বাটচ'ৰাতে

কিছুমান কথা মনত ৰৈ যায়, পাহৰো বুলিও পাহৰিব নোৱাৰি৷অতীতলৈ উভটি চালে তেনেকুৱা বহুতো কথাই মনলৈ আহে৷ কিছুমান হয়তো খুব ব্যক্তিগত, আনৰ আগত ক'ব নোৱাৰি৷ কিন্তু ক'ব পৰা সকলোবোৰ কথাও হয়তো ভাষাৰে সজাই-পৰাই তুলিবলৈ সময়ৰ অভাব৷ তথাপি মনত পৰা দুই-এটা কথা লিখি পঢ়ুৱৈ সকললৈ আগবঢ়াই দিছো৷

শেনচোৱা (নগাওঁ) ৰ পৰা, তিতাবৰ, শ্বিলং, বৰপেটাহৈ কটন কলেজ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত সোমাই আই আই টি মাদ্ৰাজ, আই আই টি দিল্লীত পদাৰ্পণ কৰি পুনৰ ঘূৰি আহিছো অসমলৈ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ৷


ডঃ মাখন লাল দাস
আবুৰোড
ৰাজস্থান