সমবায় আৰু ভাৰতৰ অৰ্থনৈতিক উন্নয়নত ইয়াৰ ভূমিকা
~ শ্ৰী অপূৰ্ব শৰ্মা~
সমবায়ৰ মূল নীতি হ’ল একতাই বল। আন্তৰ্জাতিক শ্ৰমিক সংঘৰ মতে সমবায় হৈছে আৰ্থিক অনাটনত নিপীড়িত জনগণৰ মুক্তিৰ পথ। য়েতিয়া কেইজনমান ব্যক্তিয়ে একেলগে মিলি সাম্য, মৈত্ৰি, ঐক্য আৰু পাৰস্পৰিক সহানুভুতি আৰু সাহাৰ্য্যৰ ভিত্তিত স্বেচ্ছাপ্ৰণোদিত হৈ কোনো সংঘ বা সমিতি গঢ়ি তোলে তাকে সমবায় বোলে। সমবায় সমিতিৰ সভ্য সকলে উন্নত আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰে আৰু পৰস্পৰ সাহায্যৰ ভিত্তিত একেলেগে সকলোৰে সন্মিলিত অৰ্থনৈতিক, মানসিক আৰু সাংস্কৃতিক উন্নতি অনাৰ চেষ্টা কৰে। সমবায়ৰ প্ৰধান উদ্দেশ্য বা আদৰ্শ হ’ল সমবায়ৰ জৰিয়তে দুৰ্বল শ্ৰেণীৰ মানুহৰ কৃষিকাৰ্য, ব্যৱসায় আৰু জীৱন যাত্ৰা ভালদৰে গঢ়ি তোলা।
সমবায় সমিতি গঠনৰ এটা উচ্চ আদৰ্শ আছে। এই আদৰ্শ সাধনৰ কাৰণে সমিতি বিলাক কিছুমান মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিত হয়। এই নীতিবোৰ হ’ল -----
১) সান্নিধ্যঃ সমবায় সমিতিৰ সদস্য বিলাকৰ মাজত ওচৰা-উচৰি সম্বন্ধ থকা উচিত। পৰস্পৰ জনা-শুনা নাথাকিলে সকলোৱে একেলগে মিলি কাম কৰাত অসুবিধা হয়। এই কাৰণে সমবায় সমিতি বিলাক সাধাৰণতে এখন গাঁও বা এটা অঞ্চলৰ মানুহৰ দ্বাৰা গঠন কৰা হয়।
২) সাম্যঃ সমবায় সমিতিৰ সকলো সভ্যই সমান। যাৰ যিমানেই অংশ নাথাকক কিয়, সকলোৰে অধিকাৰ সমান। অৰ্থাৎ ‘এক ব্যক্তি এক ভোট’ নীতিৰ ওপৰত সমবায় প্ৰতিষ্ঠিত।
৩) স্বেচ্ছা- প্ৰণোদিতঃ প্ৰত্যেক সভ্যই নিজ ইচ্ছা মতে সমবায় সমিতিত যোগ দিব পাৰে। ইয়াত কোনো ধৰণৰ বাধ্য-বাধকতা নাই।
৪) সততাঃ সততাই হ’ল সমবায়ৰ প্ৰধান নীতি। সেয়ে অসৎ প্ৰকৃতিৰ লোকক সমবায়ৰ সভ্য কৰা উচিত নহয়।
৫) মিতব্যয়িতাঃ সমবায় সমিতি বিলাক সাধাৰণতে দূখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ অৰ্থেৰে গঠিত হয়। সেয়েহে এনেকুৱা প্ৰতিষ্ঠানৰ পৰিচালনা কাৰ্যত অযথা ব্যয় কৰা উচিত নহয়। যিমান কম খৰচতে পাৰি সিমানেই কম খৰচত কাম চলোৱা উচিত।
গতিকে সমবায়ৰ মূল বৈশিষ্ট্য হ’ল---
১) সমবায়ৰ সভ্য হোৱা নোহোৱাটো স্বেচ্চা-প্ৰণোদিত কথা। যিসকলে সমবায় সমিতি গঠন কৰিব খোজে তেওঁলোকক কোনো ধৰণৰ হেচা দিয়া নহয়। সেয়ে কোৱা হয় সমবায় এক স্বেচ্ছামূলক অনুষ্ঠান।
২) সমবায়ৰ পৰিচালনা গণতান্ত্ৰিক ভাবে কৰা হয়। সমবায়ৰ সকলো সদস্য সমান। প্ৰতিজন সভ্যৰ স্বকীয় মতাদৰ্শক সমানেই গুৰুত্ব প্ৰদান কৰা হয় আৰু একে ধৰণৰ অধিকাৰ লাভ কৰে। সমবায়ৰ মূল নীতি হ’ল সমতা আৰু গণতন্ত্ৰ।
