The Department of Philosophy has been an inherent part of Lakhimpur Girls’ College since 1972. This department offers higher secondary, and degree as per the prescribed syllabus of AHSEC and Dibrugarh University respectively. The major thrust area of this department is to popularize the subject Philosophy. The department organizes frequent workshops to inculcate spiritual values. In this regard, different collaborative ventures have been made in this field.

Contents

Latest article

Coherence Theory of

The view that the truth of a proposition consists in its being a member of some suitably defined body of other propositions: a body that is consistent, coherent, and possibly endowed with other virtues, provided these are not defined in terms of truth. The theory, though surprising at first sight, has two strengths: (i) we test beliefs for truth in the light of other beliefs, including perceptual beliefs, and (ii) we cannot step outside our own best system of belief, to see how well it is doing in terms of correspondence with the world. To many thinkers the weak point of pure coherence theories is that they fail to include a proper sense of the way in which actual systems of belief are sustained by persons with perceptual experience, impinged upon by their environment. For a pure coherence theorist, experience is only relevant as the source of perceptual beliefs, which take their place as part of the coherent or incoherent set. This seems not to do justice to our sense that experience plays a special role in controlling our systems of belief, but coherentists have contested the claim in various ways. See also correspondence theory of truth. (source: oxford dictionary of philosophy)

My experience with the Department of Philosophy

চয়নিকা বৰ্মন

দৰ্শন বিভাগ

প্ৰাক্তন ছাত্ৰী

আপোন বিভাগটিৰ(দৰ্শন) অনুভৱ লেখা


অভিজ্ঞতাবোৰ খুব বেছি মধুৰ এই আপোন মহাবিদ্যালয়খনৰ আপোন বিভাগটোৰ।ক'ৰবাৰ পৰা উৰি অহা পখীজনীক যেন মৰমৰ দুলেৰে আপোন কৰি পেলালে।লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ দৰ্শন বিভাগ,এক অবুজ আবেগ যেন জড়িত হৈ আছে এই নামটোৰ সৈতে ।এই মহাবিদ্যালয়লৈ অহাৰ মূল উদ্দেশ্যই আছিল মোৰ সন্মানীয় বিষয় হিচাপে ভূগোল বিভাগৰ ছাত্ৰী হোৱাৰ কিন্তু সময়ৰ লগে লগে মোৰ লক্ষ্য উদ্দেশ্যবোৰৰ লগত খাপখোৱাকৈ দৰ্শন বিভাগটোৰ প্ৰতিহে বেছি আকৃষ্ট হৈ পৰিছিলো।বিষয় সলনি কৰাৰ সন্দৰ্ভত মই যেতিয়া দৰ্শন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে কথা পাতিছিলো তেতিয়াই তেওঁলোকৰ মহানুভৱতাই মোক অনুপ্ৰাণিত কৰি তুলিছিল।তেওঁলোকৰ সেই আৰ্দশমূলক বাণীয়ে মোক জীৱনত উপকৃত হোৱাত অৰিহণা যোগাইছে।দৰ্শন বিভাগ বুলি ক'বলৈ গ'লে প্ৰথমে মনলৈ আহে যিকোনো ক্ষেত্ৰতে বিভাগীয় অধ্যাপক-অধ্যাপিকা সকলৰ যি দায়িত্ববোধ,কৰ্তব্য পৰায়ণতা আমি দেখিব পাওঁ সেয়াই সঁচাকৈ আমাক আগবাঢ়ি যোৱাত অৰিহণা যোগায়।এই বিভাগটোৰ এগৰাকী ছাত্ৰী হিচাপে মই এইটো অনুভৱ কৰিব পাৰিছো যে শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভাগটোৱে কেতিয়াও বেমেজালি নকৰে,যিকোনো প্ৰকাৰে হ'লেও আমাক শৈক্ষিক বা মানসিকভাৱে প্ৰস্তুত কৰি তুলিবলৈ তেওঁলোকে সৎপৰোনাস্তি চেষ্টা কৰে।মই এই বিভাগটোৰ এগৰাকী ছাত্ৰী হিচাপে নিজকে যথেষ্ট গৌৰভ অনুভৱ কৰো।বিভাগৰ মূল গুৰিধৰোতা তথা মুৰব্বী অধ্যাপিকা টুলুমণি বৰুৱা বাইদেউ এগৰাকী খুব সহজ সৰল তথা নিষ্ঠাবান শিক্ষাগুৰু।তেওঁৰ অৱদানো বিভাগটোৰ প্ৰতি যথেষ্ট উল্লেখনীয়।সহকাৰী অধ্যাপক তথা আমাৰ পিতৃস্বৰূপ অনিল হাজৰিকা ছাৰ।তেখেতে আমাৰ শিক্ষাৰ লগতে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো যথেষ্টখিনি সহায় কৰিছে।প্ৰথম অৱস্থাত আমি কেইবাজনো সন্মানীয় শিক্ষাগুৰু -বসন্ত জ্যোতি ভূঞা,মহানন্দ নাথ,তুষ্ণাৰ জ্যোতি ভূঞা তেওঁলোকক খুব কম সময়ৰ বাবে লগ পাইছিলো যদিও তেওঁলোকে আমাক যথেষ্টখিনি উপকৃত কৰি তুলিলে।বিভাগটোলৈ নতুনকৈ সহকাৰী অধ্যাপক হিচাপে অহা কাৰ্বি আলংৰ বেবিচন টেৰাং ছাৰ,তেওঁ প্ৰথম অৱস্থাত অসমীয়া ভাষাটোৰ সৈতে বৰ বেছি পৰিচিত নাছিল যদিও আপোন মহাবিদ্যালয়লৈ আহি খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষাক আঁকোৱালী লৈ আমাক পাঠদান কৰিছিল।ইয়াৰ পিছতে আন এগৰাকী সহকাৰী অধ্যাপক আমাৰ মাজলৈ আহিছিল তেওঁ হৈছে মেক্‌ডাফ সোনোৱাল ছাৰ,তেওঁ অতি কম বয়সীয়া এজন শিক্ষাগুৰু আৰু তেওঁ আমাক সকলো দিশতে আগবাঢ়ি যাবলৈ উপদেশ দি আহিছে।বিভাগৰ সকলো কামতে সহায় কৰা দাদু দাইও আমাক সকলো কামতে সহায় কৰি দিছিল।মুঠৰ ওপৰত ক'বলৈ গ'লে বিভাগীয় শিক্ষাগুৰুসকলৰ পৰা আমি যিখিনি পাইছো সেয়া এই প্ৰতিযোগিতামূলক সময়ত এখন উন্নত সমাজৰ সৈতে খোজত খোজ মিলাব পৰাকৈ এইখিনিয়ে যথেষ্ট।সেয়েহে আপোন মহাবিদ্যালয়ৰ আপোন বিভাগটোৰ ওচৰত আমি সদায় ঋণী হৈ ৰম।


জয়তু লক্ষীমপুৰ বালিকা মহাবিদ্যায়ল ।।

জয়তু লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ দৰ্শন বিভাগ।।