মুখ্য পৃষ্ঠা..

অসমীয়া ই-সাহিত্য জগতত আৰু এক সংযোজন "নতুন জোনাকী" ৷ ই আমাৰ এক বিনম্ৰ প্ৰচেষ্টা অসমৰ উদীয়মান লেখক-লেখিকা সকলক সাহিত্যসেৱাৰ পথেৰে আগবাঢ়ি যোৱাত কণমানি অৰিহণা যোগোৱাৰ৷

আদাবাৰী (গুৱাহাটী)
চাওঁতে চাওঁতে গুৱাহাটী হৈ পৰিল এক কংক্ৰিটৰ অৰণ্য৷ জধে-মধে খাল-বিল পুতি সু-উচ্চ অট্টালিকা গঢ়ি তোলা হ'ল৷ এজাক সাধাৰণ বৰষুণতে কৃত্ৰিম বানপানীত জীয়াতু ভুগিবলৈ আৰম্ভ কৰিলে গুৱাহাটীৰ ৰাইজে৷
প্ৰবল ভূমিকম্পত হ'ব পৰা পৰিস্থিতিৰ সম্মুখীন হ'বলৈ আমি বাৰু সাজুনে?

এটি এৰাব নোৱাৰা প্ৰশ্ন৷


সম্পাদকৰ বাছনি:

বাল্মীকি/অগস্ত্য বৰুৱা                              

জ্ঞানৰ সাগৰত ডুব দি
কোন আহিলা তুমি দ্বিজৰাজ

অন্ধকাৰ কোঠালিত বোকাত লেটি লৈ
সুৰামত্ত অৱস্থাত তোমাক দেখা মনত পৰে

ৰঙাঘৰত লগ পাওঁতে
তোমাৰ কাহিনী শুনা মনত পৰে

তোমাৰ অস্ত্ৰাঘাটত আহত সেই মানুহজন
আজি শয্যাগত

তুমি দেউলীয়া কৰা মালিকজনে
আত্মহত্যা কৰা বহুদিনেই হ'ল

কোনখন জ্ঞানৰ সাগৰত
ডুব দি আহিছা তুমি

হে দ্বিজৰাজ !

তোমাৰ আগৰ ৰূপহে
দেখোন মোৰ মনত পৰে

সঁচাকৈয়ে হ'ব পাৰিবানে তুমি বাল্মীকি !!

                                                অগস্ত্য    

এই সংখ্যাত আছে     

গল্প:
নীলাঞ্জনা মহন্তৰ এনাজৰী, মৌচুমী দাসৰ বন্ধুত্বৰ এনাজৰী, দাদুল ভূঞাৰ বিচ্ছিন্নতাবাদী সমাজ

ৰহস্য গল্প:
যুগল চন্দ্ৰ বৰাৰ বিষাল বৃক্ষৰ ছায়া

কবিতা:
দীপাঙ্কৰ পাঠক, নিতুল পাটোৱাৰী, ইমৰাণ হুছেইন আল আমীন,কংকণা বৰুৱা, নয়নমণি ৰাজবংশী, কৌশিক বাস্যস, আকাশ কাশ্যপ

অনুভৱ:
দিগন্ত কুমাৰ ভট্টাচাৰ্যৰ টেলিভিছন, মন্টু কুমাৰ ডেকাৰ আমি অসমীয়া

অণুগল্প:
নয়নমণি ৰাজবংশীৰ মঙলতি ভূত , ডঃমাখন লাল দাসৰ ভৱিষ্যত

অনুবাদ:
প্ৰতিভূ দত্তৰ দ্বাৰা অনুদিত সঞ্জয় বুজৰবৰুৱাৰ মাজনী, ডঃ মাখন লাল দাসৰ দ্বাৰা অনূদিত ৰাফত আলমৰ কবিতা