰ অৰ্থ ।
******