৩) সমবায়ৰ মূল উদ্দেশ্যৰ ভিতৰত অৰ্থনৈতিক লাভ অৰ্জন কৰা যদিও ৰাজনৈতিক আৰু সামাজিক উদ্দেশ্যও ই পূৰণ কৰে। সমবায়ে মানবীয় মূল্যবোধ বৃদ্ধিত সহায় গুৰুত্ব আৰোপ কৰে।
পৃথিবীৰ ভিতৰত প্ৰথ্মে ১৭৬১ চনৰ ১৪ মাৰ্চত স্কটলেণ্ডত সমবায় সমিতি গঠন কৰা হয়। দুখীয়া কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে জাৰ্মান দেশত সমবায় আন্দোলন আৰম্ভ কৰা হৈছিল। এই আন্দোলনৰ গুৰিতেই আছিল জাৰ্মানীৰ হেৰ ৰেইফাছিন (Herr Raifeisen)।
ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ইয়াৰ কৃষক সকল অতি দৰিদ্ৰ। গাৱঁলীয়া মহাজন, দালাল আদিৰ দ্বাৰা তেওঁলোক অতি নিৰ্দয় ভাবে শোষিত। ভাৰতবৰ্ষত সমবায় সমিতি স্থাপন কৰাৰ ক্ষেত্ৰত মাদ্ৰাজ চৰকাৰে সৰ্বপ্ৰথম অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। মাদ্ৰাজ চৰকাৰে ফ্ৰেডেৰিক নিক’লছন নামৰ উচ্চ পদস্থ বিষয়া এজনক সমবায় সমিতি গঠনৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিয়ে। তেওঁ ভাৰতবৰ্ষত ‘ৰেইফাছিন’ৰ আৰ্হিত সমবায় সমিতি গঠনৰ বাবে পৰামৰ্শ দিয়ে। নিক’লছন ৰ পৰামৰ্শৰ ভিত্তিতেই ১৯০৪ চনত লৰ্ড কাৰ্জনৰ শাসন কালত সমবায় সমিতি গঠন আইন গৃহীত হয়। আৰু এই সমবায় সমিতি আছিল খৃনদান সমবায় সমিতি। ১৯১২ চনত সংশোধিত সমবায় সমিতি আইন গৃহিত কৰি ঋণদান সমিতিৰ বাহিৰেও অ-ঋণদান সমবায় সমিতি গঠনৰ ব্যৱস্থা কৰা হয়।
ভাৰতবৰ্ষত সমবায় এটা ৰাজ্যিক বিষয়। সমবায়ৰ একেবাৰে তলৰ ব্যৱস্থা হ’ল- প্ৰাথমিক সমবায় সমিতি। তাৰ ওপৰত কেন্দ্ৰীয় সমবায় সমিতি, আৰু সকলোৰে ওপৰত আছে ৰাজ্যিক সমবায় বেংক।
ভাৰতত সমবায়ৰ আৰ্হিতে ‘আত্ম সহায়ক গোট’বোৰ গঠন কৰা হৈছে। ভাৰতৰ এই ‘আত্ম সহায়ক গোট’ৰ আদৰ্শ বাংলাদেশৰ গ্ৰামীণ বেংকৰ গঠনৰ লগত জড়িত থকা ন’বেল বটা বিজেতা মহম্মদ ইউনিচ ৰ পৰা লোৱা। ভাৰতৰ ভিতৰত পোন প্ৰথমে তামিলনাডুতে আত্ম-সহায়ক গোট গঠন কৰা হয়। ২০১৯ চনৰ ৩১ মাৰ্চৰ তথ্য মতে ভাৰতত এক কৌটি আত্ম-সহায়ক গোট আছে আৰু প্ৰায় ১২ কৌটি পৰিয়াল ইয়াৰ লগত জড়িত হৈ আছে। অসমত এই আত্ম সহায়ক গোটৰ সংখ্যা হৈছে ২৯৭০২২ টা।
