মহাৰজত জয়ন্তী উদ্যাপন ২০২৩
অসমীয়া বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
মহাৰজত জয়ন্তী উদ্যাপন ২০২৩
অসমীয়া বিভাগ
গুৱাহাটী বিশ্ববিদ্যালয়
দুচকুত লুইতৰ পাৰ জিলিকোৱাৰ সপোন লৈ ১৯৪৮ খ্ৰীষ্টাব্দৰ ২৬ জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় আৰু তাৰ লগতে অসমীয়া বিভাগ। চাওঁতে চাওঁতে এই বিভাগটোৱে ইতিমধ্যে গুৰুত্বপূৰ্ণ ৭৫ টা বসন্ত অতিক্ৰম কৰিলে। এই ৭৫ টা বছৰে নিৰৱচ্ছিন্নভাৱে সপোন খেদি ভালপোৱা একোজাক ডেকা-গাভৰু আহি এই বিভাগটোক চিৰযৌৱনা কৰি ৰাখিছে। বিনিময়ত প্ৰতিজনে সন্ধান পাইছে বাখৰুৱা সাধনাৰ বাট। ৭৫ বছৰীয়া এই দীঘলীয়া যাত্ৰাৰ অন্তত মনলৈ প্ৰশ্ন আহিছে― এই বিৰল মুহূৰ্তটো স্মৰণীয় কৰি ৰাখিব নোৱাৰিনে? সেয়ে কৃষ্ণচূড়াৰ দেশলৈ আপোনালোকক আকৌ এবাৰ আদৰণি জনাবলৈ আমি আকুলতাৰে সাজু হৈ উঠিছোঁ। আমি অধীৰভাৱে অপেক্ষা কৰিছোঁ সেই দিনটোলৈ, যিটো দিনত আপোনাৰ পদাৰ্পণত সজীৱ হৈ পৰিব বিশ্ববিদ্যালয়ৰ চৌহদ, তেজৰঙা হৈ ফুলি উঠিব হেঁপাহৰ কৃষ্ণচূড়া আৰু সতীৰ্থৰ আগমনে মহাৰজত জয়ন্তীক কৰি তুলিব মহামিলনৰ তীৰ্থ।