মোৰ গুৰুৱে মোক যিদৰে শিকাইছিল, মই এক বিস্তাৰিত অনুশীলনৰ স্বৰূপৰ অনুসৰণ কৰোঁ। পৰিবেশনৰ আগে আগে গোটেই ৰাতিপুৱাটো মই এইটো ভাবিয়েই পাৰ কৰো যে মই কি গাম। গোটেই সময়খিনি মনতে গান গাই থাকোঁ। তথাপিও মই জানো যে মই ভিন্ন হ’ব লাগিব। মই নিজৰ ব্যক্তিত্বত থিয় দিব লাগিব। ব্যাকৰণ গুৰুজনে আগবঢ়োৱাৰ দৰে একেবাৰে উত্তম হ’ব লাগে, কিন্তু মই কেৱল তেওঁৰ নকল কৰাটো উচিত নহয়। মই নৱনিৰ্মাণ কৰিব লাগিব।