1. শুদ্ধ উত্তৰটো বাছি উলিওৱা
i ) ক্ষাৰকৰ সােৱাদ-
a ) টেঙা b ) তিতা c ) লুণীয়া d ) মিঠা
উত্তৰঃ b ) তিতা
ii ) মাখনত থকা এছিডবিধৰ নাম—
a ) হাইড্রক্লৰিক এছিড b ) এছেটিক এছিড c ) লেকটিক এছিড d ) টাৰটাৰিক এছিড
উত্তৰঃ c ) লেকটিক এছিড
iii ) চণপানী এবিধ
a ) এছিড b ) ক্ষাৰক c ) প্রশম দ্ৰৱ d ) এটাও নহয়
উত্তৰঃ b ) ক্ষাৰক
2. খালী ঠাই পূৰ কৰা :
a ) চাবােন পানীৰ দুৱত হালধী গুড়ি যােগ কৰিলে দ্রৱৰ বৰণ ৰঙা হয় ।
b ) চূণপানীত থকা ক্ষাৰকবিধ হ’ল _কেলছিয়াম হাইড্ৰক্সাইড ।
c ) পৰুৱাই কামুৰি দেহত ফৰমিক এছিড সুমুৱাই দিয়ে ।
d ) ক্ষাৰকৰ সােৱাদ তিতা।
3. অতি চমু উত্তৰ লিখা ।
a ) ভিনেগাৰত থকা এছিডৰ নাম লিখা ।
উত্তৰঃ ভিনেগাৰত থকা এছিডবিধৰ নাম হ'ল- এছেটিক এছিড।
b ) ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণৰ নাম লিখা ।
উত্তৰঃ ক্ষাৰকৰ ধৰ্ম দেখুওৱা এবিধ লৱণ হ'ল- নিমখ।
c ) প্রশমনত কি কি পদার্থ উৎপন্ন হয় ?
উত্তৰঃ প্ৰশমনত লৱন উৎপন্ন হয়।
4 , শুদ্ধ / অশুদ্ধ লিখা ।
a ) কমলা ৰসত ৰঙা লিটমাছ দিলে বৰণৰ সলনি নহয় । শুদ্ধ।
b ) কাপােৰ ধােৱা ছডা আচলতে এবিধ লৱণ । শুদ্ধ।
c ) মেগনেছিয়াম হাইড্রক্সাইড এছিড প্ৰতিৰােধী ঔষধ হিচাপে ব্যৱহৃত হয় । অশুদ্ধ।
d ) ছালফিউৰিক এছিড হ’ল জৈৱ এছিড । অশুদ্ধ।
e ) এবিধ খনিজ এছিডৰ উদাহৰণ হ'ল নাইট্রিক এছিড । শুদ্ধ।
5. চমু উত্তৰ লিখা :
a ) সূচক কাক বােলে ? এটা উদাহৰণ দিয়া ।
উত্তৰঃ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুওৱা পদাৰ্থই হ'ল সূচক। হালধী হৈছে সূচকৰ উদাহৰণ।
b ) জৈৱ এছিড কি ? দুবিধ এনে এছিডৰ নাম লিখা ।
উত্তৰঃ জৈৱিক এচিড হৈছে এচিডিক গুণাগুণথকা এক জৈৱিক যৌগ।
দুবিধ জৈৱিক এছিড হ'ল-নেমু (চাইট্ৰিক এচিড), ভিনেগাৰ (এচিটিক এচিড), ।
c ) মাখন , দৈ আৰু ভিনেগাৰৰ সােৱাদ কিয় টেঙা ?
উত্তৰঃ মাখন, দৈ আৰু ভিনেগাৰৰ সোৱাদ টেঙা কাৰণ- ইয়াত লেকটিক এছিড থাকে।
d ) ক্ষাৰকৰ সংজ্ঞা লিখা । এটা উদাহৰণ দিয়া ।
উত্তৰঃ যিবোৰ বস্তুৰ সোৱাদ তিতা তাত এছিড নাথাকে সেইবাবে এইবোৰ ক্ষাৰক প্ৰকৃতিৰ হয়। নিমপাত হৈছে ক্ষাৰকৰ এটা উদাহৰণ।
E ) লৱণ কাক বােলে ? তােমাৰ ঘৰত থকা দুবিধ লৱণৰ নাম লিখা ।
উত্তৰঃ আচলতে এছিড আৰু ক্ষাৰক মিহলালে ৰাসায়নিক দ্ৰব্য উৎপন্ন হয় ইয়াক লৱণ বোলে। দুবিধ লৱণ হৈছে নিমখ আৰু খোৱা ছ'ডা।
f ) তোমাৰ ঘৰত ক্ষাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখা ।
উত্তৰঃ হালধী, আৰু চূণপানী।
g ) তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ , চুণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে । এখন ৰঙা লিটমাছ কাগজেৰে এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ?
উত্তৰঃ তিনিটা পৰীক্ষানলীত যথাক্রমে নেমু ৰসৰ দ্ৰৱ , চুণ পানী আৰু নিমখৰ দ্ৰৱ দিয়া আছে। এই দ্ৰব্য বোৰৰ চিনাক্ত কৰণ-
নেমুত এছিড থাকৰে গতিকে নেমুত দিয়া লিটমাছৰ ৰং ৰঙা হ'ব।
চূণপানী ক্ষাৰক প্ৰকৃতিৰ বাবে ইয়াত দিয়া লিটমাছৰ ৰং ৰঙা নহয়।
নিমখ এবিধ লৱণ বাবে ইয়াত দিয়া লিটমাছৰ ৰং ৰঙা নহয়।