আজি সমবায় আন্দোলনে ভাৰতবৰ্ষত ১১৭ বছৰ অতিক্ৰম কৰা পথত। এই সময় চোৱাত ই বহুত দুৰ্যোগ আৰু উত্থান-পতনৰ মাজেৰে আগবাঢ়ি আহিছে। ভাৰতবৰ্ষত সমবায় আন্দোলন আৰম্ভ কৰাৰ মূল কাৰণ আছিল গ্ৰাম্য ঋণগ্ৰস্ততা দূৰীকৰণ কৰা। ভাৰতীয় কৃষক সকলে গাঁৱৰ মহাজন, বেপাৰী আদিৰ পৰা উচ্চ সুতৰ হাৰত ঋণ গ্ৰহণ কৰি আৰু সেই ঋণ সময়মতে পৰিশোধ কৰিব নোৱাৰি নিজৰ মাটি-ভেটি হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। তৎসত্ত্বেও সমবায় আন্দোলনে ভাৰতৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰথমতে সমবায় সমিতি সমূহে কৃষক, শিল্পী, কাৰিকৰ আদি সকলক নিম্ন সুদৰ হাৰত ঋণৰ যোগান ধৰি মহাজন সকলৰ উচ্চ সুদজনিত শোষণৰ পৰা মুক্ত কৰিছে। বৰ্তমান সমবায় সমিতি সমূহে মুঠ ঋণৰ প্ৰায় ৩৩ শতাংশ যোগান ধৰে।
দ্বিতীয়তে, সমবায় আন্দোলনে জনসাধাৰণক উৎপাদনশীল ঋণৰ প্ৰতি আগ্ৰহ বঢ়াইছে। আগতে কৃষক সকলে ঋণ লৈ ভোগ কাৰ্যত ব্যৱহাৰ কৰিছিল। বৰ্তমান সমবায় সমিতি সমূহে এনে মনোভাৱৰ পৰিবৰ্তন ঘটাইছে।
তৃতীয়তে, সমবায়ে উন্নত কৃষি কাৰ্যৰ প্ৰতি কৃষক সকলক উৎসাহিত কৰিছে। সমবায়ৰ বাবে অধিক উৎপাদনক্ষম বীজ, ৰাসায়নিক সাৰ, পানী যোগান, বৈজ্ঞানিক যন্ত্ৰ-পাতিৰ ব্যৱহাৰ আদি সহজ হৈ পৰিছে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি পাইছে আৰু কৃষক সকলৰ আৰ্থিক অৱস্থাৰ উন্নতি ঘটিছে।
চতুৰ্থতে, সমবায়ৰ বাবে মধ্যৱৰ্তী শ্ৰেণীৰ দালাল, বেপাৰী আদিৰ প্ৰভাৱ হ্ৰাস পাইছে আৰু তাৰ ফলত কৃষক সকলে উৎপাদিত দ্ৰব্যৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। গৰু- ম’হ, হাঁহ- কুকুৰা প্ৰতিপালন সমিতি আদিয়ে কৃষকৰ আয় বৃদ্ধিত সহায় কৰিছে।
পঞ্চমতে, সমবায় আন্দোলনে জনসাধাৰণক মিতব্যয়ী কৰাত সহায় কৰিছে। ভাৰতৰ কৃষক সকল অমিতব্যয়ী আৰু সঞ্চয়হীনতাৰ বাবে দৰিদ্ৰ হৈ পৰিছিল। সমবায়ে কৃষক সকলক সঞ্চয়ৰ প্ৰতি আগ্ৰহ বঢ়াইছে আৰু কৃষি ক্ষেত্ৰত বিনিয়োগৰ প্ৰতি উৎসাহিত কৰিছে।
ষষ্ঠতে, গ্ৰাহক সমবায় সমিতি, উৎপাদন সমবায় সমিতি, বহুমূখী সমবায় সমিতি আদিয়ে বহুতো লোকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে। গতিকে সমবায় আন্দোলনে আমাৰ দেশৰ নিবনুৱা সমস্যা সমাধানতো সহায় কৰিছে।
শেষত কব পাৰিয়ে সমবায় আন্দোলনে মানুহৰ নৈতিক আৰু শৈক্ষিক উপকাৰো সাধন কৰিছে। মদ, ভাং, জুৱা খেল আদিৰ প্ৰতি সমবায়ে মানুহৰ মনৰ ধাউতি কমাইছে। তাৰ পৰিবৰ্তে মানুহ পৰিশ্ৰমী, মিতব্যয়ী, শিক্ষিত আৰু আত্ম-প্ৰত্যয়ী হৈ পৰিছে। সমবায় আন্দোলনে মানুহৰ মাজত দায়িত্ববোধ জগাই তুলিছে।
ভাৰতৰ মেকলগান কমিটিৰ প্ৰতিবেদন অনুসৰি সমবায়ৰ দ্বাৰা দুৰ্বল ব্যক্তিসকলে উন্নত অৰ্থনৈতিক আৰু সামাজিক স-সুবিধা ভোগ কৰিব পাৰে। গতিকে ভাৰতত সমবায় আন্দোলন আৰু অধিক সবল কৰি তুলিব পাৰিলে ই ভাৰতৰ অৰ্থনৈতিক উন্নয়নত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰিব।
*****